Showing posts with label Minu Das. Show all posts
Showing posts with label Minu Das. Show all posts

Thursday, 22 December 2016

সমাধি-Minu Das


সমাধি
হাতৰ তলুৱাত বন্দী দুখবোৰত
সমাধিস্থ সুখৰ প্ৰৱাহ,
শিকলিৰ কঠোৰতাত থমকি ৰয়
আপোচত কাৰাৰুদ্ধ জীৱন।
জেতুকা পাতৰ প্ৰলেপে জানো ৰঙায়
বেৰঙী দুখৰ সময়?.......
ধমনিলৈকে সংক্ৰমন হয়
অৱসাদৰ জটিল ভাইৰাচ,
কৰ্কটাক্ৰান্ত অৱশিষ্ট ৰঙীনতাই
খুলি খুলি কুটি খায় কলিজাৰ জীৱন।
শুভ্ৰ কাপোৰৰ তলত হব চাগৈ শেষ
নিদ্ৰাহীন দুখৰ ৰাতি আলাপ,
সমাধিৰ মাটিত বিলীন হব
জীৱনৰ অপ্ৰকাশ্য কৰুণ বিলাপ।
LikeShow More Reactions
Comment

অনুভৱৰ কৰণি-Minu Das


অনুভৱৰ কৰণি
বিবাহ আৰু নাৰী জীৱন.... ১
কোলাৰ কণমানীজনী বৰ এজনী হ'ল। এটা উজ্বল, সতেজ অনুভৱে মোক সদায়ে আপ্লুত কৰে। জীৱনৰ কঠিনতাই স্পৰ্শ নকৰা তাইৰ কোমল মনটোক লৈ মাজে মাজে সংকিত হৈ পৰো। গঢ় দিব বিচাৰো এক শক্তিৰে ভৰপূৰ সত্বা ৰূপে ।এখন উপযুক্ত হৃদয়ৰ সন্ধান কৰোঁ, তাইৰ বাবে।
এৰা হৃদয়ৰ সন্ধান! এগৰাকী নাৰীৰ সৰ্বস্বক গ্ৰহন কৰিব পৰা এখন বহল হৃদয়। য' ত উপশম হব ওপজা সোণৰ ঘৰখন এৰি অহাৰ তীব্ৰ মানসিক যন্ত্ৰণা, যিখন হৃদয়ে পূৰাই পেলাব গাভৰু হৃদয়ৰ হেজাৰ বাসনা, নাৰী মনৰ অলেখ কল্পনা।
তাই যে সকলো এৰি গুচি আহে।কেবল পৰিয়ালৰ মৰম স্নেহই নহয়, জন্ম লগ্নৰে পৰা পাই আহা নিৰাপত্তাক ত্যাগ কৰি এখন নতুন ঘৰলৈ একেবাৰে গুচি আহিবলৈ সাহস পায়, কেৱল সেই এখন হৃদয়ৰ আকৰ্ষনত। নিৰাপত্তা বিচাৰে সেই ব্যক্তিজনৰ পৰা, স্বামী বুলি সাঙুৰি লোৱা সেই মানুহজনৰ পৰা। এটা সবল মনৰ নিৰাপত্তা। দুটা বলিষ্ঠ বাহুৰ নিৰাপত্তা।
সেই নিৰাপত্তাৰ আৱেষ্টনীত তেজ মঙহৰ মানুহজনী মিলি যাব বিচাৰে হৃদয়বান সেইজন পুৰুষৰ তেজ মঙহৰ সৈতে। জীৱনৰ সকলো কঠিনতাই পাৰ কৰিবলৈ সক্ষম হয় কেৱল সেইজন ব্যক্তিৰ মৰমৰ প্ৰেৰণাত। চলাই নিয়ে কেইটামান অচিন সত্বাৰে পৰিপূৰ্ণ এখন ঘৰ। পত্নীত্বৰ দায়িত্বৰে ঘৰখনৰ বহুৰঙী মনবোৰক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাত নামি পৰে। প্ৰকৃততে তাৰ অন্তৰালতো থাকে স্বামীক সন্তুষ্ট কৰাৰ নাৰী মনৰ আকুলতা। কিছু ত্যাগ, কিছু আপোচ আৰু সম্পূৰ্ণ মানৱীয়তাৰে দুবাহু মেলি আকোৱালি লয় এখন অচিনাকী নতুন ঘৰ।
LikeShow More Reactions
Comment

