। । । সোঁৱৰণি । । ।
শীতৰ কুঁৱলীয়ে সিদিনা সম্পূৰ্ণকৈ ঢাকি ধৰিছিল
মোৰ সৰু চহৰখন
বৰফৰ মিহি-মিহি শুভ্ৰ গুৰিবোৰে
মোৰ ঘৰৰ ছাঁদত বহি
শীতৰ সতে ব্যস্ত হৈ পৰিছিল ,
অসংলগ্ন প্ৰেমালাপত--
দূৰৈৰ গীৰ্জাঘৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহিছিল
স্তৱগীতৰ এটি সুমধুৰ সুৰ।
মোৰ কৰ্ণকূহৰত আঘাত কৰি
সেই সুৰথমকি ৰৈছিল
দুখৰ কোনোবা এটি টিলাত---
ৰু-ৰুৱাই এজাক হিমচেঁচা বতাহ বৈ গৈছিল ।
সোঁৱৰণিৰ টোপোলাত আটোমটোকাৰিকৈ সোমাই থকা কলিজাটোক
নিহালি তলৰ উমাল আমেজকনে
সাৱতি ধৰিছিল,
বৰ আলফুলে--
কাৰোবাৰ আকুল আহ্বানত
সময়বোৰো স্থৱিৰ হৈ পৰিছিল।
প্ৰচন্ড শীতৰ যন্ত্ৰনাৰে ভৰা সেই পুৱাটোতে
এখন সেউজীয়া বৰ্ষাৰণ্যৰ আকাংক্ষাত
মোৰ ওঁঠৰ পদুলিত
তেওঁৰ আঙুলি বোৰ ৰুইছিল,
কঁপা-কঁপা আঙুলিৰ পাবত
পুৰাতন ৰোগ এটা বিয়পাই
শৈশৱৰ ৰঙা বাটটোৱেদি
নিগৰি অহা জীয়া -জীয়া গোন্ধ এটাত
খৰতকীয়া হৈছিল
এটি কেৰেলুৱা ৰাতিৰ জোনাক ।
No comments:
Post a Comment