Showing posts with label Rashmi Rekha Barman. Show all posts
Showing posts with label Rashmi Rekha Barman. Show all posts

Thursday, 22 December 2016

চকুলো-Rashmi Rekha Barman


"চকুলো"
চিকমিকনিত হেৰুৱাও অলেখ ঠিকনা,
এন্ধাৰত লুকায় হেজাৰ কাহিনী...
হৃদয়ৰ প্ৰতিটো কোণ কম্পিত হৈ উঠে;
উশাহবোৰ হৈ পৰে ঘন
নিশ্বাসত হুমনিয়াহ হৈ ওলাই আহে বুকুৰ উষ্ণতা,
হেৰুওৱা ঠিকনাত কিমাননো পঠিয়াম চিঠি !
মাথোঁ এটি চিকমিকনিয়ে
বুকুৰ গধূৰতা কঢ়িয়াই বোৱাই নিয়ে অলেখ ঠিকনা
বুকুত জাপি হেজাৰ কাহিনী
উশাহত কম্পিত হৈ উঠে নিশ্বাসৰ অনুক্ম্পা ;
বোৱাই নিয়ে বিশ্বাসৰ মৰম-ভালপোৱা,
বাস্তৱায়িত কৰে দিন ৰাতিৰ পৰিক্ৰমা।
মাথোঁ এটি চিকমিকনিয়ে
হেজাৰ প্ৰতিশ্ৰুতি,
হেজাৰ আশা
বোৱাই লৈ যায় নীৰৱে
আন্ধাৰৰ মাজলৈ
নজনাকৈয়ে...
LikeShow More Reactions
Comment

Monday, 12 December 2016

তুমি -Rashmi Rekha Barman


তুমি
এটি অনুভৱ
অস্তিত্বহীন এক নিদাৰুণ বাস্তব
আশা-নিৰাশাৰ বুকুত বিলীন 
প্ৰত্যাশা....
স্মৃতি
ক্ৰমশ ধুসৰ
হৃদয়ৰ নিভৃত কোণত
চকুলোৰ আঁচোৰ ...
LikeShow More Reactions
Comment

Wednesday, 30 November 2016

ফেঁচা-Rashmi Rekha Barman



মাতালৰ খোজ
এখোজ আগুৱাই দুখোজ পিছ পৰে
সমাধিস্থ সপোন জাগি উঠে
মাতাল আগুৱায়
বুকুৰ শুকান তেজৰ ফাঁকুৰে কপালি গুচাই আঁ‌কি দিব হেপাহৰ শেওঁতা
এখোজ আগুৱাই দুখোজ পিছ পৰি গীত গায় মাতাল সুৰৰ সংগী ফেঁচা...
আকাংক্ষিত সপোনে চিৎকাৰ কৰে
চৰাইৰ কোলাহলত ৰাগী ভাঙে
বিলীন হয় ফেঁচা...
LikeShow More Reactions
Comment

জীৱন অমিয়া-Rashmi Rekha Barman


"জীৱন অমিয়া"
...........................
হাতত হাত থৈ
দুভৰিৰ আগুৱান গতি,
দুৰ্বাৰ হেঁপাহ
মানুহৰ গীত গোৱাৰ...
কোণে কোণে বিদ্যমান ধুমুহাত খতবিক্ষত অংগ;
কামিহাড় গণি গণি সভ্যতাৰ প্ৰাচীৰ ভাঙি
ব্যস্ততাৰ স্ংলাপেৰে আৱৰাম, ভালপোৱাৰ গান
সমাজৰ গীত নুবুজো
নুবুজো তেজ দিম তেল নিদিম,
দেশ আমৰ বাবে নে আমি দেশৰ বাবে,
জীয়াই থাকিবৰ বাবে জন্ম নে
মাতৃৰ প্ৰ্সৱ যন্ত্ৰণাৰ ধাৰ পৰিশোধৰ বাবে জন্ম!
বুকুৰ মাজত লুকাই আছে
ৰিক্ততাৰ ঠিকনা ...
দুহাত মলিয়ন কেঁচা মঙহৰ ভেকেতা ভেকেতা গোন্ধ
দুচকুত প্ৰাপ্তিৰ অনাবিল হাঁহি
সীমাহীন আবেগৰ আঁচলত
দুহাতত উজান,
দু্ৰ্ভিক্ষ অতিক্ৰমি ৰিক্ততা নেওচি গাম
মানুহৰ বাবে মানুহৰ গান ...
LikeShow More Reactions
Comment

Saturday, 19 November 2016

UNTITLED - Rashmi Rekha Barman

খোজে প্ৰতি উজুটি অথচ স্থিতপ্ৰজ্ঞ আকাশ, বতাহ আৰু বিৰিখ ৷ সময়ৰ চোলা জহিছে; অথচ চলিছে পখীৰ গান, বতাহৰ সোঁসৱনি আৰু নৈখনিয়ে একাত্মহৈ অনন্তলৈ ... মহানগৰীও চলিছে একেই গতিৰে আৰু চলিছে চুৱা-চুইৰ ৰাজনীতি; কলাধন, বিমূদ্ৰীকৰণ আৰু প্ৰতিবাদ...