Saturday, 3 December 2016

Minu Das



উৰুখা পঁজাৰ মূধচত তেতিয়াও
ধুমুহাক লঙ্ঘিব পৰাৰ আখৰা চলে,
তমালৰ আটিল বান্ধোনত চলে
এটি সপোন নিশ্চিন্ত হোৱাৰ কচৰৎ.।
আকাশৰ বুকুৰ নীলা খিনিত
আশাই খমলা বান্ধে,
সেউজীয়া বৰষুণত শৰীৰ তিতিব
আঙুলি এৰা আস্থাই পুনৰ সাজিব
বিশ্বাসৰ সুদৃঢ় প্ৰাচীৰ।
সেউজীয়া বুকুত জী ঊঠিব
একুকি শুভ্ৰ খৰিকাজাই।
Like
Comment

Friday, 25 November 2016

A HEART TOUCHING PROSE BY-Minu Das

'শীতল কোলা 'ত উচ্চাসৰ বন্যা নামিছে। ৰত্নদা আহিব। ইমান দিনৰ মূৰত সপৰিয়ালে ৰত্নদা আহিব !!-----খবৰটো মোক সাদৰী বাইদেৱে phonot দিলে।
" তিলৰ পিঠা কেইখনমান পুৰি থৈছোঁ।সি বৰ ভাল পায় নহয়। " - - - - ফোনটোৰ সিটো মূৰৰ পৰা ভাঁহি আহা কথাষাৰ বাইদেউৰ হৃদয় ভৰি থকা পুত্ৰপ্ৰেমৰ আকুলতাঁই ঢৌৱাই লৈ আহিলে।
ৰত্নদা সাদৰী বাইদেউৰ একমাত্ৰ সন্তান । বৰ্তমান নতুন দিল্লীৰ স্থায়ী বাসিন্দা। এটা বহু জাতিক কোম্পানীৰ GM. সময়ৰ অভাৱত নে আন্তৰিকতাৰ অভাৱত নাজানো পৈতৃক ঘৰখনৰ প্ৰতি তেওঁৰ আকৰ্ষন একেবাৰে শূণ্য। তথাপিও আশাৰ খীন সোঁত এটা বাইদেউৰ হৃদয়ত অহৰহ প্ৰৱাহিত হয়।
"পৰীয়ে অসুবিধা পাব বুলি চুবুৰীৰ মালতীক মতাই ঘৰটোও সাৰি-পুছি থৈছোঁ। মনিৰামকো জালখন লৈ পুৱাই আহিবলৈ কৈ আহিছোঁ, ঘৰৰ পুখুৰীটোৰ মাছকেইটা মৰাব লাগিব। নাতি-নাতিনীহালে মাছ মাৰা দেখাই নাই নহয়।" - - - - ষাঠিৰোৰ্দ্ধৰ সাদৰীবাইদেউৰ আপত্য স্নেহ বিগলিত কথাকেইষাৰে মোক সকাহ দিলে। হওক তেও, দুদিনমানৰ কাৰণে হলেও বাইদেউৰ স্তব্ধ সময়ে গতি পাব। 'শীতল কোলাৰ' অপেক্ষাৰত বন্ধ কোঠাকেইটাৰ বতাহত মলঙি থকা আশাবোৰ পুনৰ সজীৱ হৈ পৰিব।বাইদেউৰ চলিহা পৰা চকুহালে জীৱন জীয়াই ৰখাৰ সমল বিচাৰি পাব।
***
পুৱা কলেজলৈ যোৱাৰ পথত ৰত্নদাক মাত লগাই যাও বুলি বাইদেউৰ ঘৰত সোমালোঁ। নঙলা মুখৰ পৰাই বাইদেউক বাৰান্দাত বহি থকা দেখা গ'ল। একেবাৰে কাষতে পকী মজিয়াত বহি থকা কুকুৰটোক কোলাত থকা পলিথিন এটাৰ পৰা তেওঁ কিবা ওলিয়াই খাবলৈ দিছে। মোৰ খোজৰ শব্দত এক্ষন্তেক ঘূৰি চাই বাইদেৱে আন্তৰিকতাৰে কলে "মুন আহিছ? আহ।"
মই বাৰান্দাৰ আনএটা দিশত থকা চকীখনত ত বহিবলৈ লৈ দুৱাৰমুখত ওলোমাই থোৱা পৰ্দাখনৰ সিটোপাৰৰ মানুহৰ উপস্থিতিৰ উমান ললো। বহুচেষ্টা কৰি একো ধৰিব নোৱাৰি বাইদেউক উদ্দেশ্য কৰি সুধিলোঁ - - 'ৰত্নদাহঁত - - - "
"এহ্ নাহিল, সময় নহ'ল হেনো- - - - - "মোৰ মুখৰ কথাখিনি শেষ নৌ হওঁতেই বাইদেৱে একপ্ৰকাৰ চিঞৰি কৈ উঠিল। ধীৰ মানুহজনীক অস্থিৰ দেখা গ' ল।
তাৰ পাছত কোলাত থকা পলিথিনৰ পেকেটটো কুকুৰটোৰ সন্মুখলৈ প্ৰচণ্ড বিৰক্তিৰে দলিয়াই দিলে। পিঠা কেইখনমান পেকেটটোৰ পৰা ওলাই দূৰলৈ চিটিকি গ'ল।
সাদৰী বাইদেউৰ আবেগবোৰ যেন পেকেটৰ পৰা ওলাই মজিয়াখনত সিঁচৰিত হৈ পৰি থাকিল।মই বাক ৰুদ্ধ হৈ পৰিলোঁ। চৌপাশ মৰিশালিৰ মৌনতাই আগুৰি ধৰিলেহি।
" তই বহ, চাহ আনোগৈ। বৰ পিয়াহ লাগিছে। "----ভাগৰুৱা খোজেৰে বাইদেউ ভিতৰলৈ সোমাই গ'ল।
পুত্ৰৰ স্নেহ তৃষ্ণাত আতুৰ এগৰাকী বৃদ্ধা। মোৰ বুকুখন বিষাই উঠিল। কুকুৰটোৱে অ'ত ত'ত পৰি থকা পিঠাবোৰ এফালৰ পৰা চোবাই গ'ল।**********
( মোৰ জন্মদাত্ৰী মাৰ হাতত দিলোঁ। "মা মই তোমাৰ লগত সদায়ে থাকিম । তোমাৰ আচলৰ উমখিনিৰ যে ভিক্ষাৰী মই।" )
LikeShow More Reactions
Comment

