Showing posts with label Moukuhi Saikia. Show all posts
Showing posts with label Moukuhi Saikia. Show all posts

Friday, 16 December 2016

পথিক---এক প্ৰত্যাশাৰ - Moukuhi Saikia

পথিক---এক প্ৰত্যাশাৰ ---------------------- --------------------- হাউলি পৰা মেঘজাকৰ তলৰে পাহাৰৰ দাঁতিৰ ঠেক লুংলুঙীয়া বাটটোৰে চাপৰি চাপৰি চুটি চুটি খোঁজৰে কোঁওট কোঁটাই চাপৰ বুঢ়ী মানুহ এজনী গৈ আছিল----- পিন্ধনত জৰাজীৰ্ণ এযোৰ ধূসৰ ৰঙী সাঁজ উদং দুভৰিত বনৰীয়া ফুলৰ কাঁইটৰ আঁচোৰ ফঁটা গোৰুহাত পাহাৰীয়া ৰঙা মাটিৰ মোহৰ--- বাটটোৰ দুয়োকাষৰ জলাশয়ৰ দাঁতিত বগা ফামিফুলৰ সৰু সৰু জোপোহাবোৰ জকমকাই ফুলি আছিল------ বুঢ়ী মানুহ জনীয়ে সেইবোৰলৈ চোৱা নাছিল ---- তেওঁৰ মূৰৰ ঠিক ওপৰেদিয়েই জাক হেৰুওৱা পখী এটিয়ে বিনাই গৈছিল, তেওঁ তালৈ মন নিদিলে--- হঠাৎ কিনকিনিয়া বৰষুণ এজাকে তিয়াই পেলাইছিল তেওঁৰ শৰীৰ , পিছল হৈ পৰিছিল ভৰি তলৰ মাটি , তেওঁ কিন্তু থমকি নৰ'ল--- মূৰৰ পাতল আস্বাদন খন ঠিক কৰি দুভৰিৰ বুঢ়া আঙুলিত খুপনি দি চুটি চুটিকৈ তেওঁ খোজ কাঢ়ি গৈয়ে থাকিল, পিঠিত বোৱাৰী পুৱাৰ কুঁজ এটি লৈ--- কুঁজটোৰ সতে বুঢ়ী মানুহজনীক বৰ কুৎসিত দেখাইছিল -- খোজ কাঢ়ি কাঢ়ি এসময়ত মানুহ জনী ভাগৰি পৰিছিল, তেওঁ কিন্তু জিৰোৱা নাছিল----- অবিৰত ভাবে তেওঁ গৈয়ে থাকিল। বুঢ়ীমানুহজনী গৈয়ে থাকিল সেইটো বাটৰে, যিটো বাটৰ শেষত সৰিয়হ ফুলৰ বাগিছা এখনৰ মাজত সোণালী জোনটো শুই আছিল ।

