॥ শৰৎ ॥
✍ ৰঞ্জুমণি মহন্ত
নিয়ঁৰসনা দুবৰিত
দুভৰি তিয়াই
তুমি আহিলেই
আঁতৰাই থওঁ দুখৰ ওৰণি ।
শেৱালিৰ সুবাস সনা
সন্ধিয়াবোৰত,
উশাহত উজাই লওঁ
শৈশৱৰ গোন্ধ ।
গেঁৰ দিয়া ধানৰ
গাখীৰতী থোকত
হেৰাই পাওঁ,
দেউতাৰ সপোন
ঘূৰাই পাওঁ,
কোনোবা কেঁকুৰিত
এৰি থৈ অহা
জীৱনৰ ৰং ।
কঁহুৱা ফুলিলেই
আকাশলৈ চাওঁ ।
আকাশৰ ৰঙেইতো
জীৱনৰো ৰং ।
---------------------
No comments:
Post a Comment