Showing posts with label Naba Kalita. Show all posts
Showing posts with label Naba Kalita. Show all posts

Tuesday, 27 December 2016

দুটি স্তৱক-Naba Kalita

-----।দুটি স্তৱক ।---
---------------------------
পোচাকজোৰ দেখো 
তেজৰঙী হ'ল !
অ' আই 
মামাই অৱহেলা কৰিছিল বাবেহে ------
-
আই ত'ই চাগে গম পোৱা নাই
মামাৰ হাত এখন শৰীৰৰ পৰা
বিচ্ছিন্ন কৰি দিলো
আৰু সেইবাবেই
তাইৰ লগতে সকলোৱে
মুক্তিৰ গান গাইছে ।

Thursday, 22 December 2016

ভালপোৱা-Naba Kalita

----। ভালপোৱা ।----
-------**********------
থিতাতে প্ৰাণ পায়
থিতাতে যাহ যায়
সম্বন্ধবোৰে মাথো হামকুৰি খাই ।।
--
অজানিতে গঢ় লয় এটি সম্বন্ধ
কিন্ত
গম নোপোৱাকৈয়ে দেখো
হয় কাৰাৰুদ্ধ ।।
-
কি জংকি পানৈ
কি নল-দময়ন্তি
অঘৰী আত্মাবোৰে
বিচাৰি ফুৰে
মাথো শান্তি ।।
LikeShow More Reactions
Comment

Tuesday, 20 December 2016

ভালপোৱা - Naba Kalita

----। ভালপোৱা ।---- -------**********------ থিতাতে প্ৰাণ পায় থিতাতে যাহ যায় সম্বন্ধবোৰে মাথো হামকুৰি খাই ।। -- অজানিতে গঢ় লয় এটি সম্বন্ধ কিন্ত গম নোপোৱাকৈয়ে দেখো হয় কাৰাৰুদ্ধ ।। - কি জংকি পানৈ কি নল-দময়ন্তি অঘৰী আত্মাবোৰে বিচাৰি ফুৰে মাথো শান্তি ।।

Friday, 16 December 2016

সঠিক পথৰ সন্ধানত - Naba Kalita

সঠিক পথৰ সন্ধানত -------------------------------------- কেতিয়াবা জীৱনৰ চাকনৈয়াত হাবু-ডুবু খাই সঠিক পথ বিচাৰি ফুৰোতে বহুটো মূল্যবান সময় অপচয় হয় , জীৱনৰ একা বেকা পথেৰে গৈ থাকোতে বহুতো বাধা বিঘিনি পাৰ হব লগা হয় কাৰণ সকলো পথৰেই থাকে একোটা উপ পথ আৰু থাকে একোটা বিপৰীত পথ , জীৱন যাত্ৰাৰ পথৰো থাকে বহুতো উপপথ সুখ-দুখ , হাঁহি -কান্দোন ঘাট-প্ৰতিঘাট -------- জন্মৰ পিছত মৃত্যুৰ ভালপোৱাৰ পিছত বিচ্ছেদৰ । কিন্তু পথ এৰি আকৌ পথৰেই সন্ধান কৰো চকুৰ পৰা চকুলৈ হৃদয়ৰ পৰা হৃদয়লৈ হেৰুওৱা অতীতৰ পৰা বুজি নোপোৱা ভৱিষ্যতলৈ ।।

