Showing posts with label Rajib Bora. Show all posts
Showing posts with label Rajib Bora. Show all posts

Thursday, 5 January 2017

কিদৰে-Rajib Bora



কিদৰে মচি দিও
বুকুৰ তেজেৰে লিখা হেঁপাহি কবিতা!
কিদৰে পাহৰো বসন্তৰ
ৰাগি লগা শেৱালিৰ সুবাস।
বুকুৰ পৰা জিয়া মঙহ
কাটিব পাৰি জানো!
আপোন বুলিবলে কলিজাখনেইটো আছে,
তাকো সকলোৱে চেপি চেপি খালে।

Thursday, 22 December 2016

কেতিয়াবা-Rajib Bora

কেতিয়াবা বৰষুণ এজাক আহি
পুৰি পেলায় মোৰ অকনমানি কলিজাটো,
পপিয়া তৰাৰ দৰে খহি পৰে,
সপোন আৰু হেঁপাহেৰে সৰিয়হ বৰণীয়া হৈ থকা মনটো।
তথাপিও সপোন দেখো আকাশখন
এবাৰ হেঁপাহ পলুৱাই ভাল পোৱাৰ,
পুৱাৰ প্ৰথম ৰ'দজাকত নিজক বিলিন কৰাৰ।।
(ৰাজীব/বাবা ৰাজদীপ)২০/১২/১৬
LikeShow More Reactions
Comment

Saturday, 3 December 2016

Rajib Bora




চকুহাল মুদিবলে ভয় লাগে
তোমাক দেখা পাও বুলি
উমি উমি জ্বলা তুহ,জুই হয় বুলি।
চকু চাত মৰা পোহৰতকৈ আন্ধাৰেই ভাল
একো মনিব নোৱাৰিলেও
চকুহাল মেলিবতো পাৰি।।
LikeShow More Reactions
Comment

Sunday, 27 November 2016

তুমি আগলৈ সুখি হবৰ জোখাৰে - Rajib Bora

তুমি আগলৈ সুখি হবৰ জোখাৰে আজি দুখি মই, তুমি সকলো পোৱাৰ জোখেৰে আজি হেৰুৱালো মই, আৰু কিবা লাগিব নেকি ভালপোৱাৰ বিনিময়ত তোমাক! দি দিম সকলো তুমি কোৱা এবাৰ, হাঁহি হাঁহি সাৱতিম মৃত্যু যান্ত্ৰনা নকৰো অলপো দুখ কিয়নো ইয়াতেই তোমাৰ দৰে সুখি মই। এতিয়া আকাশৰ গোটেইবোৰ তৰা মোৰ জোনটো শিতানৰ গাৰু, তোমাৰ মিঁচিকিয়াবোৰ মোৰ হাঁহি সোণ বৰণৰ স্মৃতিবোৰ টোপনি।।

Friday, 25 November 2016

YET TO BE TITLED...Rajib Bora



হৃদয়খন হাতুৰিৰে কোবাই
এখন নাওঁ সাজিছো,
তোমাক সাত সাগৰ ফুৰাই আনিম।
হৃদয়খনৰ উখোৰা-মোখোৰাবোৰ
ৰাণ্ডা মাৰি মিহিকৈ সাজিছো
তোমাৰ বাবে কপাহি আসন,
ছাল-বাকলিৰে সাজিছো বঠা।
LikeShow More Reactions
Comment

Saturday, 19 November 2016

।। এটি মৰি যোৱা মন ।। - Rajib Bora

।। এটি মৰি যোৱা মন ।। তুমি মৃত শিল্প নহয় বুকুৰ তেজ দি মৰম সনা এপাহি আদৰৰ গোলাপ, সপোন আৰু কৰ্তব্যৰ চকৰিৰ ফাকত ক্ষত-বিক্ষত হৃদয়ে চিঞৰে আৰু তেজ নিগৰিত হয় চকুৰ ফাঁকেৰে। উশাহবোৰত সদায় তুমি তুমি লগা এটি শীতলতা বৈ যায় আৰু যাচি দিয়ে এবুকু পুৱাৰ প্ৰথম ৰদালি।।

Thursday, 17 November 2016

Rajib Bora

অস্তমিত ৰাঙলী সূৰ্য্যই
আদৰিছে উদিত পূৰ্ণিমাৰ চন্দ্ৰক,
ব্ৰহ্মপুত্ৰৰ পানীবোৰ ৰূপালী হৈ জিলিকিছে।
কংসৰ কাৰাগাৰত জন্ম হৈছে
নৰৰূপী নাৰায়ণ
আৰু তুমি উজলি উঠিছা
লক্ষ্মীৰূপী প্ৰিয়তমা।

এতিয়া....-Rajib Bora




এতিয়া নিজক নষ্ট কৰিয়ে ভাল লাগে,
আৰু আপেক্ষা কৰি ভাল লাগে
অন্তিম যাত্ৰাৰ সমভাগি হবলে।
কেতিয়াবা কেতিয়াবা মোৰ
বুকুৰ আগ্নেয়গিৰিত ভূমিকম্প হয়,
আৰু কপে অবুজন বুকু দেহ মন।
অন্ত নোহোৱা এজাক চটফটনিেয়
সদাই পুৰি মাৰে মোৰ বাস্তৱক,
জ্বলি শেষ নোহোৱা জুইকুৰাই
বাৰে বাৰে পুৰে বুকুৰ আধা সিজা মঙহ।।
LikeShow More Reactions
Comment

Monday, 14 November 2016

নিমখ--Rajib Bora


 
নিমখৰ খোলাত কলিজাখন
ভৰাই থম,
শুকাই শুকাই টুত মাৰিব দিম
উতনুৱা অবুজ মৰমবোৰ।
তোমাৰ কলা চুলিত
পুৱাৰ ৰদজাক হৈ হাত ফুৰাম,
মৰমবোৰ বাকি দিম দুগালত
ৰেঙনি হৈ চুমিম দুচকু।
LikeShow More Reactions
Comment

Sunday, 13 November 2016

UNTITLED - Rajib Bora

Rajib Bora তোমাৰ আপোনবোৰক আপোন কৰি ৰখাত প্ৰতিজ্ঞাবদ্ধ মই ম্যাদ উকলা এখন চুক্তিৰ চিকাৰুক্তি মই। শৰৎৰ শেৱালিৰ তলত নিঁয়ৰ হৈ চুমিম তোমাৰ ৰঙা পৰা দুগাল চকুলু হৈ বৈ যাম নিৰবে, টুপ টুপ। হেপাহ বৰণীয়া কলিজা এখন মোৰো আছে যত আছে তোমাৰ বাবে অযুত ভালপোৱা সৌ সিদিনালৈকে ফুলি আছিলা মোৰ গোলপীয়া গোপন বাগিছাত আৰু চিঞৰি চিঞৰি কৈছিলা… ভালপোৱাৰ A.....B....C....D......Z

Wednesday, 9 November 2016

আজি.....-Rajib Bora

"আজি......  NICE EXPRESSIVE ROMANTIC LINES BY RAJIB BORA
।।আজি জোনটোৰ এটোকোৰা
খৰিকাত দিম,
তৰা দুটা পিটিকিম
আৰু উদৰ পুৰাই খুৱাম তোমাক।
ৰাতিৰ বৰষুণজাকত দুহাত মেলি
হেঁপাহ পলুৱাই তিতিম তোমাৰ সতে,
মচিলেও মচ নোখুৱা হাতৰ ৰেখাবোৰ,
ভগাই লম হেপাহত
বেকাবোৰ মোৰ,চিধাবোৰ তোমাৰ।।
LikeShow More Reactions
Comment