Thursday, 22 December 2016

অনুভৱৰ কৰণি-Minu Das


অনুভৱৰ কৰণি
বিবাহ আৰু নাৰী জীৱন.... ১
কোলাৰ কণমানীজনী বৰ এজনী হ'ল। এটা উজ্বল, সতেজ অনুভৱে মোক সদায়ে আপ্লুত কৰে। জীৱনৰ কঠিনতাই স্পৰ্শ নকৰা তাইৰ কোমল মনটোক লৈ মাজে মাজে সংকিত হৈ পৰো। গঢ় দিব বিচাৰো এক শক্তিৰে ভৰপূৰ সত্বা ৰূপে ।এখন উপযুক্ত হৃদয়ৰ সন্ধান কৰোঁ, তাইৰ বাবে।
এৰা হৃদয়ৰ সন্ধান! এগৰাকী নাৰীৰ সৰ্বস্বক গ্ৰহন কৰিব পৰা এখন বহল হৃদয়। য' ত উপশম হব ওপজা সোণৰ ঘৰখন এৰি অহাৰ তীব্ৰ মানসিক যন্ত্ৰণা, যিখন হৃদয়ে পূৰাই পেলাব গাভৰু হৃদয়ৰ হেজাৰ বাসনা, নাৰী মনৰ অলেখ কল্পনা।
তাই যে সকলো এৰি গুচি আহে।কেবল পৰিয়ালৰ মৰম স্নেহই নহয়, জন্ম লগ্নৰে পৰা পাই আহা নিৰাপত্তাক ত্যাগ কৰি এখন নতুন ঘৰলৈ একেবাৰে গুচি আহিবলৈ সাহস পায়, কেৱল সেই এখন হৃদয়ৰ আকৰ্ষনত। নিৰাপত্তা বিচাৰে সেই ব্যক্তিজনৰ পৰা, স্বামী বুলি সাঙুৰি লোৱা সেই মানুহজনৰ পৰা। এটা সবল মনৰ নিৰাপত্তা। দুটা বলিষ্ঠ বাহুৰ নিৰাপত্তা।
সেই নিৰাপত্তাৰ আৱেষ্টনীত তেজ মঙহৰ মানুহজনী মিলি যাব বিচাৰে হৃদয়বান সেইজন পুৰুষৰ তেজ মঙহৰ সৈতে। জীৱনৰ সকলো কঠিনতাই পাৰ কৰিবলৈ সক্ষম হয় কেৱল সেইজন ব্যক্তিৰ মৰমৰ প্ৰেৰণাত। চলাই নিয়ে কেইটামান অচিন সত্বাৰে পৰিপূৰ্ণ এখন ঘৰ। পত্নীত্বৰ দায়িত্বৰে ঘৰখনৰ বহুৰঙী মনবোৰক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাত নামি পৰে। প্ৰকৃততে তাৰ অন্তৰালতো থাকে স্বামীক সন্তুষ্ট কৰাৰ নাৰী মনৰ আকুলতা। কিছু ত্যাগ, কিছু আপোচ আৰু সম্পূৰ্ণ মানৱীয়তাৰে দুবাহু মেলি আকোৱালি লয় এখন অচিনাকী নতুন ঘৰ।
LikeShow More Reactions
Comment

No comments:

Post a Comment