Wednesday, 23 November 2016

তৃতীয় লিংগ-পাৰ্থ প্ৰতিম কলিতা



তৃতীয় লিংগ
___________
ঋণস্বীকাৰ : মিনুৰেখা গগৈ
***********************
আমি কি?
জীৱনৰ জীয়া অভিশাপ
শব্দ ব্ৰহ্মাত্বৰ পাক লগা নষ্ট জোঁট ?
আমিও মানুহ
বুকুত ভাঁজত ঠাক ঠাক অকট্য সত্য
চুঙা বাদুলীৰ দৰে তাতেই ওলমো
অলিয়ে গলিয়ে
বিচাৰি ফুৰো বিচাৰি
ক'ত আছে আৰ'ৱান
আমাৰ এনিশাৰ প্ৰেমিক
আমাৰ স্বপ্নৰ চৌপাশত হেজাৰ দুঃস্বপ্ন
নগ্ন দুহাতত তিতা তিতা সময়
সময়ৰ বুকুত মঞ্চায়ন প্ৰতিদিন
হিংস্ৰ ভোকৰ তাণ্ডৱ নৃত্য
আইৰ পিয়াহ পি উমাল নোহোৱা দুওঁঠ আমাৰ
তাতেই লগাওঁ ৰঙা ৰঙা তেজ
বেনী গুঠা চুলিৰ ভাঁজত দুখৰ সমাধি
আজিকালি বাটৰ দেওঁলগা কুকুৰেও চিনি পোৱা হ'ল
লাজ নালাগে আজিকালি
অন্তৰ্বাসৰ ফিটা লগোৱাৰ পৰত
অস্থিৰতাক দমন কৰি দুহাত পাতি লওঁ
আপোনাৰ অনিচ্ছাৰ শুভ-ইচ্ছা
আমাৰ শৰীৰৰ হাড়ে হাড়ে
তেজৰ প্ৰতি কোণত অস্পৃশ্য বীজ
আমাক হিজিৰা নক'ব
আমি তৃতীয় লিংগী ।
✍�পাৰ্থ
LikeShow More Reactions
Comment

No comments:

Post a Comment