মোৰ আইৰ চকুত চকুলোঁ ....
দেউতা,
তোৰ আই মোৰ আইতা
আৰু
তোৰ নাতিনীৰ আইতা মোৰ আই.....
যদিও মোৰ ধমনিত প্ৰবাহিত তোৰেই তেজ
মই, তই হ'ব নোখোজো
নহ'লে মোৰ তেজে ভৱিষ্যতত
আকৌ এবাৰ ক'ব
মোৰ আইৰ চকুত চকুলোঁ ৷
Showing posts with label Kushal Mirza. Show all posts
Showing posts with label Kushal Mirza. Show all posts
Wednesday, 14 December 2016
Sunday, 11 December 2016
UNTITLED - Kushal Mirza
কোনে কয় মই মদাহী
আৰে ভাই মদ খালেই নহ'ব
কোনটো খালি বটলত
কি কি frequency থাকে জানিব লাগিব ৷
কোনটো ব্ৰেণ্ডত ত কিমান নিচা মই নাজানো
কিন্তু ......
কোনটো খালি বটল ফুৱালে
কি কি NOTE বাজে মই ক'ব পাৰো ৷
এতিয়া
আপুনি ক'ব নেকি
মই মদাহী......
Wednesday, 16 November 2016
মাঁ -- Kushal Mirza
মাঁ,
আমনি নকৰাকে
টোপনি যাব পৰা হোৱাৰে পৰা
তোৰ মুখত নিচুকনি নুশুনা হ'লো ৷
আজি মই নিদ্ৰাহীনতাত ভূগিছো মাঁ
আস্ কি যন্ত্ৰণা....
গাচোন এটি নিচুকনি
কিজানিবা আহেই টোপনি ৷
Saturday, 5 November 2016
Subscribe to:
Comments (Atom)