Tuesday, 29 November 2016

বাটৰুৱা - Moukuhi Saikia

বাটৰুৱা--- ------------- পৰিচয় বিহীন ভাবে মোৰ পদুলি গৰকি তেওঁ সোমাই অহাৰ দিনা চোতাল ভৰি পাৰজাকে ৰুণ দিছিল--/ বৰঘৰ,ভড়ালৰ মূধচ ক'তোৱেই যে নাছিল অকনমান খালী ঠাই--/ ফাগুন বনতো পলাশ-শিমলুৰ জুইফুল ফুলিছিল--/ আলসুৱা মেঘৰ শুকুলা টুকুৰাবোৰে আকাশৰ বুকুৰ নীলাখিনি বিচাৰি উৰি ফুৰিছিল দিহিঙে দিপাঙে--- গধূলি ধূনাৰ মলমলীয়া সুগন্ধ এটা বিয়পি পৰোঁতেই মই দুভৰিত নূপূৰ পিন্ধিছিলো, পঞ্চসুৰী মূৰুলি বজাই কন্ঠত আবেগৰ জড়তা সানি দুভাগ নিশা তেওঁ বাৰু মোকেই মাতিছিল নিকি সিদিনা? মইতো নহয় কামিনী কাঞ্চন কোনো দেবদুর্লভা--। বেৰৰ জলঙা সৰকি তেওঁৰ দেহৰ জোনাকবোৰ ছিটিকি-ছিটিকি অহাৰ পৰত, বুকুত আবেগৰ মেঠনি বান্ধি জুমি জুমি চায় শিয়ৰি উঠিছিলো-- এইয়াচোন মোৰেই প্ৰানৰ দেৱতা ---/ তেওঁ বুলি এদিন সন্ধ্যা তৰাটিকে বৰিলো--/ জোনাকৰ ওৰণি টানি জোনবাইক সাক্ষী কৰি জনম-জনমলৈ তেওঁৰ সতে গাঁথিলো লগন-গাঁথি----। ৰামধেনুৰ বুকুৰ ৰঙাখিনি আজুৰি সেওঁতা সজালো এদিন হঠাৎ---- তেওঁৰ উভটি যাবৰ হ'ল--। এজাক কৃষ্ণচূড়াৰ ৰঙত মোক ডুবাই পথাৰৰ আলিমূৰীয়া ওলমা বেলিটোৰ গাত গা ঘঁহাই বুকুৰ আমঠুত কজলা বৰণ সানি তেওঁ অহা বাটেই পুনৰ গ'ল উভটি----

Saturday, 26 November 2016

UNTITLED - Moukuhi Saikia

তেওঁ মোৰ ধুনীয়া কাপোৰ সাজৰ প্ৰেমত পৰিছে মখমলী কাপোৰ সাজৰ ধুনীয়া ৰংটোৱে তেওঁক বাৰুকৈয়ে মোহিত কৰে তেওঁ প্ৰায়ে মোলৈ ৰ' লাগি চায় আৰু সন্মোহিত ভাবেৰে কৈ উঠে, "কাপোৰ সাজেৰে তোমাক বৰ শুৱনি দেখাইছে সদায় এনেকৈয়ে ধুনীয়া হৈ থাকিবাচোন" মই সদায় তেওঁৰ বাবে নিজক সজাও সেউজীয়া ধুনীয়া কাপোৰ সাজেৰে কাপোৰ সাজৰ মসৃণতাই মোকো মোহিত কৰে অথচ মই জানো চিৰসেউজ মোৰ দেহত স্থায়ীত্ব বিহীন। কেতিয়াবা ভাৱো এদিন নিজক নগ্ন কৰি তেওঁৰ স'তে মুখামুখি হওঁ‌ যদিও প্ৰাসঙ্গিকতাত নগ্নতা মোৰ গ্ৰহণযোগ্য নহয় কিন্তু এইয়াটো চিৰন্তন সত্য--- যদি মোৰ নগ্নতাও তেওঁৰ বাবে হৈ পৰে সুন্দৰতাৰ প্ৰতীক আৰু তেওঁ কৈ উঠে, "আস্ এই অনিন্দ সৌন্দৰ্য্য ,ইমান সৌন্দৰ্য্যময়ী তুমি" মোৰ সেউজীয়া আবুৰতা খিনি বাৰে বাৰে তেওঁৰ বাবে অহমিকাৰ পৰিচায়ক হৈ উঠে আৰু মই, অভিমানৰ প্ৰাচীন আলোৱান এখন গায়ে-মূৰে উৰি তেওঁ নামৰ বৰষুণ এজাকত ওৰে ৰাতি তিতি থাকো হৃদয়খন সেউজীয়া হৈ উঠালৈ তেতিয়ালৈ হয়তো মই তেওঁক তাতেই পাওঁ‌ আৰু মই নিজে----মোক!!!!!.

