Showing posts with label Ranju Moni Mahanta. Show all posts
Showing posts with label Ranju Moni Mahanta. Show all posts

Sunday, 25 December 2016

॥ আবুৰ ॥--Ranju Moni Mahant




॥ আবুৰ ॥
✍ ৰঞ্জুমণি মহন্ত
“এতিয়া এজনী বাৰ বছৰীয়া ছোৱালীৰ বাবে কাপোৰ দেখুওৱাচোন । ফ্ৰক দেখুৱাবা, অলপ দীঘল ফ্ৰক, আবুৰ থকা ” ----- ভদ্ৰমহিলা গৰাকীয়ে তেওঁৰ চৈধ্য বছৰীয়া কিশোৰী ছোৱালীজনীৰ বাবে জিনচৰ হাফ পেন্টটো আৰু তাৰ লগত মিলাকৈ এটা পাতল গুলপীয়া ৰঙৰ টপ বাচি লোৱাৰ পিছত দোকানীজনক উদ্দেশ্যি ক’লে ।
“ বেছি দামী নালাগে দেই, ঘৰত কাম কৰা ছোৱালীৰ বাবেহে ।” -- তেওঁ পুনৰ ক’লে ।
"দীঘল ফ্ৰক বিচাৰোতেই গম পাইছো বাইদেউ, কাম কৰা ছোৱালীৰ বাবে বুলি । কাৰণ মানুহে কাম কৰা ছোৱালীক দীঘল আৰু নিজৰ ছোৱালীকহে চুটি কাপোৰ পিন্ধায়”
--- দোকানীজনে উত্তৰ দিলে ।
LikeShow More Reactions
Comment

Tuesday, 20 December 2016

স্বপ্নাতীত - Ranju Moni Mahanta

॥ স্বপ্নাতীত ॥ ✍॥ ৰঞ্জুমণি মহন্ত ॥ এটা পৰুৱাই পোৱা সপোনে হাতত সাৰে ভৰিত সাৰে আহি মোৰ দুৱাৰত টুকুৰিয়াইছিল । অবাক বিস্ময়ত মই খুলি দিছিলো মোৰ বন্ধ দুৱাৰ । মোৰ আন্ধাৰ কোঠালিত সি জোন হৈ জ্বলিছিল, তৰা হৈ নাচিছিল - মই মুগ্ধ হৈ চাই আছিলো । কি জানো সুৰ এটা সি গুণগুণাইছিল ! মই উন্মনা হৈ পৰিছিলো ; মোক সন্মোহিত কৰি সি গুচি গৈছিল পুৱতি তৰাৰ সতে । এতিয়া, মোৰ কোঠালিলৈ তাৰ সঘন আহ-যাহ । শূন্যতাৰ সংগী সি, মোৰ বিশ্বস্ত সহচৰ। তাৰ সান্নিধ্যৰ উমেৰে উজ্জীৱিত হৈ , মই আকৌ এবাৰ চাকি চাব খোজো স্বাদ - জীৱনৰ ।

Friday, 16 December 2016

॥শিল্পী ॥ - Ranju Moni Mahanta

॥শিল্পী ॥                ✍ ৰঞ্জুমণি মহন্ত ॥ ঘাম আৰু শোণিতৰ চিয়াঁহীৰে, নিদ্ৰাহীন ৰাতিৰ দিনলিপি লিখি প্ৰাণ দিওঁ, নিষ্প্ৰাণ শিল অথবা কাঠত। ধনৰ তুলাচনীত অৱমূল্যায়িত কলাসুলভতা, দৈন্যতাৰ নিৰাপত্তাহীনতাত শ্বাসৰূদ্ধ ভালপোৱা । শ্ৰম, অপ্ৰাপ্তিৰ হতাশাৰে ক্লিষ্ট জীৱনতো সৃষ্টিৰ সন্তুষ্টিৰে পৰিতৃপ্ত মন । জানাইতো, সুন্দৰৰ সাধনা যে জীৱনৰ পণ।

Monday, 12 December 2016

অনুভৱৰ দুটা স্তৱক-Ranju Moni Mahanta




॥ অনুভৱৰ দুটা স্তৱক ॥
✍॥ ৰঞ্জুমণি মহন্ত ॥
(১)
নিজক বিচাৰি
খেপিয়াই চাওঁ
বাৰে বাৰে দেখো
তোমাকে পাওঁ ।
(২)
শূন্যতাৰ নিৰ্জনতাত
তোমাৰ বিমূৰ্ত বিচৰণ
মোৰ মগ্ন চেতনাত
অনুভৱৰ অযুত অনুৰণন ।
LikeShow More Reactions
Comment

