এটি মহানৰ মৃত্যুত
-----------------------------------
অাজি এটি মহানৰ মৃত্যু হ'ল
বাতৰিৰ শিৰোনামা
অথবা টিভিৰ পৰ্দাত জিলিকি উঠা
মহান তেওঁ নহয়
তেওঁ সমাজ সেৱক অথবা ৰাজনীতিজ্ঞও নহয়
ফুটপাথ অাৰু মহানগৰীৰ
সৰু সুৰা অলিয়ে গলিয়ে সন্ধান কৰিলে পোৱা যায় তেওঁৰ দৰে বহুতো মহানক
দেহ নঢকা
অতি তাকৰীয়া কাপোৰ পিন্ধিলেও
তেওঁ পিছে মহাত্মাও নহয় ।
কুটকুৰা চুলি, অ'ত ত'ত মলিৰ চামনী বন্ধা
অাৰু দুৰ্গন্ধৰ অাঁতৰত ডুব গৈ থকা
মহানজনৰ পিছে বৰ বেছি ঠেহ পেছ নাই
যিকোনো ঠাইত তেওঁ শেতেলী পাতিব পাৰে
অ'ৰ ত'ৰ পেলনীয়া খাদ্যৰ টুকুৰা
পেটত সুমুৱাই তেওঁ পৰিষ্কাৰ কৰে
লেতেৰা চুকবোৰ …
বাটৰ কুকুৰবোৰ তেওঁৰ সাংঘাটিক বন্ধু
অাজি তেওঁৰ মৃত্যু হ'ল
কেইটামান কোচোৱা নাকে তেওঁৰ মৃত শৰীৰটোক কোবাই থৈ গ'ল।
কাউৰী শগুণ জাকে তেওঁৰ অাজি শ্ৰাদ্ধ পাতিব
ওচৰত কুকুৰবোৰ ৰৈ অাছে শ্ৰদ্ধাতৰ্পন কৰিবলৈ--
তেওঁৰ অাত্মাৰ সদ্গতিৰ কামনাৰে ….......
( কংকনা বৈশ্য)
No comments:
Post a Comment