Wednesday, 23 November 2016

মই ৰত্নগৰ্ভা-Minu Das



মই ৰত্নগৰ্ভা
মই কন্যাপ্ৰসৱিনী।
ময়েই খনিকৰ
মোৰ নিপুন হাততেই প্ৰাণ পায়
মানৱী পুতলাই,
জীৱন গঢ়াৰ সৃষ্টিৰ সংগীত
মোৰেই মন্ত্ৰনাত গায়।
মোৰ দুৰ্দান্ত সহাস বুটলি
ধুমুহাক কৰে জয়,
মোৰ কোমল পৰশত
মাধুৰী সাৱটি লয়।
মোৰেই ভংগীত নাচিব
ত্ৰিনয়ন তাণ্ডৱ,
বজ্ৰসম দৃষ্টিৰে ৰোধিব
অপসংস্কৃতিৰ প্ৰৱাহক।
মই ৰত্নগৰ্ভা
কাৰণ মই কন্যাপ্ৰসৱিনী। ********
( কন্যাপ্ৰসৱিনী সকলো মাতৃৰ হাতত মোৰ অনুভৱক অৰ্পণ কৰিলোঁ।)
LikeShow More Reactions
Comment

Wednesday, 9 November 2016

অনুভৱৰ কৰণী---Minu Das

"অনুভৱৰ কৰণী"  NEW CHAPTER ADDED FROM THE WORLDS MOST BEAUTIFUL DIARY CALLED "HEART" BY MINU DAS
অনুভৱৰ কৰণী -
গুৱাহাটীৰ তেল কোম্পানীৰ আৱাসিক গৃহৰ পৰা এবাৰ নগাঁও জিলাৰ কাকী লৈ গৈছিলোঁ। এয়া ১৯৭৬/৭৭ চনৰ কথা। ককা আইতাৰ ঘৰ ৩ নং কাকীত। সেই সময়ত ভাপেৰে চলা ট্ৰেইনেৰে আমি প্ৰথমে নগাঁও পাব লাগিছিল। তাৰপৰা পুনৰ ২০ /২৫ মাইল মান(আনুমানিক) বাছেৰে গ'লেহে মামাহঁতৰ গাওঁখন পায়। বাছ এখনেই চলে। কেনেবাকৈ বাছ ধৰিব নোৱাৰিলে অৱস্থা তথৈবচ হোৱাটো খাটাং। আমাৰো সেয়ে হ'ল। সময়মতে বাছ আস্থান আহি নাপালো। দেউতাই অনুসন্ধান কৰি গম পালে যে বাকী সময়ছোৱাত যাতায়াতৰ অন্য কোনো ব্যৱস্থা নাই।পিছদিনা পুনৰ এই সময়তে, এইখন বাছকে ধৰিব লাগিব। লাহে লাহে সাঁজ লাগি আহিল । উপায় নাই, নিশাটোৰ বাবে এঘৰত অশ্ৰয় লব লাগিব। মায়ে পম খেদি কিছু নিলগত থকা দূৰ সম্পৰ্কীয় মাহীয়েক এগৰাকীৰ ঘৰ বিচাৰি উলিয়ালে।
নিশা ভাত খাই শুই পৰিলো। হঠাৎ মাৰ হেঁচনীত সাৰ পাই বিচনাতে বহি পৰিলো।
"ব'ল ব'ল, গাড়ী আহিছে।"-- মায়ে কথা কেইটা কৈ কৈয়ে মোক বিচনাৰ পৰা দাঙি নি চোতাল পোৱালে। দাদা আৰু বাইদেৱে চোতালতে পাৰি থোৱা পাটী এখনত আগৰে পৰা বহি আছিল। দূৰৰপৰা টিলিঙাৰ শব্দ ভাহি আহিছিল। মাহী আইতাই মাক আলি বাটলৈ ওলাই যোৱাৰ কথা ক'লে।