Wednesday, 30 November 2016

॥ নাৰী ॥ - Ranju Moni Mahanta

॥নাৰী ॥ ✍ ৰঞ্জুমণি মহন্ত । সহনশীলতাৰ কঠিন বৰ্ম পিন্ধি মৃত্যুৰ দুৱাৰদলিত ভৰি থৈ স্বাগতম জনাওঁ তোমাক । জীৱন-মৰণৰ সন্ধিক্ষণত পৃথিৱীলৈ আগমন তোমাৰ। সৌন্দৰ্য্যৰ অৱক্ষয়ত প্ৰতিপালিত তোমাৰ আঁহে পাঁহে লাগি থকা মোৰ ক্ষয়িষ্ণুতাৰ শোক গাঁথা ঢাকি ৰাখো মমতাৰ অহংকাৰেৰে। ভগ্নীত্বৰ আঁচলৰ স্নেহবন্ধনত সুশোভিত তোমাৰ হাত । যৌৱনত মই তোমাৰ প্ৰেয়সী । তোমাৰ সমস্ত ৰিক্ততা, বিষণ্ণতা আৰু নিঃসংগতাৰ মই সংগী ময়েই মাতৃ , ময়েই ভগ্নী, ময়েই প্ৰেয়সী অথবা পত্নী । নেলাগে অৰ্ধাকাশ এখন মুক্তাকাশ দিয়া ভীতিহীন, নিঃসংকোচ সহজ বিচৰণ মোৰ চিৰকাম্য ।

Monday, 28 November 2016

॥ দুঃসময় ॥- Ranju Moni Mahanta

॥ দুঃসময় ॥ ✍ ৰঞ্জুমণি মহন্ত । ----------------------- দোভাগ ৰাতি নিজান ঘাটত বাঁহী নবজাবা কানাই মাতাল হৈ পৰিব যমুনাপাৰ । তোমাৰ প্ৰৰোচিত বাঁহীৰ সুৰত কঁপি উঠিব ৰাধাৰ মন । জানাই দেখোন বিষাক্ত সময়, সহজ নহয় নাৰীৰ জীৱন ।

Saturday, 26 November 2016

॥দুখৰ মালিতা ॥ - Ranju Moni Mahanta

॥দুখৰ মালিতা ॥ মোৰ বুকুৰ চাপৰিত দুখৰ কঁহুৱা । আহাঁ যদি আহিবা এদিন । অনুভৱৰ নৈয়েদি উজাই আহি সহৃদয়তাৰ ঘাটতে , নাওখন চপাবা। বেদনাৰ বালিচৰত , মুখ গুজি কান্দি মই কুৰুৱা চৰাই হৈ থাকিম, তুমি হুৰাই নিদিবা। মোৰ বুকুৰ চাপৰিত দুখৰ কঁহুৱা বৰকৈ ফুলিছে আহা যদি আহিবা এদিন । -------- ৰন্জুমণি মহন্ত 04.12.2015�

Wednesday, 23 November 2016

অনুভৱৰ ভগ্নাংশ-Ranju Moni Mahanta



॥অনুভৱৰ ভগ্নাংশ ॥
✍.ৰঞ্জুমণি মহন্ত ।
(১)
জোনাকৰ জলঙাইদি
জোনটো আহি
গুপুতে বুকুত
সোমোৱাৰ দিন ধৰি
মই আৰু
মই হৈ থকা নাছিলো
নৈ হৈ পৰিছিলো ।
(২)
তুমি যদি কোৱা ,
গুচি যাব পাৰো ভটিয়াই
নৈখনেদি,
সেই প্ৰাচীন ঘাটটোলৈ।
আকৌ এবাৰ
জোনাকৰ ৰাগীত মাতাল হৈ
জুৰুলি জুপুৰিকৈ তিতিবলৈ ।
(Shah Nawaj Alam Saikia ৰ সম্পাদিত তেজপুৰ জিলা মজলীয়া স্কুল শিক্ষক সন্থাৰ মুখপত্ৰ "সন্ধান " ত প্ৰকাশিত )
LikeShow More Reactions
Comment

Monday, 21 November 2016

॥অনুভৱৰ এটা স্তৱক ॥ - Ranju Moni Mahanta

॥অনুভৱৰ এটা স্তৱক ॥ ✍.ৰঞ্জুমণি মহন্ত ------------------------- মোৰ সমগ্র মৌনতা জুৰি ভাৱনাৰ কোলাহল । অনুভৱত স্বপ্নৰ ভগ্নাৱশেষ , বিষন্ন হৃদয়ত ৰাতিৰ বাঁহীৰ সুৰ ।