Thursday, 24 November 2016

ঈশ্বৰপুত্ৰ আৰু মই - Moukuhi Saikia

ঈশ্বৰপুত্ৰ আৰু মই -------------------------------- সূৰুযৰ বাট কাটি যিটো পথেদি তেওঁ সোমাই আহিছিল মোৰ বুকুলৈ ইমানদিনে সেই বাট অন্ধকাৰ অস্পষ্টতাত ডুব গৈ আছিল । গৰখীয়া বাঁ‌হীৰ সুৰ এটিৰ দৰে ৰৈ ৰৈ বাজি উঠা বিষাদ এমোকোৰাই তুমৰলি দিওঁ‌তে যিদিনা মই কক্ষচ্যুত হৈছিলো, বৃত্তৰ পৰা বৃত্তৰ পৰিধি বগাই দীঘলীয়া হৈ উঠা তেওঁৰ প্ৰাৰ্থনাৰ সুৰবোৰে মোক জীৱন বিলাসী কৰি তুলিছিল---- মই যুঁ‌জিছিলো নীতিৰ বিৰূদ্ধে। তেওঁ দি যোৱা সুৰতে বন্দী হৈ সভ্যতাৰ ভগ্নস্তূপত থিয় দিওঁ‌ এক স্থিতপ্ৰজ্ঞৰ দৰে প্ৰাপ্তিৰ আকাংক্ষাত উদ্বাউল হৈ উঠা মইয়েই সেই চিৰ প্ৰবাহিনী নদী আৰু তেওঁ মোৰ অন্তহীন প্ৰেমৰ পৰম আকাংক্ষিত ঈশ্বৰপুত্ৰ।

Monday, 21 November 2016

UNTITLED - Moukuhi Saiki

কেইটা মান কবিতাৰ স্তৱক ------- ক'ত যুগ ধৰি নীৰৱ হোৱা অহল্যাক পানীপচনাত পুতি কটাও এহেজাৰ উজাগৰী ৰাতিৰ ধূন জাপ খোৱা দুচকুৰ পতাত আকণ্ঠ ডুবি পান কৰোঁ তেওঁৰ নিস্তৰংগ ওঁ‌ঠৰ এটি এটি শাৰদীয় জোন। ******** শীতৰ শেষত উফন্দি উঠা এখন বৰ্ষাৰণ্য গৰকি যেতিয়া উশাহত বাঢ়ি আহে প্ৰতিটো উত্তপ্ত অভিসাৰিকা ৰজনী কাণ পাতি তেতিয়াও শুনো শাৰী শাৰী পাহাৰীয়া সৰলৰ ফাঁ‌কেৰে সৰকি অহা কহুঁ‌ৱা বনৰ সুহুৰি। ******** শুই থকা বন হৰিণীজনীক হেঁ‌চুকি নিচুকাই দুহাত মেলিও যেতিয়াই সামৰি থওঁ‌ বুকুতে হামখুৰি খাই পৰা চৌপাশৰ চঞ্চল সেউজীয়া পাহাৰ, তন্দ্ৰালিপ্সা অনুৰাগত কেঁ‌কাই উঠা হাজাৰ ডাল উটনুৱা কেকোঁ‌সাপ চুই আপাহতে ওপঙি ফুৰে কুঁ‌ৱলীৱে ঘেৰি ধৰা অসংখ্য অশৰীৰী মৃতকৰ কবৰ। ****** আঙুলি চপাই ক'ত ৰুই থওঁ নিফুট বুকুৰ কিৰীলি কামচৰাইৰ হালধীয়া ঠোঁ‌টত সেন্দুৰ গুজি শিলবোৰে সাৰ পোৱা হেতেঁ‌ন সমাগত হ'ল হয় শতযুগৰ সেই অতৃপ্ত লগন এই যেন খুঁত মাৰিলেই বুলবুলিৰ বুকু ভেদি বৈ যাব ঠাহ খাই থকা বুকুৰ নাঙঠ পাহাৰখন ।

Sunday, 20 November 2016

UNTITLED - Moukuhi Saikia

Moukuhi Saikia জোন গলি জৰায়ু জোনাক হোৱা পথাৰৰ ৰাতি উচুপনিতে পাৰ হয় উশাহৰ ইকাতি সিকাতি ---- চুও বুলিও চুব নোৱাৰা এধাৰ মুকুতা মনি এই যেন বাগৰ সলালেই হেৰায় যাব দুচকুৰ পতাত ফুলি থকা নিশ্বাসৰ কুঁ‌হুমীয়া জোন এটি।