নিশাৰ অন্ধকাৰফালি কেইটামান লেম্পৰ পোহৰ আৰু নিশব্দতা ঠেলি বহুকেইটা টিলিঙাৰ সমৱেত ধবনি ক্ৰমাৎ ওচৰ চাপিলেহি। প্ৰায় ১০খন মান মহৰ গাড়ীৰ এটা দীঘলীয়া শাৰী। সেই দিনবোৰত ভিতৰুৱা অঞ্চলৰ মানুহে এনেদৰে মহৰ বা গৰু গাড়ীৰে দলবদ্ধ ভাৱে দূৰৰ হাট - বজাৰলৈ বেপাৰ কৰিবলৈ গৈছিল। ঘৰৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি পুনৰ ঘৰলৈ উভতে।
"কাকাইটি, ৩ নম্বৰলৈ যোৱা মানুহ আছে। লৈ যোৱা। "
মহা ককাই প্ৰথম গাড়ীখনৰ চালকজনক ক'লে।
" ঐ ৰতন, মানুহকেইটা লৈ ল।"মানুহজনে পাছফালৰ অান এজন চালকক উদ্দেশ্য কৰি বতাহতে কাথাষাৰ এৰি দি এইবাৰ আমাৰ ফালে চাই কলে ", পাছত এখন খালী আছে। তাতে উঠাই দিয়ক। মই মাল আনিছোঁ। ইয়াত বহিবলৈ ঠাই নাই। "
খেৰ পাৰি থোৱা এখন গাড়ীত আমি উঠি পৰিলো। মহৰ গাড়ীৰ শাৰীটো পুনৰ আন্ধাৰ বাটেৰে আগবাঢ়িলে। শুকান খেৰত ওপৰ মুখকৈ শুই শুই আমি নিশাৰ আকাশখনলৈ চাই গৈছো। মহৰ গাড়ীৰ চকাৰ কেৰ্ কেৰ্ শব্দ, একুৰি মহৰ ডিঙিৰ টিলিঙাৰ টলং-টলং শব্দ, মহবোৰ চলাই নিবলৈ চালকে মুখেৰে কৰি যোৱা হ -হ, হুৰ - হুৰ শব্দৰ মিশ্ৰিত ধ্বনি সংগম আৰু গাড়ীৰ দোলনী লৈ লৈ আমি আগবাঢ়িলো। *********
সেই সমগ্ৰ নিশাটোৰ অপৰূপ সৌন্দৰ্যই মোৰ কুমলীয়া মনত যি এক নান্দনিক চিত্ৰৰ অংকন কৰিলে, বিজুলীচাকিৰ পোহৰেৰে পোহৰাই থোৱা অইল ক'লনীৰ পৰা আহি বৰ্তমানৰ যান্ত্ৰিকতাৰ পৃথিৱীখনত অতিবাহিত মোৰ হৃদয়ে সেই ছবিৰ আকৰ্ষনীয়তাক আজিও সতেজ আৰু সজীৱ ৰূপত অনুভৱ কৰে।
LikeShow More Reactions
Comment

Monday, 7 November 2016

হাঁহিবোৰ হঠাতে স্তব্ধ হয়-Minu Das

হাঁহিবোৰ হঠাতে স্তব্ধ হয়,
শ্মশানত ছাই হয় কুমলীয়া সপোন।
জীৱনৰ আলপনাত কফিনৰ তেজৰ কৰাল
অংকিত হয় সীমাহীন দুৰ্দশাৰ কেনভাচ।
মাকৰ বগা সাজযোৰ
সিহঁতৰ বাবে এক নুবুজা সাথৰ।
কেৱল মন্ত্ৰ মুগ্ধৰ দৰে মুখে মুখে আওৰায়
বিসৰ্জনৰ কৰুণ সংগীত। - - - - - -
পাক--ভাৰত সীমান্তত প্ৰাণ হেৰুৱা পিতৃ( ভাৰতীয় সৈনিক ) ৰ কফিনলৈ চাই salute কৰা সেই দুটা দেৱ শিশুৰ বাবে উৎসৰ্গিত। বীৰ পিতৃৰ সাহসী সন্তান তোমালোকক নমস্কাৰ।

LikeShow More Reactions
Comment