Showing posts with label Bhaskar Deka. Show all posts
Showing posts with label Bhaskar Deka. Show all posts

Sunday, 25 December 2016

untitled-Bhaskar deka

নিশ্চুপ হৈ থাকিম আজি
নকও একো।
শুনিয়েই চাওচোন এবাৰ
শব্দহীনতাত হৃদয়ৰ কোলাহল 
কিজানিবা নিজক বিচাৰি পাও।

ভাস্কৰ-Bhaskar deka

ভাস্কৰ
............ 
এনেদৰেই মই হেৰাই যাও
কাইলৈ অহাৰ প্ৰতিশ্ৰুতিত।
মোৰ বাবেই তোমাৰ পৃথিৱীত 
দিনৰ পোহৰ নিশাৰ এন্ধাৰৰ পৰিসীমা ।
মোৰ বুকুতো জ্বলি থাকে জুঁই একুৰা 
অৰ্নিবান হুতাশন।

Saturday, 24 December 2016

ভাস্কৰ - Bhaskar Deka

ভাস্কৰ ............ এনেদৰেই মই হেৰাই যাও কাইলৈ অহাৰ প্ৰতিশ্ৰুতিত। মোৰ বাবেই তোমাৰ পৃথিৱীত দিনৰ পোহৰ নিশাৰ এন্ধাৰৰ পৰিসীমা । মোৰ বুকুতো জ্বলি থাকে জুঁই একুৰা অৰ্নিবান হুতাশন।

Thursday, 22 December 2016

চাকিৰা আহিব বকুলতলৰ বিহুলৈ(১)-Bhaskar Deka

চাকিৰা আহিব বকুলতলৰ বিহুলৈ(১)
.............................
শাকে পাতে খাই
লোঘনীয়া পেটতে আকিছিলো
জীৱনৰ বাংময় কবিতা।
আঘোনৰ পথাৰৰ
গুটিধানত পাইছিলো
বানে লিখি যোৱা
ডাৰি, ক'মা, প্ৰশ্নবোধক ইত্যাদিৰ ব্যাকৰণ।
সাত সাগৰৰ সিপাৰৰ শুভ্ৰ বতাহজাকৰ অপেক্ষাত
এতিয়া......
বকুলতল আৰু মাথো কিছু ক্ষণ।
কিজানিবা এনেদৰেই জীৱন
এনেদৰেই উদযাপন।।
Like
Comment

Saturday, 17 December 2016

দেওবাৰৰ আড্ডা--bhaskar deka

এটা এলেহুৱা দেওবাৰ
কুৰুকি কুৰুকি
বুকুৰ ভিতৰলৈ সোমাই আহিল।
পুৱাটোৱে পলমকৈ সাৰ পালে
এঙামুৰি কাঢ়ি কাঢ়ি 
টোপনিতো সোমাই গ'ল 
টেলিভিচনৰ পৰ্দাত ।
স্থবিৰ স্থবিৰ পৃথিৱী! 
পেট পেলায় সম্বন্ধবোৰ,  
আবেগ, অনুভুতিবোৰ নিমগ্ন
বিজ্ঞাপনৰ ৰঙীণ পোহৰত।
এলেহুৱা দেওবাৰটোৱে 
মোক আজিও লৈ যাব নোৱাৰিলে
মোৰ গাওঁখনলৈ
মৰম মৰম লগা সম্বন্ধবোৰৰ মাজলৈ।
কংক্ৰিটৰ দুৱাৰ খিৰিকীৰ মাজত
বন্দি, হৈ থাকিল দেওবাৰটো ।

Tuesday, 13 December 2016

অশৰীৰি..... Bhaskar Deka

অশৰীৰি 
............... 
শুকান গছৰ লঠঙা ডালত 
ওলমি ৰয় জোনটো ।
এন্ধাৰত ডুবি মৰে সুৰুয।
পাহাৰৰ নিজান শিলত 
ঠেকা খাই ভাহিঁ আহে
মুচক সন্ধানী ফেচাঁৰ নিউ নিউ।
এন্ধাৰত ছাঁবোৰে হুমুনিয়াহ কাঢ়ে.... 
মোৰ শাব্দিক পৃথিৱীৰ কোলাহলত
কোন তুমি মৌন ভাষিনী
বুকুৰ মজিয়াত তোলা নুশুনা নুপুৰৰ ৰুনজুননি নিনাদ ।।
.............. ভাস্কৰ