Saturday, 10 December 2016

শব্দ -Naba Kalita


----। শব্দ ।-----
-------------------------
কুশলে আছা নিশ্চয়
আৰু
কুশলে আছে তোমাৰ অৰ্ধাংগিনি ,
তুমিতো জানাই
তোমাৰ সৈতে মোৰ
বহুদিনৰ চিনাকি
এটা এৰাব নোৱাৰা সম্বন্ধ ,
প্ৰথম চিনাকি "মা" ৰ পৰা
বৰ্তমানলৈ ,
তুমি মোৰ দুখৰ ৰাতিৰ সমভাগী
আৰু
সুখৰ দিনৰ সহযাত্ৰী ,
কেতিয়াবা মাথো সহাৰি জনাই তোমাৰ অৰ্ধাংগিনিয়ে ,
হৃদয়ৰ একা বেকা বাটেৰে গৈ থকা
অনুভৱ বিলাকক লগ লগাই
সজাই নৱ -নৱ সম্বন্ধ ,
নাম দিয়ে
কবিতা - গল্প - গান আৰু যে কত কি ,
সেই সম্বন্ধ হয়
কেতিয়াবা দুখৰ
কেতিয়াবা সুখৰ --
সচাকৈয়ে
তোমাৰ সৈতে মোৰ
বহু দিনৰ চিনাকি
এটা
এৰাব নোৱাৰা সম্বন্ধ ।।
LikeShow More Reactions
Comment

Wednesday, 7 December 2016

ভালপোৱা--Naba Kalita

---। ভালপোৱা ।---
--
এতিয়া মাথোঁ
শিশুৰ দৰে কান্দিছো ,
অসুখী হৈ ৰৈছো
সুখী হোৱাৰ অজুহাত বিছাৰি ,
ভাগৰি পৰিছো
নিসংগ ৰাতিৰ বোজা কঢ়িয়াই ।।
LikeShow More Reactions
Comment

Wednesday, 30 November 2016

বিশ্বাস- Naba Kalita


--। বিশ্বাস---।
-
হৃদয়ৰ নিভৃত কোনত
থিতাপি লোৱা দুখবোৰে
অজানিতে
হাহাকাৰ কৰি উঠে ,
কিছু শব্দ কিছু বাক্যই
অনুভৱৰ নিলগে নিলগে
অট্টহাহি মাৰে ।।
LikeShow More Reactions
Comment

Sunday, 27 November 2016

UNTITLED - Naba Kalita

-----====---- পোহৰ মাথো পোহৰ , এন্ধাৰে চেগ বুজি ঢাৰি পাতি লৈছে , বৈধতাৰ পাহাৰত বনজুই লাগিছে , অধৰত ওলমি থকা সপোনটোৱে খিৰিকীৰ পৰ্দাখন ঠেলি দিছিল , কিন্তু ক'তা তুমি দেখো একোৱেই নকলা মাথো সেমেকা নয়নেৰে দুগাল তিয়াই উপহাৰ দিলা মৌনতা , নিসংগতা , আৰু নিৰ্জনতা ।।

Sunday, 20 November 2016

বিয়া নাম - Naba Kalita

-- বিয়া নাম ---- গছৰ ডাল ভাগিব গুটিৰে ভৰত, দেউতাৰ ঘৰ ভাগিব সৰু জী ৰ লগত । মা এ কান্দিব বটাতি লৈ , স্বাধীন ঘৰ এখনি পাব কালিলৈ । দাদায়ে কান্দিছে বিছনাত বহি , ভণ্টি গুচি গ'লে কি হ'ব গতি ' নাকান্দা দাদা ঐ কান্দিব নাপায় , অত টকা ভাঙি এৰি থৈ নাজায়। নবৌ তুমি সজাই পৰাই বান্ধি দিয়া চুলি , দাদা তুমি আজ্ঞা কৰা বিয়া দিমে বুলি । মা তুমি ঘৰত থাকা সভাত বহু গৈ, দেউতা তুমি বাক্য কৰা স্বামী বৰো গৈ । ভণ্টি তুমি ঘৰত থাকা চাবি কাঠি লৈ , ভাইটি তুমি সময় পালে যাবা মোৰ ঘৰলৈ ।

Thursday, 17 November 2016

ভালপোৱা-Naba Kalita



--। ভালপোৱা ।--
কাঁচিয়লিৰ সান্নিধ্যত
নিয়ৰৰ
মিচিকিয়াৰ হাবিয়াস ,
চিকাৰী মনৰ কচাই সাজ ,
চিকাৰ চিকাৰীৰ
হিয়াৰ সহবাস ,
এক
এৰাব নোৱাৰা অভ্যাস ।।
LikeShow More Reactions
Comment

