অকোৱা-পকোৱা বাট
ঘাঁহনী, বোকা-পানী,
মাটী আৰু ধুলিৰ গোন্ধলৈ
গৈ থাকো কেবল গৈ থাকো |
তাৰ পিচত...!
ঘাঁহনী, বোকা-পানী,
মাটী আৰু ধুলিৰ গোন্ধলৈ
গৈ থাকো কেবল গৈ থাকো |
তাৰ পিচত...!
তাৰ পিচত
অবাক বিষ্ময়ত বিমুগ্ধ
নীলা চকুযুৰিত দুচকু থৈ
নিৰবতাৰ কিছু শব্দৰ বিনিময় কৰি
গো-ধুলীৰ এন্ধাৰখিনিত বিলিন হৈ যাও
অবাক বিষ্ময়ত বিমুগ্ধ
নীলা চকুযুৰিত দুচকু থৈ
নিৰবতাৰ কিছু শব্দৰ বিনিময় কৰি
গো-ধুলীৰ এন্ধাৰখিনিত বিলিন হৈ যাও
লাহে লাহে সময়ে বাগৰ সলালে
সলনি হ'ল ধুলিৰ আকাৰ একোটা শিললৈ |
পাৰ হ'ল দিন
দিনৰ পিচত মাহ আৰু
বছৰৰ এখন লানি নিচিগা তালিকাৰ পিচত
সলনি হ'ল ধুলিৰ আকাৰ একোটা শিললৈ |
পাৰ হ'ল দিন
দিনৰ পিচত মাহ আৰু
বছৰৰ এখন লানি নিচিগা তালিকাৰ পিচত
এতিয়া বহু সলনি হ'ল জীৱন
জীৱনৰ প্ৰয়োযন, ইচ্ছা-অনিচ্ছা,
ভাব, অভাব, অনুভৱ ইত্যাদী |
আৰু হয়তো মন
জীৱনৰ প্ৰয়োযন, ইচ্ছা-অনিচ্ছা,
ভাব, অভাব, অনুভৱ ইত্যাদী |
আৰু হয়তো মন
ঠিক যিদৰে সলনি হ'ল
অলপ লাজ অলপ শংকা অলপ নিলাজ
সৰলতা আৰু বুজা-নুবুজাৰ
আলিদোমোজাৰ সেই বিমুগ্ধ হাঁহী...
অলপ লাজ অলপ শংকা অলপ নিলাজ
সৰলতা আৰু বুজা-নুবুজাৰ
আলিদোমোজাৰ সেই বিমুগ্ধ হাঁহী...
No comments:
Post a Comment