অনুভৱৰ কৰণী -
গুৱাহাটীৰ তেল কোম্পানীৰ আৱাসিক গৃহৰ পৰা এবাৰ নগাঁও জিলাৰ কাকী লৈ গৈছিলোঁ। এয়া ১৯৭৬/৭৭ চনৰ কথা। ককা আইতাৰ ঘৰ ৩ নং কাকীত। সেই সময়ত ভাপেৰে চলা ট্ৰেইনেৰে আমি প্ৰথমে নগাঁও পাব লাগিছিল। তাৰপৰা পুনৰ ২০ /২৫ মাইল মান(আনুমানিক) বাছেৰে গ'লেহে মামাহঁতৰ গাওঁখন পায়। বাছ এখনেই চলে। কেনেবাকৈ বাছ ধৰিব নোৱাৰিলে অৱস্থা তথৈবচ হোৱাটো খাটাং। আমাৰো সেয়ে হ'ল। সময়মতে বাছ আস্থান আহি নাপালো। দেউতাই অনুসন্ধান কৰি গম পালে যে বাকী সময়ছোৱাত যাতায়াতৰ অন্য কোনো ব্যৱস্থা নাই।পিছদিনা পুনৰ এই সময়তে, এইখন বাছকে ধৰিব লাগিব। লাহে লাহে সাঁজ লাগি আহিল । উপায় নাই, নিশাটোৰ বাবে এঘৰত অশ্ৰয় লব লাগিব। মায়ে পম খেদি কিছু নিলগত থকা দূৰ সম্পৰ্কীয় মাহীয়েক এগৰাকীৰ ঘৰ বিচাৰি উলিয়ালে।
নিশা ভাত খাই শুই পৰিলো। হঠাৎ মাৰ হেঁচনীত সাৰ পাই বিচনাতে বহি পৰিলো।
"ব'ল ব'ল, গাড়ী আহিছে।"-- মায়ে কথা কেইটা কৈ কৈয়ে মোক বিচনাৰ পৰা দাঙি নি চোতাল পোৱালে। দাদা আৰু বাইদেৱে চোতালতে পাৰি থোৱা পাটী এখনত আগৰে পৰা বহি আছিল। দূৰৰপৰা টিলিঙাৰ শব্দ ভাহি আহিছিল। মাহী আইতাই মাক আলি বাটলৈ ওলাই যোৱাৰ কথা ক'লে।
নিশাৰ অন্ধকাৰফালি কেইটামান লেম্পৰ পোহৰ আৰু নিশব্দতা ঠেলি বহুকেইটা টিলিঙাৰ সমৱেত ধবনি ক্ৰমাৎ ওচৰ চাপিলেহি। প্ৰায় ১০খন মান মহৰ গাড়ীৰ এটা দীঘলীয়া শাৰী। সেই দিনবোৰত ভিতৰুৱা অঞ্চলৰ মানুহে এনেদৰে মহৰ বা গৰু গাড়ীৰে দলবদ্ধ ভাৱে দূৰৰ হাট - বজাৰলৈ বেপাৰ কৰিবলৈ গৈছিল। ঘৰৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি পুনৰ ঘৰলৈ উভতে।
"কাকাইটি, ৩ নম্বৰলৈ যোৱা মানুহ আছে। লৈ যোৱা। "
মহা ককাই প্ৰথম গাড়ীখনৰ চালকজনক ক'লে।
" ঐ ৰতন, মানুহকেইটা লৈ ল।"মানুহজনে পাছফালৰ অান এজন চালকক উদ্দেশ্য কৰি বতাহতে কাথাষাৰ এৰি দি এইবাৰ আমাৰ ফালে চাই কলে ", পাছত এখন খালী আছে। তাতে উঠাই দিয়ক। মই মাল আনিছোঁ। ইয়াত বহিবলৈ ঠাই নাই। "
খেৰ পাৰি থোৱা এখন গাড়ীত আমি উঠি পৰিলো। মহৰ গাড়ীৰ শাৰীটো পুনৰ আন্ধাৰ বাটেৰে আগবাঢ়িলে। শুকান খেৰত ওপৰ মুখকৈ শুই শুই আমি নিশাৰ আকাশখনলৈ চাই গৈছো। মহৰ গাড়ীৰ চকাৰ কেৰ্ কেৰ্ শব্দ, একুৰি মহৰ ডিঙিৰ টিলিঙাৰ টলং-টলং শব্দ, মহবোৰ চলাই নিবলৈ চালকে মুখেৰে কৰি যোৱা হ -হ, হুৰ - হুৰ শব্দৰ মিশ্ৰিত ধ্বনি সংগম আৰু গাড়ীৰ দোলনী লৈ লৈ আমি আগবাঢ়িলো। *********
সেই সমগ্ৰ নিশাটোৰ অপৰূপ সৌন্দৰ্যই মোৰ কুমলীয়া মনত যি এক নান্দনিক চিত্ৰৰ অংকন কৰিলে, বিজুলীচাকিৰ পোহৰেৰে পোহৰাই থোৱা অইল ক'লনীৰ পৰা আহি বৰ্তমানৰ যান্ত্ৰিকতাৰ পৃথিৱীখনত অতিবাহিত মোৰ হৃদয়ে সেই ছবিৰ আকৰ্ষনীয়তাক আজিও সতেজ আৰু সজীৱ ৰূপত অনুভৱ কৰে।

No comments:
Post a Comment