Saturday, 12 November 2016

ভালপোৱা - Naba Kalita

......॥ ভালপোৱা ॥....... .... অভিশপ্ত নিশাৰ এটি জাৰজ সপোন নহয় যেন কাৰোৱে আপোন ॥ ..... ভাষাহীন কণ্ঠৰে নিগৰা মোৰ চন্দহীন কবিতা , তাতে নীৰৱে উচুপি উঠে তোমাৰ প্ৰেৰণা ॥ .... বৰ্ণময় শব্দৰ ঢৌৱে ঢৌৱে কেতিয়াবা উচুপনি কেতিয়াবা হাঁহিৰ খলকনি ॥ ... জীৱন কেনভাচত সাতোৰঙী হৃদয়ৰ ছঁবি প্ৰাণত পাহ মেলে হৃদয় মনে বান্ধিলেও নাটে বুজালেও নুবুজে ॥ ..... যিমানে পুৰণ হয় সিমানে দীঘল হয় ঢাপে ঢাপে আগুৱাই অভাৱৰ বিস্তৃত তালিকা ॥

Monday, 7 November 2016

......॥হৃদয়ৰ বাৰ্তা .॥তোমালৈ বুলি ...॥॥-Naba Kalita


......॥হৃদয়ৰ বাৰ্তা .॥তোমালৈ বুলি ...॥॥
..........
তুমি যেতিয়া মোৰ জীৱনলৈ অহা নাছিলা , মোৰ
জীৱনৰ কোনো ছন্দ নাছিল । তুমি মোক নতুন
জীৱন দিছিলা । আৰু মোৰ জীৱনত দিছিলা এক নতুন
পৃথিৱী , যি পৃথিৱীত নাছিল কোনো দুখ ,কষ্ট ,
যণ্ট্ৰণা , আছিল মাথো সীমাহীন ভালপোৱা ,সুখ
শান্তি ।( কেৱল তোমাক ওচৰত পোৱাৰ হেপাঁহ ,
তোমাক জীৱন লগৰী কৰাৰ আশা )
কিন্তু মোৰ সুখ ,শান্তি ,আশা ,হেপাহ সকলো
ধুলিস্যাৎ হৈ গল । কাৰণ
মোক কোনো গম নিদিয়াকৈয়ে তুমি আনৰ হৈ গলা
হিয়াৰ আমঠু, মৰমৰ জীৱন লগৰী ।
ভুল তুমি কৰিলা
মোক পাহৰিলা
কিন্তু বৰ্তমান মোৰ এনে লাগে যেন
মই এতিয়া মই বেছি সুখী
BINdas----হৈ জীয়াই আছো , কাৰণ
তুমি থকা দিন বোৰত সকলো কাম কৰোতে ভাবি
চিন্তি কৰিব লাগিছিল , যাতে মোৰ কোনো কামে
তোমাৰ মনত আঘাত নিদিয়ে ( মই তো জনা
নাছিলো তুমি সপোন দেখিছিলা মাথো তোমাৰ
বাবেহে ,মই কিন্তু সপোন ৰচিছিলো দুয়োৰে
বাবে )
বাৰু যা হওঁক সেই কথা ভাবি টো এতিয়া কোনো
লাভ নাই ॥॥॥॥॥॥
তথাপি ---- কেতিয়াবা
হৃদয়ৰ নিভৃত কোনৰ পৰা ওলাই আহে
ইমান মৰম কিয় দিলা
শেষত ---- তুমি
এৰি গলা ,
সপোনতো মই
নাচিলো ভবা
তুমি মোক এৰি থৈ যাবা
মোৰ
মনৰ আশাবোৰ
তুমি--------??!!!!
LikeShow More Reactions
Comment