Thursday, 8 December 2016

কি কম? ---bhaskar deka

চুমুকত কলিজা হেৰায়
কোনে কয়
হৃদয় বিক্ৰি নহয়? 
এনেদৰেই সময়.... 
দুঃসময়।।।



Tuesday, 6 December 2016

আত্মিক -bhaskar deka

ধুমুহাৰ গতিৰে তেওঁ
সোমাই আহিল মোৰ কোঠাত ।
আহিয়েই মোৰ  ডায়েৰিখন পঢ়িলে।
লাহে লাহে তেওঁ মই হৈ গ'ল
আৰু ডায়েৰিখন উকা হ'ল
তেওঁ গুচি গ'ল।
বেদুইন পৃথিৱীক কিয়েইবা দৰকাৰ
 ঠিকনাৰ।
ডায়েৰিখন বুকুত গুজিছো
অপেক্ষাৰে 
এদিন ময়ো তেওঁ হম।




Wednesday, 30 November 2016

UNTITLED-bhaskar deka

ক্ৰুছবীদ্ধ যিশুৰ চিঞৰত
বাজি উঠে নবম চিম্ফণি
আস! মোৰ ৰাগ মেঘমল্লাৰ 
আকৌ জীৱন মৰুৰ মায়াত
একেই হেপাহ
একেই পিয়াহ
সাগৰ আৰু মেঘৰ।।।
................................. ভাস্কৰ

Friday, 25 November 2016

কলম্বাছ--bhaskar deka

কলম্বাছ
............
এনেকৈয়েই হয় যাত্ৰাৰ আৰম্ভণি
খোজবোৰ ক্ৰমশঃ
এনেকৈয়েই হয় যাত্ৰাৰ সামৰণি
খোজবোৰৰ ক্ৰমশঃ ।
দুচকুৰ নতুন দিশৰ সন্ধানত
মই এতিয়াও কলম্বাছ ।।।
............... ভাস্কৰ

Tuesday, 22 November 2016

ফেচবুক --bhaskar deka

ফেচবুক 
............... 

হাজাৰবাৰ তুমি আনফ্ৰেইণ্ড কৰিলেও
তোমালৈ মই ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ামেই
তুমি কি কৰিবা
তোমাৰ হাজাৰ বাধা সত্ত্বেও 
মই তোমাৰ আপডেট লাইক কৰিম
তুমি কি কৰিবা
কোনো ফেক একাউণ্ট খুলি
তোমাৰ ফ্ৰেইণ্ড লিষ্টত 
ফেভাৰিটৰ স্থান নলওঁ 
সচা অনুভুতিৰে হৃদয়ৰ আই. পি এড্ৰেছত
তোমাক কপি কৰি থম
তুমি কি কৰিবা
তুমি, কি কৰা চাও
টেগ কৰিমেই তোমাক বুকুৰ এলবামত
মোৰ পেজৰ তুমি নহব পাৰা অতিথি
তোমাক ফল' কৰিমেই
তুমি কি কৰিবা
ম'বাইলত ভৰাই লৈছো ইন্টাৰনেট পেক
নাইন্টি এইট, ৱান টুৱেন্টি এইট, চৈধ্য অথবা পাঁচ
যেতিয়াই ইচ্ছা তেচিয়াই অনলাইন থাকিম
অনলাইন পালেই চ্যাটিং কৰিম
তুমি কি কৰিবা
বেপৰোৱাহ দুনিয়াত
বেপৰোৱাহ ইণ্টাৰনেট প্ৰেমিক মই
হৃদয় হেৰুৱালো তোমাৰ প্ৰফাইলত
এতিয়া মই কি কৰো বুলি সুধিলে
তুমি কি কৰিবা???? 
   .   .   .   .   .   .   .   .   . ভাস্কৰ