Wednesday, 16 November 2016

মই তোৰ পদুলিত ফুলিম ওৰে ৰাতি এপাহ শেৱালি হৈ - Moukuhi Saikia

মই তোৰ পদুলিত ফুলিম ওৰে ৰাতি এপাহ শেৱালি হৈ °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° ককাইটি অ' উঠচোন উঠ সেইয়া শুনিছনে নৈখনে এতিয়াও ৰৈ ৰৈ উচুপি আছে আউসী নিশাৰ কবৰ খন্দা জোনকী জাক দেখিলেই নৈ খনে ৰাউচি জুৰিবলৈ ধৰে গধূলি হ'লেই জোনটো কিয় নামে ককাইটি নৈ খনৰ বুকুলে? শুনিছনে,,, কালি বোলে নৈ পৰীয়া চিৰাল ফটা দিয়া পকা চপৰাত পুৰণি আপং গিলি দুপৰীয়া এটাই লুটি খাই মৰি আছিল মাছৰোকা এটাই চোঁ‌ মাৰি আহি হাড়ৰ মজ্জাৰ পৰা মুগা বৰণীয়া ঘূণপোক এটা ধৰি নি গিলি থৈছিল ঘূণে ধৰা বুকুৱেদি খলখলাই বৈ গৈছিল কেঁ‌ছা তেজৰ সূঁ‌তি এটি। ককাইটি অ' উঠ চোন পুৱাৰ বতাহ ছাটি ব'বলৈ ল'লেই জোনটোও পশ্চিম আকাশত লুকালগৈ চাগে---- এতিয়া কি ঋতু ককাইটি শৰৎ নে হেমন্ত বতাহ জাকত সেইয়া শেৱালি ফুল নে হালধীয়া ঋতুৰ সুগন্ধ? শুনিছো,যোৱা ৰাতি উজনি ফালৰ পৰা উটি অহা জাঁ‌জী এটি নৈ-ৰ দৰিয়ঁ‌লিত লাগি ধৰিছিল হেনো জোনৰ পোহৰত চিকমিকাই উঠিছিল জাঁ‌জীৰ মাজডোখৰ তৰা বুলি উবুৰি খাই পৰিছিল উটনুৱা চগাৰ জাক এটি কোনে জানে কাৰ হাতৰ পৰশত ঠন ধৰি উঠিছিল শেৱালি। দৰিয়ঁ‌লিত জীপ লোৱা জাঁ‌জী যোৱা বাটেই উটি গ'ল কাৰ বুকুৰ শেৱালি কাৰ বুকুত বা জাহ গ'ল? তেতিয়াৰ পৰাই নৈ খনে কান্দিবলৈ লৈছিল---- ককাইটি অ' জোন মৰি জোনাক হোৱা ৰাতি এটাত মইও ফুলিম তোৰ বুকুত এপাহ শেৱালি হৈ ৰাতি ফুলা শেৱালি জাকৰ এপাহ থ'বি তোৰ বুকুৰ কোণত এপাহ দিবি ভগা নৈ খনৰ বুকুত বুকুৰ শেৱালি পাহ হৈ মই সংগোপনে ফুলিম তোৰ পদুলিত--- ওৰে ৰাতি,উজাগৰে-----।

Sunday, 13 November 2016

নাৰী - Moukuhi Saikia

::::নাৰী:::: যন্ত্ৰনাৰ জুইৰে বুকুৰ আমঠু পুৰাই চকুলোৰে শীতল কৰে তেওঁৰ উষ্ণ বুকুৰ আন্দোলন, সেউজীয়া গছৰ ছাঁ হৈ বুকুৰ অমৃতৰ ভাণ্ড লুটিয়াই তেওঁ মৰুভূমিত শিপাই । বুকুত সাতামপুৰুষীয়া এটি ভোক কঢ়িয়াই বঙহৰ মোহত নিজম নিশাবোৰত নাহৰৰ চোতালত তেওঁ উলংগ হৈ নাচে, লঘোনীয়া পেটৰ তাগিদাত। প্ৰিয়জনৰ এমুখ হাঁহিৰে প্ৰজ্বলিত হৈ দুওঠঁৰ মৌনতাৰে ঢাকি ৰাখে তেওঁ সপোনৰ সোঁৱণশিৰি । সপোন পুৰি ছাই হোৱা বুকুৰ তেজ লুকুৱাই তেওঁৰ ওঁঠৰ পদুলিত সূর্যমূখী ফুলাই । তেওঁৱেই নাৰী, তেজেৰে চকুলো বোৱাই আপোনজনৰ বুকু জুৰাই ।

