Showing posts with label Juli Saikia. Show all posts
Showing posts with label Juli Saikia. Show all posts

Wednesday, 11 January 2017

পণ্য -Juli Saikia


।। পণ্য ।।
প্ৰতিযোগিতাৰ নামত বিজ্ঞাপণৰ চমক
চৌপাশে লাহ - বিলাসৰ জীৱন ।
নানাজনৰ লগত হলিগলি কৰি
হে স্বল্পবস্ত্ৰ পৰিহিতা নাৰী !
তুমি এই প্ৰতিযোগিতাৰ পণ্য
কোনেও নকৰে তোমাক গণ্য ।
ওৰণি গুচাই স্বল্পবস্ত্ৰৰে
চাৰ্কাছৰ বহুৱাহে ।
আধুনিকতাৰ বন্যাত উটি
আদিম বৰ্বৰ যুগলৈ
পুনৰ ধাৱমান এই গতি ।
তুমি নিজেই তোমাৰ শত্ৰু
আনক দোষাৰোপ নকৰিবা ।
মনত ৰাখিবা .....
---------------"দেহৰ বাবেহে পোছাক
পোছাকৰ বাবে দেহ নহয় ।---------------""
------------------------------------✍ জুলী শইকীয়া ।
১০/০১/২০১৬
----------------------

Thursday, 5 January 2017

চিন্তন-Juli Saikia


*** চিন্তন***
"প্ৰকৃত প্ৰেম বৰণহীন আৰু শব্দহীন"
নিশ্বাসৰ দৰে
নিশব্দে বিচাৰি ফুৰে
শব্দ , বৰ্ণ আৰু পোহৰৰ উৎস।
ই হৃদয়ত হে দস্তক দিয়ে,
শৰীৰত নহয় ।।
********************✍ জুলী শইকীয়া ।
০২/০১/২০১৭
**************

বাস্তৱ-Juli Saikia


।। বাস্তৱ ।।
মই জানো !
বৈ আছে নদী
নিৰবধি,
সলাব নোৱাৰো
তাৰ গতি ।
মনে মনে আহিছা- গৈছা,
অভিমানেৰে
হৃদয় ভৰাইছা ।
দেখিও - নেদেখা এটি সুঁতি,
অনুভৱ কৰিছো অতি ।।
*********************** ✍ জুলী শইকীয়া ।
০২/০১/২০১৭
**************

Monday, 2 January 2017

বেদনাৰ অমানিশাত - Juli Saikia

।। বেদনাৰ অমানিশাত।। ************************************* মোৰ হৃদয়ৰ হাঁহিৰ প্ৰত্যাশা আজি ! হেৰাই গ'ল । অপেক্ষাৰ প্ৰতিটো উজাগৰী অমানিশাত..... মোৰ জীৱন পথৰ সঙ্গী নিয়ঁতীজনীও ! ক'ৰবাত হেৰাই গ'ল । হয়তো তাই ! নতুন প্ৰেমিকৰ সন্ধান পাইছে , নতুবা তাইৰ পুৰণি প্ৰেমিকৰ মৃত্যু হৈছে । মোৰ চাৰিওফালে বিৰাজমান নিস্তব্ধতাত ! বেদনাত যেতিয়া মই উচুপিছিলো আৰু হতাশাত ভাঙি পৰিছিলো তেতিয়া তাই ! মোৰ বাবে আছিল প্ৰেৰণাৰ একমাত্ৰ উৎসস্থলী। আজি মই অকলশৰীয়া !! নাজানো মই ! এতিয়া কি কৰিম ? আনন্দৰ উৎসৱ পাতিম নে ক'লা কাপোৰ পৰিধান কৰিম ??? ***************************** ✍ জুলী শইকীয়া । ২৮/১২/২০১৬ ******************