Tuesday, 15 November 2016

ফিনিক্সৰ গান. Bhaskar Deka

কলিজাটো শুকাব দিলো সিদিনা 
ৰ'দত
শাওনৰ স'তে মোৰ মতবিৰোধ ।
মেঘে সুধিলে মৰুভুমিৰ হাবিয়াসৰ কথা।
বুকুত কামিজটো আৰিলৈ
জেঠৰ ঘামত তিতিছো
বহাগ সুহুৰিৰ সিপাৰত।


   .   .   .   .   .   ভাস্কৰ।

Thursday, 10 November 2016

প্ৰেম - Bhaskar Deka

প্ৰেম ............ মোৰ বুকু হাত থৈ তেও কয় তোমাৰ কলিজাত দেখোন স্পন্দনেই নাই. মই কও তেতিয়া ভালকৈ চোৱা মোৰ বুকুত আচলতে কলিজাই নাই তোমাতে জানো দিয়া নাই? মিচিকীয়াই হাঁহি তেওঁ গুচি যায়. প্ৰেম হেনো এনেকুৱাই কলিজা হেৰালেও দুচকুত সপোন দি যায়. ......................ভাস্কৰ

Wednesday, 9 November 2016

অজুহাত -Bhaskar Deka

অজুহাত 
................ 

মাতাল হোৱাৰ মজাই বেলেগ
হুমুনিয়াহবোৰ উশাহ হয়
নোপোৱাৰ বীজগণিত
পোৱাৰ আকাংক্ষি বাট 
ক্ৰমশ: ফেহুঁজালি 
খোজবোৰ অচিনাকি।।।
,.............. ভাস্কৰ

মই আপুনি আৰু এটা ইন্টাৰভিউ---- Bhaskar Deka

মই আপুনি আৰু এটা ইন্টাৰভিউ 
.............................................. 
মে' আই কাম ইন? 
বুলি সোধাৰ আগতেই
আপুনি, ক'ব পাৰে  'গেট্ আউট'
অথবা 
অতি ব্যস্ততাৰে
'কওকচোন মই আপোনাৰ বাবে কি কৰিব পাৰোঁ? '
ক'লা আইনাৰ ফাকেৰে 
মই, নেদেখো আপোনাৰ ব্যস্ততাৰ জোখ
আপুনি, কিন্তু ঠিকেই দেখে
মোৰ  ক্লান্ত 
অথবা সতেজ হাহি 
আশাহত আশাৰ চাৱনি
চিঙি যোৱা চেণ্ডেল
ফাটি যোৱা জোতা ।
মই হব পাৰো আপোনাৰ কাৰনে
ডিস্টাৰবিং ফেক্টৰ
কিম্বা 
আপোনাৰেই অতিতৰ ফালি যোৱা কেলেণ্ডাৰ।
আপোনাৰ বাবে প্ৰত্যাশিত
অথবা অপ্ৰত্যাশিত
নাজানো কেনেদৰে লয় আপুনি মোৰ আগমনক
মই কিন্তু আপোনাক মোৰ বায়োডাটা ঠিকেই দি যাম
কৈ যাম অৰ্নগল
নোৰোৱাকৈ 
মোৰ পাস্ট এক্সপেৰিয়েণ্স
মোৰ কোৱলিফিকেচন
মোৰ ডিগ্ৰী
মোৰ হবি
ইত্যাদি.... 
কিন্ত আপোনাক মোৰ কোৱা নহব 
কেনেদৰে মাটি বন্ধকত ৰাখি
মোৰ পিতাই মোক পঢ়ুৱাইছিল 
নিজৰ বেমাৰৰ কথা নাভাবি 
আয়ে হোস্টেলৰ ফিজ পঠিয়াইছিল
না! মই আপোনাক ক'ব নোৱাৰিম।
ইমানৰ পিচত আপুনি আশ্চস্ত হ'লে
মোক সুধিব 
মোৰ মিনিমাম এক্সপেক্টেচন! 
বুকুত
এবুকু
আশা
লৈ.... 
মই ক'ম 'ইমান'
আপুনি ক'ব 'ইমান'টো  দিব নোৱাৰিম
আৰু অপ্ৰিয় হ'লেও সত্য
মই, নিজকে মেলি দিম
আপোনাৰ আগত পণ্যৰ দৰে।
এয়াইটো জীৱন...... 
মগজু 
ভোক
সপোনৰ
বেচা কিনা।।।
     .   .   .   .   .    .   .   .।।।।   ভাস্কৰ।।।।




