Saturday, 5 November 2016

অ' বিদেশী বন্ধু-Naba Kalita,

.....॥ অ' বিদেশী বন্ধু ॥....
...( হিউ ৱেন চাং -- ৰ কথা মনত পেলাই কিবা লিখাৰ চেষ্টা কৰিলো -- বানান ভুল হলে শুধৰাই দিব বুলি আশা কৰিলো )
-
সময় পালে
আকৌ এবাৰ আহিব চোন
অ' পাৰিলে
ত্যাগৰাজ আৰু গ্যান গুপ্তকো আনিব
কিন্তু
কেপ্তেইন আৰু আপোনাৰ
বাধা সত্তেও
গ্যান ভান্দাৰ অৱিনশ্বৰ
আমাৰ দেহ নশ্বৰ বুলি কৈ
প্ৰাণত্যাগ কৰাৰ প্ৰয়োজন নহব
বৰ্তমান সময়ত ।
এতিয়া সেই পৰিবহনত
উপভোগ কৰিব পাৰিব
ৰাগিত মাতাল হোৱা সকলৰ
উদ্যম নৃত্য ,
তথাপি আনিব
সকলো মিলি চাই যাব
সাতাম পুৰুষীয়া ,এলান্ধু বৰণীয়া নীতিত
ক্ষত বিক্ষত
এতিয়াও সমাজ ব্যৱস্থা ।
যদিও
কটাক্ষ কৰে
জংঘলৰ বান্দৰ বুলি
আপুনি
জংঘলৰ মাজেৰে
জলপথেৰে আহিব নালাগে
বৰ্তমান সময়ত ,
কিন্তু ----
আকৌ সেই তেজপিয়া ঈশ্বৰৰ পাল্লাত
নপৰে বুলি কথা দিব নোৱাৰিম আপোনাক
কাৰণ --
কৈছোৱেই --
সাতাপ পুৰুষিয়া এলান্ধু বৰণীয়া নীতিত
এতিয়াও
ক্ষত - বিক্ষত
সমাজ ব্যৱস্থা ---
তথাপি ---
সময় পালে আহিব চোন
আকৌ এবাৰ
আগতিয়াকৈ নকও দিয়ক,
সেই সময় .......
এই সময় ....
বহুত ........
LikeShow More Reactions
Comment

No comments:

Post a Comment