Showing posts with label Nava Kumar Nath. Show all posts
Showing posts with label Nava Kumar Nath. Show all posts

Thursday, 17 November 2016

দিশ দূৰ্গন্ধময়-Nava Kumar Nath




মৰা শ বোৰ পৰি আছে য'তে ত'তে
তেজৰ গোন্ধত চৌদিশ দূৰ্গন্ধময়
মানুহ মাৰি মানুহৰ তেজৰে বাট উলিয়াই
মনুহৰ বাবে ভবা হৈছে স্বাধীনতাৰ কথা |
য'ত আমি কোনো নাথাকিম
LikeShow More Reactions
Comment

Saturday, 12 November 2016

UNTITLED - Nava Kumar Nath

........................................... সীমাহীন এক যাত্রা ইপাৰ-সিপাৰ একোকে নমনি ইয়াৰ পৰা দেখিছো পানী পানী আৰু কেবল পানী কি এক যন্ত্ৰণা খং আছে অথচ শান্ত প্ৰেম আছে বাবেই বুকুত পৃথিবীখন লৈ একাকাৰ কৰিব খোজে গোতেইখন হায়, এই যে বিসাল হৃদয় ... ?

Friday, 4 November 2016

UNTITLED-Nava Kumar Nath


I DON'T KNOW  WHY HE KEEPS HIS POEMS UNTITLED. THOUGH UNTITLED HIS WORDS SAYS A LOT. 

খিৰিকিৰে চাই থাকোতে
পাৰ হৈ গ'ল বহু সময়
দিন, দিনৰ পিচত ৰাতি
আহিল আৰু গ'ল
ধুমুহা গাজনী বিজুলীৰ চিকিমিকি
ততকে নাপালো
পাৰ হৈ গ'ল বহু সময়
অলপ পৰ আগলৈ
থুপ খাই থকা মানুহখিনি
সেয়াও দেখো এতিয়া নাই
জানো, কোন কেনি গ'ল!
ওলাই আহি দেখিছো
হাড় আৰু মংহ পুৰি শেষ হোৱাত
এক মহা শুণ্যই
গোটে গোটে গিলিব খুজিছে গোটেইখন
কোনে জানো শুধিলে -
ইয়াত কোন থাকে ভাই
মই কলো -
ইয়াত আৰু এতিয়া মানুহ নাথাকে
আছে কেৱল আকৌ জী উঠাৰ আশা...

LikeShow More Reactions
Comment

Wednesday, 2 November 2016

UNTITLED-Nava Kumar Nath

THOUGH UNTITLED BEAUTIFUL EMOTIONAL CHAIN OF WORDS FROM THE WRITER,DIRECTOR OF FILM "চাকনৈয়া" i.e SUPERBLY TALENTED YOUNG DYNAMIC NABA KUMAR NATH

দুই, তিনি মাইল

খোজ কাঢ়ি অথবা চাইকেল চলাই |
অকোৱা-পকোৱা বাট
ঘাঁহনী, বোকা-পানী,
মাটী আৰু ধুলিৰ গোন্ধলৈ
গৈ থাকো কেবল গৈ থাকো |
তাৰ পিচত...!
তাৰ পিচত
অবাক বিষ্ময়ত বিমুগ্ধ
নীলা চকুযুৰিত দুচকু থৈ
নিৰবতাৰ কিছু শব্দৰ বিনিময় কৰি
গো-ধুলীৰ এন্ধাৰখিনিত বিলিন হৈ যাও
লাহে লাহে সময়ে বাগৰ সলালে
সলনি হ'ল ধুলিৰ আকাৰ একোটা শিললৈ |
পাৰ হ'ল দিন
দিনৰ পিচত মাহ আৰু
বছৰৰ এখন লানি নিচিগা তালিকাৰ পিচত
এতিয়া বহু সলনি হ'ল জীৱন
জীৱনৰ প্ৰয়োযন, ইচ্ছা-অনিচ্ছা,
ভাব, অভাব, অনুভৱ ইত্যাদী |
আৰু হয়তো মন
ঠিক যিদৰে সলনি হ'ল
অলপ লাজ অলপ শংকা অলপ নিলাজ
সৰলতা আৰু বুজা-নুবুজাৰ
আলিদোমোজাৰ সেই বিমুগ্ধ হাঁহী...

LikeShow More Reactions
Comment