Monday, 7 November 2016

UNTITLED - Bhaskar Deka

পকেটত খুচুৰা পইচা চাৰিআনা আজিৰ বজাৰত একোৱে নাপায় দলিয়াই দিলো চাল্লা নালালৈ বুলি কাৰনো কি আহে যায় মুল্যবৃদ্ধী জাতিয়তাবাদ মাথো কিছুমান ঈচ্ছু গজালৰ হান খাই ফাচিকাথত ওলমে যীচু ভগৱান ভগৱান কত তোমাৰ ফৰমান আল্লাই বিনাই বেহচত্ট মানুহ নামে নাম ধৰি সিমনাৰ অৰিয়াঅৰী সৃষ্টি কিয়নো মৰতত তোমাৰ কথাৰে ৰও যদি আমি পুৰুষ হও তোমাৰেই যদি আভাস তেজ ববলৈ দিয়া মানুহ হবলৈ দিয়া তেজৰে আনো প্ৰভাত তেজো যেন তেজৰ প্ৰভাত.................ভাস্কৰ

Friday, 4 November 2016

বৃত্তৰ পৰিধি ভাঙি-Bhaskar Deka



TRYING TO WRITE
বৃত্তৰ পৰিধি ভাঙি
-------------------------
পঢা় মেজৰ খিৰিকীৰে দেখা
মাধুৰিজোপাৰ তলতে
সৌৱা মোৰ শৈশৱ
ডালত ওলমি থকা
পকা মাধুৰিটো চিঙিব নোৱাৰি
ঠেহত মুখ ওফন্দাই আছে।
গৰখীয়াৰ নিজান দুপৰীয়াত
চাই থাক চিঙি আনিম তোক
ঐ অভিমানী মাধুৰি,
ৰহ! মই অলপ ডাঙৰ হৈ লওঁ
লেটেকু পনিয়ল ৰৈ থাকিবি
মোৰ বাহুৰ শকতিলৈ
ফৰ্মুটীয়াই পাৰি খাম তহতঁৰ
মিঠা অহংকাৰ।
সময় বাগৰিল.....!
বাটচৰাৰ পৰা নঙলা মুখলৈ নোযোৱা
ভৰিৰ তলত সৰ্পিল পথৰ কুণ্ডলী ।
মাধুৰি লেটেকু পনিয়লজোপা তাতেই আছে
একেই আছে সিহতঁৰ ঠিকনা,
মই নাই
মোৰ ঠিকনা হেৰুৱালো
আচলতে এটা পথৰ পৰা
আৰু এটা পথৰ যাত্ৰাত বন্দী হ'লো
ওখতকৈও ওখ হ'লো
আকাশ চুবলৈ বাহু মেলিলো।
সময় বাগৰিল.....!
বিচনাৰ কাষতে থকা খিৰিকীৰে চালো
হেঙুলী সূৰুযত জিলিকিছে
এটা পকা মাধুৰিৰ হাহিঁ ।
বাহুৰ সমস্ত শকতিৰে ফৰ্মুটীয়ালো
মাধুৰিলৈ বুলি
মই ঠিকনা হেৰুওৱা নাই
ৰৈ থাক লেটেকু পনিয়ল
শৈশৱ মোৰ বুকুতে।।।
................................... ভাস্ক