ফটিকাৰ ৰাগী
কালি নিশা অলপ ফটিকা খাইছিলোঁ
ফটিকাৰ নিচাত তোমাক গালি পাৰিছিলোঁ
পাহৰিছিলোঁ তোমাৰ মৰম ভালপোৱা বোৰ।
সূৰুযৰ কিৰণ্
আকৌ নতুন প্ৰভাত
ভুল বোৰ ক্ষমা কৰিবা দেই বন্ধু।
বেলি ডুবিল
নিশা হ’ল,
আকৌ ফটিকাৰ ৰাগী
আকৌ আগৰ নিশাৰ পুণৰাবৃত্তি
বন্ধু বেয়া নাপাবা দেই,
বিশ্বাস ঘাটক, মিছলীয়া যে মই।
গৌতম, ২৪/১২/১৬