Tuesday, 27 December 2016

আবেগ,অনুভূতি এইয়াই হয়তো-Juli Saikia



কওঁ বুলিয়েই
কব নোৱাৰি দেখোন
হৃদয়ৰ কথাবোৰ
বিষাদৰ ভাষাবোৰ
লৈ ফুৰা বেদনাবোৰ ।
### আবেগ ###
বুজাম বুলিয়েই
বুজাব নোৱাৰি দেখোন
অন্তৰৰ অনুভূতিবোৰ
সেউজীয়া অনুভৱবোৰ
মৰম অভিমানবোৰ ।
### অনুভূতি ###
ধৰি ৰাখিম বুলিয়েই
ধৰিব নোৱাৰি দেখোন
পাৰ হৈ যোৱা সময়বোৰ
কৈ যোৱা কথাবোৰ
বৈ যোৱা বতাহবোৰ ।
#### এইয়াই হয়তো ####
আবেগ - অনুভূতিৰ
মুক্ত প্ৰকাশ ।
সময়ে কৰে
তাৰ হিচাপ ।।
#### সেই বতাহজাকে ####
মোকো চুই গ'ল
নকওঁ বুলিও
সকলো কৈ গ'ল ।।
_________________✍ জুলী শইকীয়া ।
২৬/১২/২০১৬
****************
LikeShow More Reactions
Comment

Thursday, 22 December 2016

মোৰ সপোনৰ গাওঁখন-Juli Saikia

।। মোৰ সপোনৰ গাওঁখন ।।
এই গাঁও মোৰ বুকুৰ আপোন
য'ত আহি মই জনম ললো ,
শৈশৱ - কৈশোৰ পাছলৈ ঠেলি
ন- জীৱনৰ পাতনি মেলো ।
লুইতৰ পাৰত সঁচা জীৱনৰ
নৱ- যৌৱনৰ কবিতা লিখো ,
ঝাৰণি- ঝাৰণি বননিত বহি
প্ৰিয়ৰ ছবি হিয়াত আকোঁ ।
কোমল কঠিয়া কোমল বোকাৰ
গোন্ধে আহি মোক আমনি কৰে ,
ৰ'দ মিহলোৱা মিঠা বতাহত
ৰিহাৰ আঁচল ৰঙত উৰে ।
নতুন জীৱনৰ বাসনা বান্ধি
পথাৰত নামে কৃষক দল ,
ভঁৰাল - ভঁৰাল সোণালী সপোনে
বুকুত বান্ধে সাহস বল ।
হাতত এচাৰি কান্ধত নাঙল
কৰ্মঠ ডেকা পুৱাতে যায় ,
প্ৰেমেৰে সিক্ত চকুৰে তাৰ
মানসী প্ৰিয়াক বিচাৰি চায় ।
পথাৰৰ আলিৰ কোমল বোকাত
থৰক-বৰক প্ৰিয়াৰ খোজ ,
বুকুত তাইৰ আদিম আশা
চকুত তাইৰ গভীৰ মোহ ।
সৃষ্টিকাৰিণী নাৰীৰ আশাই
শস্য পথাৰ সেউজ কৰে ,
পৱালি আঙুলিৰ উমাল পৰশে
লেহুকা কঠিয়া সঁজাল ধৰে ।
বহু বৰণীয়া ছবিৰে ভৰা
এইখনি মোৰ চেনেহী গাওঁ ,
দূৰতে থাকক আকাশী সৰগ
মৰমী মৰত যদিহে গাওঁ ।
_____________________✍ জুলী শইকীয়া ।
২১/১২/২০১৬

প্ৰতিবিম্ব -Juli Saikia



।। প্ৰতিবিম্ব ।।
মোৰ পঁজাৰ উৰুখা চালেদি
সোমাই আহে ফাগুনৰ আবিৰ সনা
এচাটি মৃদু মিঠা চঞ্চল বতাহ !
পদুলিৰ মধুৰী জোপাৰ পৰা আহে
কিছুমান অনামী চৰাইৰ
কিচিৰ - মিচিৰ গান ।
মন-গহনৰ কোনোবা জীপাল ঠাইত
ৰৈ ৰৈ বাজিব খোজে
জনা -নজনা , চিনা -নিচিনা
অনুভূতিৰে উতলা
অবিৰাম সুৰ সমলয় ।
তেতিয়াই মন দাপোণত
প্ৰতিবিম্ব হয়
জ্বলি থকা এজুৰি চকু
গভীৰ নীলা সজল ।
____________________✍ জুলী শইকীয়া ।