Saturday, 5 November 2016

অ' বিদেশী বন্ধু-Naba Kalita,

.....॥ অ' বিদেশী বন্ধু ॥....
...( হিউ ৱেন চাং -- ৰ কথা মনত পেলাই কিবা লিখাৰ চেষ্টা কৰিলো -- বানান ভুল হলে শুধৰাই দিব বুলি আশা কৰিলো )
-
সময় পালে
আকৌ এবাৰ আহিব চোন
অ' পাৰিলে
ত্যাগৰাজ আৰু গ্যান গুপ্তকো আনিব
কিন্তু
কেপ্তেইন আৰু আপোনাৰ
বাধা সত্তেও
গ্যান ভান্দাৰ অৱিনশ্বৰ
আমাৰ দেহ নশ্বৰ বুলি কৈ
প্ৰাণত্যাগ কৰাৰ প্ৰয়োজন নহব
বৰ্তমান সময়ত ।
এতিয়া সেই পৰিবহনত
উপভোগ কৰিব পাৰিব
ৰাগিত মাতাল হোৱা সকলৰ
উদ্যম নৃত্য ,
তথাপি আনিব
সকলো মিলি চাই যাব
সাতাম পুৰুষীয়া ,এলান্ধু বৰণীয়া নীতিত
ক্ষত বিক্ষত
এতিয়াও সমাজ ব্যৱস্থা ।
যদিও
কটাক্ষ কৰে
জংঘলৰ বান্দৰ বুলি
আপুনি
জংঘলৰ মাজেৰে
জলপথেৰে আহিব নালাগে
বৰ্তমান সময়ত ,
কিন্তু ----
আকৌ সেই তেজপিয়া ঈশ্বৰৰ পাল্লাত
নপৰে বুলি কথা দিব নোৱাৰিম আপোনাক
কাৰণ --
কৈছোৱেই --
সাতাপ পুৰুষিয়া এলান্ধু বৰণীয়া নীতিত
এতিয়াও
ক্ষত - বিক্ষত
সমাজ ব্যৱস্থা ---
তথাপি ---
সময় পালে আহিব চোন
আকৌ এবাৰ
আগতিয়াকৈ নকও দিয়ক,
সেই সময় .......
এই সময় ....
বহুত ........
LikeShow More Reactions
Comment

Friday, 4 November 2016

ডাইনী হত্যা বন্ধ হোৱাৰ কামনাৰে-Naba Kalita

HYPOCRATES BE AWARE
...। ডাইনী হত্যা বন্ধ হোৱাৰ কামনাৰে------।।
---
হেৰৌ
জীৱশ্ৰেষ্ঠ মানব !
এতিয়াও সময় আছে
বিচাৰি ল সঠিক বাট
এলান্ধু বৰণীয়াৰ আগমন ঘটিলে
সঠিক বাট বিচাৰি হাবাথুৰি খাবি
সাতামপূৰুষীয়া
এলান্ধু বৰণীয়া নীতিৰ ভেটিৰে
ধ্বংস নকৰ
সুস্থ সৱল সমাজৰ জ্যোতিৰ ভেটি
পৰিবৰ্ত্তিত সময়ৰ প্ৰগতিশীল চিন্তাৰে
গঢ়ি তোল জ্যেতিৰ ভেটি
অনুতাপৰ জুইত নিশেষ হোৱাৰ আগেয়ে
প্ৰতিটো মূহুৰ্তক সজাই ল
জ্যোতিৰ গভীৰতাৰে
আকৌ কৈছো
এলান্ধু বৰণীয়াই গ্ৰাস কৰাৰ আগতেই
বিচাৰি ল সঠিক বাট
LikeShow More Reactions
Comment

Monday, 31 October 2016

বিষাদ ভাল পোৱা ছোৱালীজনী-Naba Kalita


 A RIVER OF EMOTIONS "বিষাদ ভাল পোৱা ছোৱালীজনী" BY NABA KALITA
---। বিষাদ ভাল পোৱা ছোৱালীজনী ।---
-------------------------
দুচকুৰে প্ৰসৱ হৈছে
ৰক্ত টোপাল ,
আশাৰ টোপোলা
বুকুত বান্ধি
সেন্দুৰীয়া আলিটোৰে
অহৰহ
আহ যাহ ,
অস্ত বেলিৰ আৰ্তনাদত
ভুমিষ্ঠ হৈছে
এবুকু
উৎসাহ ।

