এটা এলেহুৱা দেওবাৰ
কুৰুকি কুৰুকি
বুকুৰ ভিতৰলৈ সোমাই আহিল।
পুৱাটোৱে পলমকৈ সাৰ পালে
এঙামুৰি কাঢ়ি কাঢ়ি
টোপনিতো সোমাই গ'ল
টেলিভিচনৰ পৰ্দাত ।
স্থবিৰ স্থবিৰ পৃথিৱী!
পেট পেলায় সম্বন্ধবোৰ,
আবেগ, অনুভুতিবোৰ নিমগ্ন
বিজ্ঞাপনৰ ৰঙীণ পোহৰত।
এলেহুৱা দেওবাৰটোৱে
মোক আজিও লৈ যাব নোৱাৰিলে
মোৰ গাওঁখনলৈ
মৰম মৰম লগা সম্বন্ধবোৰৰ মাজলৈ।
কংক্ৰিটৰ দুৱাৰ খিৰিকীৰ মাজত
বন্দি, হৈ থাকিল দেওবাৰটো ।
No comments:
Post a Comment