( যোৱা সংখ্যাৰ পিছত --------)
দেউতাক ৰূমৰ পৰা ওলায় যোৱাত তাই পুনৰ উঠি গৈ ল’ক নকৰাকৈয়ে দুৱাৰখন জপায় দিলে । হে’ডবক্সত থোৱা মাহেকীয়া আলোচনী “সেউজী”খন হাতত লৈ তাই শুই দিলে। দুটামান পাত লুটিয়াওতেই তাই লিখি থকা “মেঘৰ নাচোন” শীৰ্ষক ধাৰাবাহিকখনত চকু পৰিল । “অ’হ !”---- তাই যেন স্বগতোক্তি কৰি উঠিল ! এৰা, তাইৰ তেতিয়াহে মনত পৰিল । নতুন খণ্ডটোৰ কামচোন তাইৰ আধৰুৱা হৈয়ে আছে । তাই মনতেই তাৰিখ গণনা কৰিলে আৰু ভাৱিলে , --- “হ’ব , হাতত আৰু দুদিন সময় উদ্ধৃত্তভাৱে আছে । যুগুত কৰি থোৱাখিনিকে কিছু সংবৰ্দ্ধন কৰি ফাইনেল টাচ্ছ দি পঠিয়াই দিম ।” ….. তাই পুনৰ দুটামান পাত লুটিয়ালে । নাই । ভাল নালাগিল তাইৰ । পৰিস্থিতিগত অস্থিৰতাই তাইৰ মনটোক পিন-আপ কৰোৱাব পৰা নাই। আলোচনীখন থৈ তাই ম’বাইলৰ ডাটা অন কৰিলে । টং টং কৈ কে’বাটাও হোৱাটছ এপ , এফ বিৰ ন’টিফিকেশ্যন আহিল । এই ম’বাইলটোও কেতিয়াবা হাঁড় কঁপোৱা জাৰৰ দিনত অহা সেমেকা বৰষুণজাক হৈ পৰে ! কিবা এটা চাম বুলিও চাব পৰা নহয়গৈ ! অৱশ্যে ভুলবোৰ তাইয়ে আদৰে । আদৰিম বুলি আদৰা ভুল নহয় । হৈ যায় । তাইৰ স্বাভাৱিক আকুলতাবোৰ তাইৰ অজ্ঞাতেই দূৰ্বলতাৰূপে নিৰ্ণীত হৈ যায়গৈ । …. একো নাচালে তাই , অ’ফ কৰি থ’লে ম’বাইলৰ ডাটা ।
চকু দুটা মুদি মৌচুমীয়ে ক্ৰমাৎ প্ৰিয় হৈ উঠা তাইৰ বিছনাখনত ভাৱনাই অৱশ কৰা শৰীৰটো এৰি দিলে । চকু মুদিছে যদিও তাইৰ সন্মুখত আংশিকভাৱে দৃশ্যায়িত হৈ গ’ল তাইৰেই জীৱনৰ অতীত দৃশ্যৰাজি । তাইৰ মনৰ দুৱাৰত বিভিন্ন প্ৰশ্নই প্ৰচণ্ড জোৰে টুকুৰিয়াব ধৰিলে । ----- “কি হৈছে মাকৰ ? কিয় ইমান খিঙখিঙীয়া হৈ পৰিছে দিনে দিনে তেওঁ ? মাকৰ মনত যেন কোনো বৰ্জনীয় আৱৰ্জনা হৈ পৰিছে তাই ! অভিশপ্ত অতীত এৰি পলে পলে নিজক গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰি থকা তাইৰ বৰ্তমানৰ ত্যাগখিনি কিয় মাকৰ চকুত নপৰে ? আউল লাগি লাগি আঁত হেৰাব খোজা তাইৰ জীৱনটোক সামৰি-সুঁতৰি দেউতাকেইতো তাইক ওভতায় আনিছিল । তেন্তে , কিয় তেওঁ অস্থিৰ পৰিছে ? সেইদিনা স্নাতকোত্তৰৰ অন্তিম ষান্নাসিকৰ ৰিজাল্ট দিবৰ দিনাও তেওঁ কৈ উঠিছে , -- “বি এড -চি এডৰ কথা ভাৱিব নালাগে আৰু । বিয়াৰ কথাহে ভাৱ । সময় ৰৈ নাথাকে । নাভাৱিবি , গাভৰু হৈ আছ বুলি । নাৰী-জীৱনত অতীত এৰি পলাব নোৱাৰিবি ।” দেউতা নাথাকিলে হয়তো কিবা কৈ দিয়া গ’লহেতেন সেইমুহুৰ্ততে ! দেউতাই কথাটো টানি লৈ গ’ল বুলিহে , ---- “তাইৰ কেছটো চিঙিব লাগিব । তেতিয়ালৈ একো কৰিব পৰা নাযাব ।" তাৰপিছতো তেওঁ ততালিকে কৈ উঠিছিল , "কিয় দ্বীপায়নেতো বিয়াৰ কথা কৈয়ে আছে ।" ............ সম্ভৱ হয় জানো আৰু তাত থকা !! বোবা বেদনা বুকুত লৈ নিজ ৰূমলৈ দৌৰাৰ বাদে কিবা উপায় থাকে জানো !! কিয় সকলো বুজিও নুবুজা হৈ পৰে ? কি এনে চৰম আশংকাই তেওঁক ক্ৰিয়া কৰিছে ? (.... আগলৈ ......)

No comments:
Post a Comment