অপেক্ষাৰ অন্ত এটা ফোন কলেৰে হৈছিল
ধোৱাচন্ন আকাশ এৰি ফৰকাল বতৰৰ বতৰা ল’বলৈ মন মেলিছিলো
তোমাৰ লচপচ খোজত কঁপিছিল
মোৰ সদাস্থিৰ বটবৃক্ষ
তোমাৰ পলাশী ফাগুণৰ উন্মুক্ত তুলাত
হেঁপাহবোৰ দৌৰি দৌৰি ধৰিছিলো মই,
আকাংক্ষাৰ পৰিচয়েৰে
তুমি দি যোৱা সুগন্ধি
আজিও কঢ়িয়াই সযতনে, মোৰ নাসিকাই
তোমাক আদিৰব গৈ হিৰণময়ী হাঁহিত বাগৰিছিলো মই
তোমাৰ মুঠি মৰা হাতত
মোৰ জীৱনে প্ৰতিৰক্ষাৰ বচন পাইছিল
স্পৰ্ষই ধমনীক সচেতন কৰে ,
তুমিও জানা
পিছে , মই হৈছিলো শংকামুক্ত আৱেগমধুৰ অস্তিত্ব
অনৰ্গল কথাৰ মাজতো মই যেতিয়া চাইছিলো তোমালৈ
তুমি জানো কি এক টোপনিৰ মায়াত মধুৰ সপোনৰ আৱেষ্টনীত !
আৰু মই চাই ৰৈ ব্ৰেক মাৰিব পাহৰিছিলো
ওচৰ চাপি আহোতেই যেতিয়া তুমি কঁপি উঠিছিলা
মই বুজিছিলো , তুমি যে ভাৱিছিলা --
বেদনাবোৰ ক’ত থ’ম বুলি!
তোমাৰ প্ৰতিটো শব্দকেইতো মই অনুসৰণ কৰিছিলো
মেজত থোৱা মুৰ , ছাটি-ফুটি কৰা শাৰিৰীক ভঙ্গীমা, আপাহতে শেষ কৰা মুহুৰ্ত
ৰৈ ৰৈ যেতিয়া বাজিছিল তোমাৰ সময়-সংকেতৰ ধ্বনি
তেতিয়ালৈ মইয়ো তো প্ৰস্তুত আছিলো
কামোৰটো এতিয়াও লাগি আছে আঙুলিত
বিষটো গৈ গৈ বুকু পায়
বাউলী চুলিবোৰক সযতনে ৰাখিবা
মোক দিগদাৰ কৰিবলৈ যে সিহত ব্যাকুল
আইচক্ৰীমৰ ঠাৰি ওলোৱা ওঁঠযুৰিয়ে মোক তাকেই কয়
অমৃতৰ সন্ধান আৰু বেলেগত কৰাতো অনৰ্থক
ভাগৰত দেখা তোমাৰ টোপনিয়ে মোক সদায় সকীয়াই
বিশ্ৰাম ল’ম নে অলপ
বৰ ভাগৰুৱা হৈ পৰিছো !!!!