Thursday, 10 November 2016

চিগাৰেট - Rashmi Rekha Barman

চিগাৰেট.................... মৰমৰ তুমি, তোমাৰ মোৰ প্ৰেম কাহিনীৰে, তোমাক চুম্বন কৰা প্ৰথম দিনৰ পৰা এতিয়ালৈকে প্ৰেম গভীৰৰ পৰা গভীৰতৰ। মোৰ ওঁঠত ওঁঠ থৈ আমি প্ৰেমৰ কুণ্ডলী উৰুৱাও অনৰ্গল সভ্যতাৰ চোলাটোক খুলি থৈ কেতিয়াবা বাছ ষ্টেণ্ড, কেতিয়াবা ভিৰৰ মাজত, কেতিয়াবা নিৰ্লজ্জ ভাবে প্ৰেম নিবেদন কৰো মাইনাহঁতৰ সমীপত , মই ভালপাওঁ, তাতে কি স্থানৰ প্ৰয়োজন! মোৰ প্ৰেম মোৰ গান, ইচ্ছা হ'লেই আৱৰাও ভালপোৱাৰ গান, নীৰৱে ; তোমাৰ সতে মোৰ প্ৰেমত হেনো বাধা, আমাৰ মৰম বোৰ দণ্ডনীয় আৰে প্ৰেমত কিহৰ দণ্ড!! আমাৰ প্ৰেমালিংগন একান্ত ব্যক্তিগত হ'লে কাৰো ক'ব লগা নাথাকে, অবাধ্য মন আৰু অবাধ্য ওঁঠ যুৰিয়ে গোপনীয়তাৰ পৰিধিত আবৃত হৈ থাকিব নিবিচাৰে; স্থান-কাল-পাত্ৰ ৰ সীমনা অতিক্ৰমি সম্ভোগাকৃষ্ট হৈ উঠে , লিপ্ত হওঁ তৃপ্তিৰ তৃষ্ণা নিৰাময়ত ... ই কি তুমি দেখোন প্ৰতাৰক, তোমাৰ উষ্ণতাবোৰে মোৰ কলিজা খালে ; তুমি মোৰ প্ৰেমিকাবাবেই গ্ৰাস কৰিব দিলো মোৰ সমগ্ৰ সত্ত্বাক আৰু মই কি পালো!!! মই পালোঁ জীৱন নাশিনী তোমাৰ কঢ়াল আলিংগন ...

Wednesday, 9 November 2016

মৰমৰ হালধীয়া আৰু ৰঙা মহাত্মা-Rashmi Rekha Barman

"মৰমৰ হালধীয়া আৰু ৰঙা মহাত্মা" HOT TOPIC ,SPOT RHYME BY RASHMI REKHA BARMAN



মৰমৰ হালধীয়া আৰু ৰঙা মহাত্মা
হঠাৎ স্তদ্ধ হৈ পৰিল দৈনন্দিন জীৱন
অনুভৱ কৰিলো তোমাৰ উপস্থিতিত অনুপস্থিতিৰ শূণ্যতা,
তুমি থাকিও আজি মই দুখীয়া!
মোক দেখি পদ-পথৰ ভিক্ষাৰী জনেও হাঁহিছে;
তেওঁ আজি মোৰ দৃষ্টিত বিল গেটছ অথচ তেওঁৰ হাতত তুমি নাই;
তোমাৰ মায়াৱী পৃথিৱীৰ মায়া আজি তেওঁ নাচায়,
নুশুনে তেওঁ হালধীয়া গান্ধীজীৰ কথা,
তুমি যে আজি ধূসৰিত এটি স্মৃতি, হৃদয় জুৰোৱা...
LikeShow More Reactions
Comment

Saturday, 5 November 2016

ৰিক্ত পৃথিৱী-Rashmi Rekha Barman

'ৰিক্ত পৃথিৱী' EMPTINESS REDESIGNED BY RASHMI REKHA BARMAN
ৰিক্ত পৃথিৱী
----------
মুঠি মাৰি ল'লো দুহাত,
পৃথিৱীখন দুহাতত পালো।
কুচি মুচি বুকুৰ মাজত,তুমি মই আৰু সপোন।
নিশাৰ জোনাকীৰে মেল,
শীতল বতাহত শেৱালিৰ সুবাস,
চৰাইৰ মাত ত প্ৰভাতীৰ আভাস,
চকু মেলি মুঠি খুলিলো দুহাত ৰিক্ত পালো।
LikeShow More Reactions
Comment

Friday, 4 November 2016

UNTITLED-Rashmi Rekha Barman

 A NICE ONE BY RASHMI REKHA BARMAN
শব্দৰ অভাবতেই আৰম্ভ হয়
নিশব্দৰ খেলা,
শব্দৰ পৰিসম্পাতিৰে হেৰায় সম্পৰ্কৰ আঁত।
তুমি আতৰি গলা,
নীৰব হলো মই
অভিমানী হৈ পৰিল তুমিহীন সময়বোৰ
যদিওবা মোৰ চোতালত শব্দৰ অভাব
মাজনিশা মই মিতিৰালি কৰো তোমাৰ শব্দৰে
শব্দৰ মালিতা গাথা তুমি,
আৰু নিশব্দৰ বুকুত উচুপি উঠো মই।
Like
Comment

Wednesday, 2 November 2016

চম্পাবতী-Rashmi Rekha Barman

"চম্পাবতী" NICELY WEAVED WORDS DESCRIBING A RIVER AS LIVE CHARACTER BYYOUNG TALENTED  RASHMI REKHA BARMAN

Rashmi Rekha Barman
4 mins
চম্পাবতী
আউলি বাউলি হৈ বালিৰে
খেলি সৌৱা তাই চম্পাবতী
ক'ত ধুমুহা, ক'ত বতাহ
আৰু কতয়ে ভেটিব খুজিলে
তাইৰ বুকুৰ উৎসাহ
কিমানৰ মৰসাহ বুকুৰ মেথ'নি খোলাৰ
তথাপি তাই হাহে
হাহি হাহিয়ে
অস্তগামী সুৰুযক বুকুৰ মাজত লৈ লুকাভাকু খেলে
তাই যে চম্পাবতী
পূৰ্বচৰ্ত তাইৰ গতি
সেয়ে বৈ যায় সুখে দুখে

Like
Comment