Saturday, 19 November 2016

॥ শৰৎ ॥ - Ranju Moni Mahanta

॥ শৰৎ ॥ ✍ ৰঞ্জুমণি মহন্ত নিয়ঁৰসনা দুবৰিত দুভৰি তিয়াই তুমি আহিলেই আঁতৰাই থওঁ দুখৰ ওৰণি । শেৱালিৰ সুবাস সনা সন্ধিয়াবোৰত, উশাহত উজাই লওঁ শৈশৱৰ গোন্ধ । গেঁৰ দিয়া ধানৰ গাখীৰতী থোকত হেৰাই পাওঁ, দেউতাৰ সপোন ঘূৰাই পাওঁ, কোনোবা কেঁকুৰিত এৰি থৈ অহা জীৱনৰ ৰং । কঁহুৱা ফুলিলেই আকাশলৈ চাওঁ । আকাশৰ ৰঙেইতো জীৱনৰো ৰং । ---------------------

Thursday, 17 November 2016

জোনাক ভাল পোৱা ছোৱালীজনী-Ranju Moni Mahanta

॥ জোনাক ভাল পোৱা ছোৱালীজনী ॥
✍॥ ৰঞ্জুমণি মহন্ত ॥
সেইনিশা শেতেলীত
দোৰোল খাই পৰিছিল
এখিৰিকী জোনাক
আৰু সেই জোনাকত ডুবি
তাই পি খাইছিল
জোলোকা জোলোক
দুখৰ আসব ।
তামোল পাতৰ ফাঁকেৰে
জোনটোৱে তাইলৈ
ৰ' লাগি চাইছিল ।
মাতাল তাইজনীক
সি নিচুকাইছিল
আৰু ওমলাইছিল
ওৰে ৰাতি ,
জোনটো সাৰে আছিল,
আৰু সাৰে আছিল তাই ।
পুৱাৰ বেলিটোৱে
এই কথাৰ গমকে নাপায় ।
-----------------------
LikeShow More Reactions
Comment

Friday, 11 November 2016

পৰিব্ৰাজক - Ranju Moni Mahanta

॥পৰিব্ৰাজক॥ ✍ ৰঞ্জুমণি মহন্ত । মই এক পৰিভ্ৰমী চৰাই , হৃদয়ৰ পৰা হৃদয়লৈ মোৰ সহজ পৰিভ্ৰমণ। গভীৰ উজাগৰী ৰাতি ক'ৰ পৰা ভাহি আহে ভায়োলিনৰ সুৰ ? মোহাবিষ্ট হওঁ , সেই সুৰৰ কাৰুণ্যত । ভোল যাওঁ , মই ভোল যাওঁ সেই মায়াবী সুৰত। সুৰৰ জলঙাৰে খেপিয়াই চাওঁ সেই গোলাপী হৃদয় । একাত্মতাৰে খন্তেক জিৰাই পুনৰ ওলাওঁ মই যে এক পৰিভ্ৰমী চৰাই , জিৰোৱাৰ নাই অভিপ্ৰায় । কেতিয়াবা মুগ্ধ হওঁ , মুগ্ধ হওঁ কোনো সৰলতাত আৰু সাজি লওঁ এক অস্হায়ী ঠিকনা সেই সৰল ছায়াঁত । মোহাচ্ছন্ন হওঁ মোহাচ্ছন্ন হওঁ তেওঁৰ সমৰ্পনত, তথাপি কোনো বান্ধোন মোৰ কাম্য নহয় । হওক লাগিলে মোৰ সোঁভৰিৰ বৃদ্ধাঙ্গুষ্ঠত তেওঁৰ সৰ্বস্ব সমৰ্পিত। কিন্তু অন্তহীন মোৰ তৃষা। কোনো হৃদয়তে নাই মোৰ শেষ ঠিকনা ! কাৰণ মই যে এক পৰিভ্ৰমী চৰাই ।

Wednesday, 9 November 2016

ভ্ৰম-Ranju Moni Mahanta

"ভ্ৰম"-- HALLUCINATE REALISM BY RANJU MONI MAHANTA  
॥ ভ্ৰম ॥
✍॥ ৰঞ্জুমণি মহন্ত ॥
মুঠি মাৰি ধৰোতেই
সৰকি গ'ল ,
সোণসেৰীয়া সময় ।
এতিয়া মাথো
খেপিয়াই ফুৰো
সোঁৱৰণিত ।
ক'ত আছিল ভালপোৱা ?
অজুহাতত নে অভিমানত,
সীমাহীন শূন্যতাত নে
অনুভৱৰ সতে খেলা
হৃদয়হীনতাত ।
------------------
LikeShow More Reactions
Comment

“শব্দৰ এলজোলামবোৰ – নৈঋতলৈ বুলি” ------- এগৰাকী পাঠকৰ দৃষ্টিৰে-Ranju Moni Mahanta

