ৰাতি আহে, ৰাতি যায়...
জীৱন পাৰ হয়...
চকুপানীবোৰ জিৰণি লয়
নৈখনৰ দূখত...
সংগীবিহীন মই
ৰাতিবোৰৰ...!!!
দিনবোৰৰ...!!!
নৈখনৰ দৰে উঠা-নমা
দূখবোৰো...!!!
সুখবোৰো...!!!
Showing posts with label Harkumar Nath. Show all posts
Showing posts with label Harkumar Nath. Show all posts
Friday, 2 December 2016
Wednesday, 30 November 2016
"তুমিতো মোৰ একো নোহোৱা" - Harkumar Nath
উৎসৰ্গিত: মৃদুল ভূঞা
"তুমিতো মোৰ একো নোহোৱা"
তুমিতো মোৰ একো নোহোৱা...
সাগৰ দেখিছা বুলি ওলোটাই মোক নুসুধিবা...!!!
সাগৰ বহল...মই দেখিছোঁ...!!!
হৃদয়ৰ দৰে...নহ'বও পাৰে তোমাৰ...!!!
...আৰু জানা মই মদাহী...!!!
মদে মোক সুখ দিছে, স্বপ্ন দেখুৱাইছে
জীৱনৰ...তোমাৰ-মোৰ...!!!
তুমিতো এৰি গ'লা...
মদে মোক এতিয়াও এৰিব পৰা নাই...!!!
বহুতো ক'বলৈ মন যায় মন যায়...!!!
নৈ, সাগৰ, গছ-লতা
আৰু ভালপোৱা...!!!
আকাশ
আকাশ
বিশাল
বিশাল
কিনো ক'ম
তুমিতো মোৰ একো নোহোৱা...!!!
-শ্ৰীহৰকুমাৰ নাথ-
Friday, 18 November 2016
"আশা" - Harkumar Nath
"আশা"
সুমধুৰ জীৱনৰ ছন্দ ঘূৰাই পাইছো মই,
আশাৰ ৰঙীন বীজ জাগিছে
মোৰ ৰক্তকণিকাৰ প্ৰবাহত ।
উটি যাব বিচাৰিছো জীৱন সোতৰ নাৱত বহুদূৰলৈ...!!!
চিঞৰি চিঞৰি ক'বলৈ মন মোৰ
নাই যে নাই, মই হেৰুৱা নাই...!!!
মই আছো জীৱন নাৱতেই,
সূৰ্যাস্তও যেন
মোক নিবপৰা নাই নিজৰ লগতেই !
খামুচি ধৰিছো সকলো একাকাৰ কৰি
মোৰ জীৱন নাও...!!!
মনত জাগিছে অসীম হেপাঁহ,
প্ৰেৰণা লভিছো আজি
কেৱল আৰু কেৱল
নিভৃত হৃদয়ৰ কামনাত
কেৱল জীয়াই থকাৰ...!!!
সূৰ্যাস্ত নোহোৱালৈকে...!!!
-শ্ৰীহৰকুমাৰ নাথ-
Tuesday, 15 November 2016
আত্মাহীনতাৰ প্ৰয়োভৰ - Harkumar Nath
আত্মাহীনতাৰ প্ৰয়োভৰ চৌদিশে...
বিলাসীতাত মৰিছে জীয়া জীৱনবোৰ...
সময় থাকিও সময়হীনতাৰ মিছা ওৰণি...
সকলোবোৰ এতিয়া শিল্পী...,অভিনয় শিল্পী...
মানে অভিনেতা-অভিনেত্ৰী...!!!
আশা কৰো দিনবোৰ ঘূৰি আঁহক...
মিছা প্ৰতিযোগিতা, মিছা নাম...
এই চাকনৈয়া সোণকালেই পাহৰণিৰে
অতীত হওঁক...
আকৌ নতুন প্ৰভাত হওঁক...
আকৌ নতুন প্ৰভাত হওঁক...
--শ্ৰী হৰকুমাৰ নাথ
Subscribe to:
Comments (Atom)