Saturday, 12 November 2016

সোঁৱৰণি - Moukuhi Saikia

। । । সোঁৱৰণি । । । শীতৰ কুঁৱলীয়ে সিদিনা সম্পূৰ্ণকৈ ঢাকি ধৰিছিল মোৰ সৰু চহৰখন বৰফৰ মিহি-মিহি শুভ্ৰ গুৰিবোৰে মোৰ ঘৰৰ ছাঁদত বহি শীতৰ সতে ব্যস্ত হৈ পৰিছিল , অসংলগ্ন প্ৰেমালাপত-- দূৰৈৰ গীৰ্জাঘৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহিছিল স্তৱগীতৰ এটি সুমধুৰ সুৰ। মোৰ কৰ্ণকূহৰত আঘাত কৰি সেই সুৰথমকি ৰৈছিল দুখৰ কোনোবা এটি টিলাত--- ৰু-ৰুৱাই এজাক হিমচেঁচা বতাহ বৈ গৈছিল । সোঁৱৰণিৰ টোপোলাত আটোমটোকাৰিকৈ সোমাই থকা কলিজাটোক নিহালি তলৰ উমাল আমেজকনে সাৱতি ধৰিছিল, বৰ আলফুলে-- কাৰোবাৰ আকুল আহ্বানত সময়বোৰো স্থৱিৰ হৈ পৰিছিল। প্ৰচন্ড শীতৰ যন্ত্ৰনাৰে ভৰা সেই পুৱাটোতে এখন সেউজীয়া বৰ্ষাৰণ্যৰ আকাংক্ষাত মোৰ ওঁঠৰ পদুলিত তেওঁৰ আঙুলি বোৰ ৰুইছিল, কঁপা-কঁপা আঙুলিৰ পাবত পুৰাতন ৰোগ এটা বিয়পাই শৈশৱৰ ৰঙা বাটটোৱেদি নিগৰি অহা জীয়া -জীয়া গোন্ধ এটাত খৰতকীয়া হৈছিল এটি কেৰেলুৱা ৰাতিৰ জোনাক ।

Thursday, 10 November 2016

দুপৰ ৰাতিৰ জুই - Moukuhi Saikia

***দুপৰ ৰাতিৰ জুই *** শৱ'কটা মানুহ জনৰ বুকুতো আছিল লেচাং মিন্টু ফুলৰ থোপা এটা । পলকতে উশাহটো হেৰুওৱা ৰাতিটোক শুকাই কঢ়াল মৰা তেজৰ দাগ লগা, সময়ৰ কষটি শিলচটাত পেলাই টুকুৰা টুকুৰ কৰাৰ পৰত মানুহ জনৰ শুকান বুকুৱেদিও বগাই গৈছিল, এমোকোৰা পহ'ৰ ৰাতিৰ জোনাক । তেওঁ উমান পোৱা নাছিল তেওঁৰ হাতৰ চোকা খঙৰাৰ কোবত খাজ কটা শিলৰ বুকুখনৰ কথা । পাহাৰীয়া মেহেক হেনথুৰ কুমলীয়া ডালে আচ্ছন্ন কৰি ৰাখিছিল মানুহ জনৰ অন্তৰাত্মা । কুন্তৰীৰ জুইৰ পোহৰত হৰলাঙৰ মিঠা ৰাগী আৰু কিমুঙৰ সোৱাদ লোৱা মানুহ জনৰ দুচকুত জিলিকিছিল দুপৰ ৰাতিৰ একুৰা সৰিয়হ ফুটা জুই । লেচাং মিন্টুৰ জোপোহাটোলৈ চাই -চাই শৱ'বোৰ খণ্ডিত কৰোঁতে হৰলাঙৰ মিঠা জুইকুৰা মানুহ জনৰ বুকুলৈ বিয়পিছিল । বিষে থেকনেকীয়া কৰা বুকুখন খামুচি মানুহ জন এদিন ঢলি পৰিছিল শৱ''কটা প্ৰকাণ্ড শিলচটাত হাতৰ দা-খনে চুইছিল পাহাৰৰ নামনিৰ মাটি। শৱ'কটা মানুহ জন প্ৰশান্তিত শুই পৰিছিল, শিলচটাই ৰৈ-ৰৈ উচুপি আছিল । শিলচটাৰ উচুপনিত ইংহিন আবিৰৰ জোপোহা এটাৰ আঁৰত খকমকাই উঠিছিল দেওঁহাঁহৰ জাক এটা, দূৰৈত জ্বলি আছিল দুপৰ ৰাতিৰ দপদপীয়া জুই একুৰা।

