দুঃস্বপ্ন
------
> (ধনবৰ ভূঞা)
সেইদিনাবোলে ইয়াত এখন নদী নাছিল
যিদিনা আইয়ে শিৰত সেন্দুৰ লৈছিল,
...
আইয়ে শিৰত সেন্দুৰ লোৱা দিনা
আইৰ কোৱাৰিত তামোলৰ পিক নাছিল
নতুন ৰিহাখনত চিটিকনি পৰাৰ ভয়ত
সেপকে ঢুকিছিল,
শুভকামনাত চোতালখনো অতিষ্ঠ হৈছিল,
আইয়ে অভিমান কৰিছিল
জোনটো সেইদিনা ইমান দেৰিকৈ ওলাইছিল..
...
চিনাকি সুৰাৰ গোন্ধটো
আইৰ নাকত লাগিছিল
আইয়ে বুকুৰ বিষটো
মোলৈ ঠেলি দিছিল,
সেইদিনা হোমৰ তাপত
মোৰ বৰ গৰম উঠিছিল,
পিতাইয়ে কেৰাহিকৈয়ো
আইলৈ চোৱা নাছিল,
আইয়ে খঙতে
চুলি কেইডাল ওপৰলৈ তুলি লোৱা নাছিল,
আইয়ে যেতিয়া কান্দিছিল
সুৰাৰ গোন্ধটো মোৰো ঘিণ লাগিছিল..
….
মই ওপজাৰ দিনা
সকলোবোৰ ঢকঢকীয়া বগা হৈ আছিল
আইৰ ৰিহাখন..নদীখন..ঘৰখন..সকলোবোৰ..
মাথো সুৰাৰ গোন্ধটো নাছিল,
আইক সোধাত আইয়ে
আকাশৰ তৰাটো দেখুৱাই কৈছিল
“তৰাৰ দেশত বোলে সুৰা নাপাই
আৰু আমাৰ দেশৰ সুৰাপিক্তবোৰ
তৰাৰ খুব প্রিয়,
সেয়ে সোনকালে তৰাৰ দেশলৈ
মাতি পঠিয়াই"
খৰালিৰ এদিন
পথাৰখনৰ সিপাৰে আইৰ চকুপানী পৰিল,
সেই নিশা তৰাৰ উজ্জ্বলতা
জোনটোতকৈও বেছি আছিল..
...
সেইদিনাবোলে ইয়াত নদীখন নাছিল
যিদিনা আইয়ে শিৰত সেন্দুৰ লৈছিল...