প্ৰতাৰণা-Juli Saikia

।‌।‌প্ৰতাৰণা।‌।‌
এজাক কোবাল ধুমুহাই
হৃদয়ত.....
প্ৰৱেশ কৰিছিল ,
হৃদয়ৰ দুৱাৰ ভাঙি
ক্ষন্তেকতে....
চুৰমাৰ কৰিছিল ।‌
সোঁ-সোঁ বতাহৰ কোবে
প্ৰতিটোপাল তেজত
ক্ৰিয়া কৰিছিল ,
স্থিৰ প্ৰাণটো
মুূহূৰ্ততে.....
চঞ্চল হৈ পৰিছিল ।‌
দেহৰ ৰন্ধ্ৰে - ৰন্ধ্ৰে
শিহঁৰণ
অনুভৱ কৰিছিলো ,
বিচাৰ-বুদ্ধি সকলো
হেৰুৱাই......
অদৃ্শ্যলৈ উৰা মাৰিছিলো ।‌
স্বপ্নৰ মায়াজাল খুলি
যেতিয়া
সাৰ পাইছিলো ,
মই কাৰোবাৰ দ্বাৰা
সচাঁকৈয়ে......
প্ৰতাৰিত হৈছিলো ।‌
LikeShow More Reactions
Comment

Saturday, 17 December 2016

অশ্ৰুধাৰা - Juli Saikia

।। অশ্ৰুধাৰা।। এটুপি -দুটুপি কৈ মুকুতা সৰিছে , প্ৰেমেৰে সিক্ত অশ্ৰুধাৰা নিগৰিছে । ধ্বংসকাৰী সৃষ্টিত আজি হৃদয়ৰ ....... এইটোপাল মৃদু অশ্ৰুৰ মূল্য নাই । মূল্য নাই.... অন্তৰ দগ্ধ কৰা কোনোবা প্ৰেমিকৰ বেদনাময় জীৱন । সময় নাই ..... উলটি চোৱাৰ যান্ত্রণা - তাড়নাৰে ভৰা প্ৰতাৰিত যৌৱন । আকাঙ্খিত প্ৰিয়াৰ স্বপ্ন সজল দুচকুতেই থাকিব , অশ্ৰুধাৰা বৈ বৈ শুকাই ..... কড়াল বান্ধিব । _________________✍ জুলী শইকীয়া ।

Saturday, 10 December 2016

নিয়ম-Juli Saikia



।। নিয়ম ।।
বহুজনে কয় ----
নিয়ম ভঙাটোও হেনো
এটি নতুন নিয়ম
সমাজৰ ।
মই কওঁ -----
নিয়মৰ মাজেদি চলাটোহে
প্ৰকৃত নিয়ম
কষ্ট হ'লেও--
জীৱনৰ ।
----------------------✍ জুলী শইকীয়া ।
LikeShow More Reactions
Comment

Saturday, 3 December 2016

স্বাগতম নতুন দিনক - Juli Saikia

।‌।‌স্বাগতম নতুন দিনক ! ।‌।‌

শীতৰ  কুঁৱলী ফালি
ফাগুনৰ আঁহে-আঁহে
অংকুৰিত হৈ উঠে
বসন্তৰ সুন্দৰ সোপান ।‌

আমি গৈ থাকো
পুৰণিক ঠেলি-ঠেলি
নতুনৰ তালে--তালে
সৌ সুদূৰৰ দিগন্তৰ ,
সেন্দুৰীয়া সপোনৰ ফালে ।‌

এটি-দুটি জ্ঞানৰ কণিকা
য'ত পাওঁ সিন্ধুৰ সন্ধান ।‌
সেইয়া যে আমাৰ প্ৰাপ্য় ,
আমি নৱজীৱনৰ অভিলাষী ,
অসীমৰ যাত্ৰী ।‌

সংঘাতৰ শাণিত অস্ত্ৰ
আমাৰ পথৰ পাথেয় হয় ।‌
সুন্দৰৰ আৱাহন
আমাৰ আমোঘ মন্ত্ৰ ।‌

পুৰণিৰ পথাৰত
নতুনৰ মালা গাঁঠি
আমি আগুৱাওঁ ,
আমি যে ......
নতুন মঞ্চৰ যাত্ৰী !!

______________________জুলী শইকীয়া ।‌

Sunday, 27 November 2016

।‌।‌ক'ত আছা বাৰু তুমি ?? ।‌।‌ - Juli Saikia

।‌।‌ক'ত আছা বাৰু তুমি ?? ।‌।‌ "জ্বলি-জ্বলি---গলি-গলি শেষ হৈ যোৱা, মমবাতি ডালৰ দৰেই--- মই যে হেৰাই যাম ! জীৱনৰ ধামখুমীয়াত ।‌।‌" ক'ত আছা বাৰু তুমি ?? মাথো এবাৰ আহি চোৱাহিচোন ! মোৰ হৃদয়ৰ--- ঘূণেধৰা খিৰিকীখনেৰে জুমি ।‌।‌ কলিজাত কত খলা-বমা---- চেকুৰা-চেকুৰি প্ৰেম ! খমলা বান্ধিছে ।‌ তথাপিও মই অপেক্ষাৰত ! সপোনৰ ৰ'দকাঁচিয়লিত বহি তোমাৰ হৈ---- তোমাতেই বিলীন হোৱাৰ, যাত্ৰা অব্যাহত ।‌ ____________________জুলী শইকীয়া ।‌

