Wednesday, 2 November 2016

পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে-Himangshu Prasad Das

ALL BROKEN HEARTS PLEASE HAVE A LOOK. HIMANGSHU PRASAD DAS  DIRECTOR OF UPCOMING FILM "ছাকীৰা আহিব বকুলতলৰ বিহুলৈ" HAS SOMETHING TO SAY TO YOU
Himangshu Prasad Das with Himanshu Prasad Das Hipradasand 2 others.
পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে
✍ হিমাংশু প্ৰসাদ দাস
পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মই লৈ আহিছোঁ এহেজাৰ এটা যুক্তি
কিয় কৰিম ভয়, কালৈ কৰিম ভয়
ভাল লাগিলে ভালপাওঁ বুলি কমেই
বৰ বেছি কিনো হ'ব ! লাঠ খাম
আৰে ভাই, লাঠেই যদি পোৱা নাই খায় লাইফত
কিনো পালা খাই !
এগ ৰোল, চাউমিন, চিকেন ফ্ৰাইড ৰাইচ
ধুৰ!!
মোৰ নো কি
মাজে মাজে লাঠ খোৱাৰ হবি
চোলাৰ বুটাম খুলি চাই যাবা
বুকুত মোৰ আছে কিমান চপ্পলৰ দাগ
বহুতে ভাবে আমি ফাল্টু ল'ৰা
আজি এজনীৰ বাবে পাগল
কাইলৈ অন্য এজনীৰ
হায়ৰে হায়, প্ৰথমজনীক পালে জানো দ্বিতীয়জনীক চাওঁ !
আৰু .....
আৰু গোলাপ ফুল ভাল লাগে বাবে আমি কি তগৰ ফুলৰ পিনে চাবও নাপায় !!
আৰু নাহৰ ফুল ভাল পালোঁ বাবেই আমি কি খৰিকাজাঁইৰ সুগন্ধক দুৰ্গন্ধ বুলি ক'ম!!
যিসকল সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰহে থাকে এনে ফিল'ছফী
আমিতো বহল মনৰ মানুহ
ভাল লাগে যাকে তাকে, য'তে ত'তে
কলেজত, চিটি বাছত অথবা বিয়া-সবাহত
আমাৰ চকুতটো সকলোৱে পৰে
ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভগা মাত
প্ৰীতি জিন্টাৰ দৰে হাঁহিলে কাৰ গালত ডিম্পল পাৰে
হেয়াৰ ষ্টাইল, কফি খোৱাৰ ভংগীমা ইত্যাদি ইত্যাদি
ঈশ্বৰ, নাজানো তোমাক ক'ত আছা প্ৰভূ
আমি হে কাৰো কেলকুলেছনত নাহোঁ
দুখ নকৰিবা বন্ধু
যিবোৰ ছোৱালীয়ে আমাক ভাল নাপালে তাৰবাবে আমাৰ আফচোছ কৰিবলগীয়া কিনো আছে!
একৰাতি মদ খাম, আড্ডা দিম
চিগাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ
সময় আহিব এদিন
আফচোছ কৰিব লাগিব তেওঁলোকে
আমাৰ দৰে যে প্ৰেমিক পাইও হেৰুৱালে
এই ছোৱালী আকৌ এবাৰ ভাবি চাবা নেকি ?

Image may contain: 4 people , outdoor

Want to tag Kamal Paran?  
Yes · No

LikeShow More Reactions
Comment

No comments:

Post a Comment