Showing posts with label Abhinandan Nath. Show all posts
Showing posts with label Abhinandan Nath. Show all posts

Tuesday, 8 November 2016

তোমাতেই ...Abhinandan Nath


"তোমাতেই"--MESMERISNG  LINE BY ABHINANDAN NATH
তোমাতেই প্ৰাণ কৰোঁ
এক অপূৰ্ব সুন্দৰতা
সুদূৰৰ পৰা স্পৰ্শবিহীনভাৱে ।
অাপ্লুত হৃদয়ে অাঁকোৱালি লয়
এক অবুজ প্ৰশান্তি ।

LikeShow More Reactions
Comment

Friday, 4 November 2016

অপ্ৰাপ্তি-Abhinandan Nath

'অপ্ৰাপ্তি' - WORDS FROM THE DEEP CORE OF HEART BY ABHINANDAN NATH
#অপ্ৰাপ্তি
__________
প্ৰাপ্তি বুলি কওঁতে থমকি ৰওঁ ,
কওঁ বুলিও ক'ব নোৱাৰো কথাষাৰ ,
অথচ বাঙ্ময় কবিতা এটিৰ দৰেই সাঁচি থৈছোঁ।
কিন্তু ভাও জোৰোঁ..
অাৰিবলৈ যে পাতখিলা উকা নহয় !
মই যিদিনা বেৰৰ জলঙাইদি জুমি চাওঁ,
শীতৰ ছিম্ফণিত ৰাতিটোও শেষ হ'ব নোখোজে ।
কেতিয়াও ভাগৰি নপৰা বাঁহীৰ সুৰে সেইদিনা,
সপোনৰ বাটেৰে ভটিয়াই যাবলৈ অপৰাগ হয় ।
মই সেয়াই বিচাৰোঁ ,
তথাপিও দুখ অাৰু মই ....
মাজনিশাৰ ৰেলৰ দীঘল উকিবোৰ....
অাস! দোমোজাৰ কিযে চাৱনি ।
অাচলতে প্ৰাপ্তি বোলা কথাষাৰে,
কৰোঁ বুলিও শেষ কৰিব নোৱাৰে বহু কথা !
LikeShow More Reactions
Comment