Monday, 7 November 2016

তেওঁ মোৰ প্ৰিয় নাৰী - Moukuhi Saikia

তেওঁ মোৰ প্ৰিয় নাৰী *********************** শৈশৱৰ ওমলা ঘৰৰ আলসুৱা সপোনবোৰক জীৱন যুদ্ধৰ কঠোৰ পৰীক্ষাগাৰত পৰ্য্যবেক্ষণ কৰি কৰি তেওঁ গঢ় দি লৈছিল এটি আপোনবিহীন ব্যক্তিত্বক// যান্ত্ৰিক জীৱনৰ অপৰিপক্কতাৰ যন্ত্ৰনাবোৰক গুপুতে গিলি তেওঁ নীলকন্ঠী হ'ব শিকিছিল// অপৰিসীমিত শোকগাথাৰে তেওঁ তৈয়াৰ কৰি লৈছিল এটি অভেদ্য আবেস্তনী// চুলিৰ জঁটাত বন্দী কৰি ৰাখিছিল তেওঁৰ সুখ,দুখ আৰু চকুলোবোৰ// তেওঁৰ দুচকুৰ আবেদনত সিক্ত হৈ উঠে মোৰ হৃদয়ৰ নীলাভ নদীখন// সন্ধিয়া বেলিয়ে উপহাৰ দিয়া ৰঙা চাদৰখন মেৰিয়াই গধূলি যেতিয়া নদীখন গৰ্ভৱতী হ'ব ধৰে, তেওঁৰ অস্তিত্বৰ সন্ধানত মই তেতিয়া ডুব যাওঁ তেওঁৰ নিভাঁজ বুকুৰ নীলা কবিতাডৰাত// মই প্ৰেমত পৰো, সাগৰতলিত শুই থকা হিমালয় সদৃশ তেওঁৰ গহীন মনটোৰ // অনুভূতিৰ জলঙাৰে জুকিয়াই চাব খোজো শৰতৰ নিয়াৰ সৰা দুৱৰি গচকি-গচকি সেউজীয়া হৈ হেমন্তত হালধীয়া হোৱা তেওঁৰ আবেগখিনিক // এবাৰ মোৰ বুকুৰে খুটিয়াই চাব খোজো তেওঁৰ সাহসখিনিক; মানসিকভাৱে কিমান দৃঢ় হ'লে বিগ্ৰহৰ দুচটা প্ৰকান্ড শিলৰ ফাঁকত অনুভূতি প্ৰৱণ তেওঁৰ কোমল মনৰ ভয়খিনিক লুকুৱাই তেওঁ প্ৰেমত পৰিব পাৰে লঠঙা শীতৰ// যুঁজ দিব পাৰে উভটি বলা বতাহজাকৰ বিৰুদ্ধে// তেওঁ মোৰ প্ৰিয় নাৰী, মই অনুসৰন কৰোঁ তেওঁৰ চিন্তা আৰু চেতনাক-- মই শ্ৰদ্ধা কৰোঁ তেওঁৰ স্বাধীন চিতীয়া সত্বাক--- তেওঁ মোৰ নিসংগতাৰ এক চেতনাস্ৰোত বোধিদ্ৰুম// তেওঁ মোৰ প্ৰিয় নাৰী ///