Friday, 25 November 2016

শূন্যতা ....-Juli Saikia


শূন্যতা ....
আনে কিছুপৰিমাণে হ'লেও আমাৰ শূণ্যতা পূৰাব পাৰে বুলি থকা ধাৰণাটো আচলতে ভুল । কোনেও কাৰো শূণ্য তাক পূৰাব নোৱাৰে । কোনো কাৰো বিকল্প হ'ব নোৱাৰে । সময়ত সকলো শূণ্য হৈ ৰয় ।
জীৱনত আমি যাক খুউব ভালপাওঁ , যাক পালে আমি সমগ্র প্ৰকৃতিৰ স্নিগ্ধতা অনুভৱ কৰিব পাৰিম বুলি ধাৰণা কৰো, তেওঁক পোৱাৰ পাছতো আমাৰ অভ্যন্তৰত "কিবা এটা ৰৈ যায় " --- এই "কিবা" টোক যদি কোনোবাই পূৰণ কৰিব পাৰে , তেতিয়াহে আমি কাৰোবাৰ সঁচা ভালপোৱা অৰ্জন কৰিছো বুলি ডাঠি ক'ব পাৰিম । কিন্তু মানুহ ইমানেই বিস্ময়কৰ প্ৰাণী যে এই " কিবা "টো কেতিয়াও পূৰণ হৈ নুঠে আৰু সেইবাবেই মানুহৰ অহোৰাত্ৰি সহচৰ হিচাপে কাষতে থাকি যায় অহৰ্নিশ শূন্যতা .......
শূন্যতা আৰু শূন্যতা ।।
LikeShow More Reactions
Comment

Sunday, 20 November 2016

।‌।‌ ঝংকাৰ ।‌।‌ - Juli Saikia

।‌।‌ ঝংকাৰ ।‌।‌ [১] গতিবিহীন এই যাত্ৰা ! নিষ্ফল হৃদয়ৰ.. আকুল বাৰ্তা ।‌।‌ [২] আবেগ অনুভূতিৰ ! আলফুল সৎকাৰ, তথাপিও উঠিল.. হৃদয়ত ঝংকাৰ ।‌।‌ [৩] নামহীন , ৰূপহীন আৰু পৰিধিবিহীন বিষণ্ণতা ।‌ ঠিক যেন ! প্ৰেমৰ দৰেই..... অপ্ৰাপ্তিৰ প্ৰাচুৰ্য্যতা ।‌।‌ _______________________জুলী শইকীয়া ।‌

Thursday, 17 November 2016

সময়ৰ দস্তাবেজ-Juli Saikia


।। সময়ৰ দস্তাবেজ ।।
(ক)
সময়ৰ সোঁতত ....
মানৱীয় সম্পৰ্কৰ ক্ষণ ভংগুৰতা ,
অতি বস্তুবাদী মানসিকতা ।
(খ)
অনতিক্ৰম্য মানসিক আৰু আবেগিক দূৰত্ব ,
সৰ্বোপৰি জীৱন আৰু সময়ৰ ....
সমাধাবিহীন সাঁথৰৰ গুৰুত্ব ।
(গ)
অব্যাখ্যেয় অলেখ ৰহস্য ,
কাচিৎ ঘূৰাই পোৱাৰ .....
সময়ৰেই প্ৰাচীৰ অলংঘ্য ।
(ঘ)
উভটি নহাৰ গানেৰে অভ্যস্ত ,
প্ৰাপ্তিৰ আঁচল টানি ....
স্মৃতিৰ দলিচাত...
সদায় পৰিপুষ্ট ।
______________✍ জুলী শইকীয়া ।
LikeShow More Reactions
Comment