Sunday, 30 October 2016

শাওন-Naba Kalita

DESCRIBING NATURE WITH HIS OWN UNIQUE STYLE ' শাওন' A POEM  WRITTEN BY YOUNG TALENTED NABA KALITA
----। শাওন ।---
----------------------
চৌদিশে মাথো
বাৰিষা বাৰিষা গোন্ধ
চেহ
গামোচা খন গম নোপোৱাকৈয়ে
দীঘল হৈছে ।
---
পংকময় সপোন পথাৰত
কবিতা কবিতা খেলোতে
অতল গহ্বৰৰ
অচিন চিনাকি
বাট হেৰাইছে

Like
Comment
Comments
Suresh Borah Chui go'l.
LikeReply1July 25 at 3:02am
Lohit Pritom মিত্ৰ খুৱ সুন্দৰ । পঢ়ি ভাল আপ্লুত হলো ।
LikeReply3July 25 at 4:32am
Mahadev Barman বহুত ভাল লাগিল
LikeReply1July 25 at 8:43am
Dilip Koushik শাওণৰ সুন্দৰ ছবি বন্ধু । সুপ্ৰভাত
LikeReply1July 25 at 9:31am
Rimpee Gogoi Xaunor gundho..... Naba kai bor dhuniya kbita uphaar dila . Dhanyabad tmk . Noon.
LikeReply1July 25 at 12:09pm
Hiranya Dergan মজা একদম ষ্বাভাৱিক,,,,
LikeReply1July 25 at 12:58pm
Suman Kashyap ভাল লাগিল দেই পঢ়ি ৷
LikeReply1July 25 at 1:20pm
Padum Kalita সুন্দৰ
LikeReply1July 25 at 4:02pm
Junti Saikia সুন্দৰ দেই
LikeReply1July 25 at 4:46pm
ডেনিয়েল দাস মাৰ্কুশ্ব সুন্দৰ উপস্থাপন ৷ বৰ ভাল লাগিল মিত্ৰ ৷
LikeReply1July 25 at 7:31pm
Munindra Haloi সুন্দৰ অনুভৱ,বৰ ভাল পালো |
LikeReply1July 25 at 7:36pm
Kishmita Mayuree কিণ কিণ বৰষুণৰ জাকে শাওনৰ
পথাৰ ভুৰি পোৰিল ___
শাওনৰ বৰষুণ গুজৰি-গুমৰি 

ৰিব্ ৰিব্ মলয়া বাহ ___ 
আৰু গালে মুখে বোকা লাগি 
পথাৰত ভুঁই ৰুই ___
গাওঁৰ জিয়ৰী বোৱাৰী 
শইচৰ সেউজীয়াত মোৰ 
মন ভুৰি পোৰে । 
শুব শুনদিয়া নব দা ।
LikeReply2July 26 at 8:56amEdited
ক্লাৰ্ক ছা-হা-বা হাৰ্টি অসমীয়া পুৰণি কবিতাৰ ভাণ্ডাৰ । বিশ্বাস নহলে তলত দিয়া লিংকটোত গৈ এবাৰ চাব পাৰে ।

https://m.facebook.com/অসমীয়া-কবিতাৰ-মায়াজাল-14508216218.../

LikeReply1July 25 at 9:50pm
সত্যজিৎ বৰদলৈ চিনাকী মোৰশাওঁনৰ পদূলি
তাতে আকৌ বাৰিষাৰ সুগন্ধি
LikeReply2July 26 at 9:01amEdited
Naba Kalita ধন্যবাদ আপোনালোকোলৈ , সুখী হলো সহাৰি পাই
LikeReply1July 26 at 2:53pm