NEW DIMENSION ADDED TO THE BLOG BY RANJU MONI MAHANTA. PLEASE DO READ THIS BOOK REVIEW
“শব্দৰ এলজোলামবোৰ – নৈঋতলৈ বুলি” ------- এগৰাকী পাঠকৰ দৃষ্টিৰে
পৰী পাৰবীনৰ এই অগতানুগতিক পত্ৰ উপন্যাসখন পঢ়িলো । প্ৰচণ্ড জীৱনবোধেৰে সিক্ত এই উপন্যাস খনৰ প্ৰধান অলংকাৰ হৈছে, শব্দ আৰু উপমাৰ বিচক্ষণ প্ৰয়োগ, যিয়ে ইয়াক সুখপাঠ্য কৰি তুলিছে । অনুভৱী পঢ়ুৱৈয়ে মূল চৰিত্ৰ ছায়াৰ অনুভৱৰ মাজত নিজক হয়তো পাই যাব পাৰে । এটা ঘটনা বৰ্ণনা কৰিবলৈ যিমান সহজ, সিমানেই কঠিন মনৰ সুক্ষ্ম অনুভৱবোৰৰ বৰ্ণনা কৰা আৰু যিটো কাম লেখিকা গৰাকীয়ে অতি সাৰ্থক ভাৱে কৰিছে ।
ই মূলতঃ এগৰাকী নাৰীৰ সংঘাত আৰু সংগ্ৰামৰ কাহিনী । দুৰ্দান্ত প্ৰেম, সাহস আৰু উদ্যমৰ যোগেদি কেনেকৈ এগৰাকী নাৰী ব্যৰ্থ প্ৰেম, হতাশা, দুঃখবোধ সকলো অতিক্ৰমি আন কাৰোবাৰ আশাৰ প্ৰেৰণাৰ থল হৈ পৰিল তাৰেই বৰ্ণনা উপন্যাস খনত । কেৱল সেয়াই নহয়, পুৰুষ বৃক্ষ ৰ অৱলম্বন নহলে নাৰী জীয়াই থকিব নোৱাৰে ধৰণৰ প্ৰচলিত চিন্তাধাৰাক নসাৎ কৰি ছায়াই জীয়াই আছে অকলে, স্বাধীনভাৱে পুৰুষৰ অৱলম্বন নোহোৱাকৈ । সাহসেৰে আবিয়ৈ মাতৃত্ব বহন কৰাৰ লগতে একাকী মাতৃ হিচাপে সন্তানো তুলিছে, আইনী মেৰপেচ, সামাজিক বাধাৰ বিপৰীতে ।
বুকুৰ উজাই অহা উচুপনি এটাই মাজে মাজে পঢ়ুৱৈক পঢ়োতে ব্যাঘাত দিব যদিও কাহিনীটোৰ মিলনান্তক সমাপ্তিয়ে মনলৈ প্ৰশান্তিও আনি দিব । অসমীয়া সাহিত্যত পত্ৰ উপন্যাসৰ সংখ্যা তেনেই নগন্য । তেনেক্ষেত্ৰত “শব্দৰ এলজোলামবোৰ – নৈঋতলৈ বুলি” অসমীয়া পত্ৰ উপন্যাসৰ জগতত এক উল্লেখযোগ্য সংযোজন বুলি ক’ব পাৰি ।
বিশেষ দ্ৰষ্টব্য -- কেৱল মাত্ৰ দৃষ্টি আকৰ্ষণৰ বাবেহে টেগ কৰা হৈছে । তাৰ বাবে ক্ষমা প্ৰাৰ্থি ।

Tuesday, 8 November 2016

নৈশব্দ----Ranju Moni Mahanta

 "নৈশব্দ"--THE SOUND OF SILENCE BY RANJU MONI MAHANTA
॥ নৈশব্দ ॥
✍॥ ৰঞ্জুমণি মহন্ত ॥
নিশাৰ নৈশব্দৰে
বৈ অহা,
অনুভৱৰ উমাল স্পৰ্শত
মোৰ শব্দই সাৰ পায় ।
উদূলি মূদূলি
হৃদয়ৰ পদূলিত
মুঠি মুঠি জোনাক
সিঁচি থৈ যায় ।
LikeShow More Reactions
Comment

Wednesday, 2 November 2016

তোমাৰ কথা ভাবি-Ranju Moni Mahanta

॥ তোমাৰ কথা ভাবি ॥ FEELING OF LOVE AT ITS VERTEX BY  RANJU MONI MAHANTA A SUPER TALENTED POET AND ADVOCATE BY PROFESSION  
॥ তোমাৰ কথা ভাবি ॥
✍ৰঞ্জুমণি মহন্ত ।
তোমাৰ কথা ভাবিলেই
মই যে ফাগুন হৈ যাওঁ,
এই যেন চুই আহিম
তোমাৰ সমগ্ৰ সত্তাক
এজাক পচোৱা হৈ ।
------------

LikeShow More Reactions
Comment