Friday, 11 November 2016

অপেক্ষা - Juli Saikia

।। অপেক্ষা ।। তাইৰ আশা...... এবুকু আন্ধাৰৰ মাজত ক্ষুদ্ৰ এটি জোনাকী পৰুৱা । অন্ধকাৰেই চিৰলগৰী, অশ্ৰুৱেই তাইৰ জীৱন... কেতিয়াবা এমোকোৰা হাঁহি, সিও বিষাদৰ । প্ৰাণচঞ্চল মনটো কেতিয়াবা... উটি যাব খোজে, কিন্তু হঠাত কিবা ভাবি আকৌ থমকি ৰৈ যায় । থমকি ৰৈ যোৱাই জানো তাইৰ লক্ষ্য ?? স্নিগ্ধ জোনটোৱে তাইলৈ চাই হাঁহে, তাইক প্ৰতাৰণা কৰে । গভীৰ সাগৰৰ মাজত..... তাই এখন টুলুঙা নাও ! সিও বঠাবিহীন । ৰঙা-নীলা স্মৃতিবোৰ ক'লা হৈ পৰে , চকুৰ পানীবোৰ.... গোটমাৰি বৰফ হয় , কিবা এটা নোপোৱাৰ তাড়নাত... তাই চট্ফটাই থাকে , একুৰা ৰঙা-জুইত পৰা এটি চগাৰ দৰে । তন্দ্ৰামগ্ন যৌৱনটোক.... জোৰকৈ লৈ ফুৰিছে , জানিও নজনাৰ ভাও ধৰি । জীৱনৰ ৰংগমঞ্চত তাই ভাও দি গৈছে..... সুখৰ ভাও , হাঁহিৰ ভাও । ৰক্তাক্ত হৃদয়ৰ প্ৰতিটোপাল তেজ নীলা হৈ পৰিছে , তাইৰ অন্তৰত.... গ্ৰহণ লাগিছে । মহাশূন্য়ৰ বুকুৰ ..... কোটি-কোটি তৰাৰ দৰেই অপেক্ষাই তাইৰ সংগী !! কাৰ কাৰণে এই অপেক্ষা ! যাৰ কোনো অৰ্থ নাই...... নিসংগতাই তাইক জোকাই আছে , তথাপিও তাই জীয়াই আছে ।। কাৰ বাবে ?? কিহৰ বাবে ??? _____________________জুলী শইকীয়া ।

Wednesday, 9 November 2016

ভোকাতুৰ-Juli Saikia


"ভোকাতুৰ" NICELY EXPRESSED FEELINGS OF A CHILD IN POVERTY
নিশাৰ নীৰৱতাৰে আৱৰা
যৌৱন...
মৃত্যুৰ আৱৰণিৰ মাজত
জীৱন ...
দুখৰ চাপৰ অসহনীয় বোজা ,
উৰুখা চালৰ অকণমানি পঁজা ।
"নৈশব্দত হৃদয়ৰ হাহাকাৰ ...
কাগজত চিয়াঁহিৰে লিপিবদ্ধ চকুলো !"
চকুত যন্ত্ৰণাৰ অসহনীয় পোৰণি ,
বন্দী অন্তৰখনে
মুকলি হৈ...
ল'ব খোজে জিৰণি ।
মোক উপলুঙা নকৰিবা ।
অনুকম্পাও মোক নালাগে ,
যদিওবা মই !
ভোকত কাতৰ হোৱা ...
এটি কণমানি শিশু ।।
_________________________✍ জুলী শইকীয়া ।
LikeShow More Reactions
Comment

Thursday, 3 November 2016

মৰীচিকা-Juli Saikia



 'মৰীচিকা' THE MIRAGE OF EMOTIONS BY JULISAIKIA
                 ।। মৰীচিকা ।।
মৰূদ্যানৰ শীতলতা
প্ৰদান কৰি আছিলা ,
জীৱন ৰ'দত...
ছাঁ হৈ ।
কোনেও নজনাকৈ
এদিন হেৰাই গ'লা,
জীৱন মৰুৰ...
মৰীচিকা হৈ।।
___________________✍ জুলী শইকীয়া ।

LikeShow More Reactions
Comment

Wednesday, 2 November 2016

সুখতকৈ ...Juli Saikia


A MATHEMATICIAN'S SO HEART TOUCHING EXPRESSION OF FEELINGS. JULI SAIKIA HATS OFF TO YOU

সুখতকৈ ...
মোৰ দুখেই প্ৰিয় ।
যি মোক কিবা এটা
শিকাই যায় ,
হৃদয়ৰ মণিকোঠ
উচুপনিয়ে....
ধুৱাই যায় ।
__________________✍ জুলী শইকীয়া ।

Like
Comment