Showing posts with label Madhurjya Gogoi. Show all posts
Showing posts with label Madhurjya Gogoi. Show all posts

Wednesday, 11 January 2017

.প্ৰেম - ৬-Madhurjya Gogoi


.........প্ৰেম - ৬.........
তোমাৰ ৰাগেৰে বিস্তাৰ আৰু আলাপ...
হ'বলৈ দিয়াচোন অচিনাকি কথাৰ পয়োভৰ...
হয়তোবা সৃষ্টি নতুন গানৰ...
গানৰ পৰা জীৱন...
জীৱনৰ পৰা তাৰো অধিক কিবা...
আত্মিক অন্তৰংগতা...
বুজি নোপোৱা সাঁথৰৰ �মাজতো
কিবা বুজি চোৱাৰ প্ৰয়াস...
হয়তো বিষাদ...
হয়তো প্ৰেম...

Thursday, 5 January 2017

.....বিদায়ী গদ্য.....Madhurjya Gogoi


.....বিদায়ী গদ্য.....
স্বপ্নহীন ৰাতিবোৰ মচি দিয়া স্বপ্ন আছিলা...
ভাগৰুৱা দিনৰ কবিতা...
যেন ফুলি উঠা প্ৰভাতী ৰঙ...
মোৰো নাছিল কোনো আয়োজন...
অচিনাকী সুৰ...
কিদৰেইবা কথাৰে সজাও !...
এপল দুপলৰ মাথোন
ৰাগ,,, আলাপ,,, অলঙ্কাৰ...
পুৱাত পূৰ্বী...
সন্ধিয়াত বিষন্ন তোড়ী...
সময়ৰ সতে উৰুৱালো হৃদয়ৰ কঁহুৱা...
শুভ্ৰতা মোৰ বেদনা নহয়,
সুভকামনা...
তোমাৰ জীৱনলৈ নামি অহা পোহৰ তৰংগ...

Thursday, 22 December 2016

প্ৰেম - ৪-Madhurjya Gogoi


.......প্ৰেম - ৪.......
দৃষ্টিৰ এইপাৰে জীৱন...
গতানুগতিক...
সিপাৰে বসন্ত...
কপৌফুলীয়া অনুভূতি...
দেও দি দি আহে মৌন হাঁহি...
বিহু বলিয়া বতাহজাকে জোকাই,
' বাঁহি বাজে ক'ত,
মনৰ গোপন পথাৰত '...

Wednesday, 7 December 2016

প্ৰেম - ৩--Madhurjya Gogoi


প্ৰেম - ৩
তুমি সঁহাৰি দিয়া শব্দেৰে সাৰ পালে
মোৰ বসন্তবুলিয়া গান...
ডালে পাতে জীৱন...
এচমকা আকাশত নীলাভ ৰ'দ ধেমালি...
বুকুৱেদি বৈ আহিল তোমাৰ হাঁহি...
উমাল সুৰৰ গুণগুণনি...
LikeShow More Reactions
Comment

Wednesday, 30 November 2016

প্ৰেম-- Madhurjya Gogoi


.....প্ৰেম.....
এই আহিলা...
বুকুত এজাক বৰষুণ...
কি নাম দিওঁ...
প্ৰেম!...
কথা ক'লা...
ধুমুহা সঁচাই বলিল...
কিনো সেয়া...
প্ৰেম!...
ছবি আঁকিলা
ছবিখনে গান গাইছে...
হয় বুজিছা...
প্ৰেম!...
তুমি হয়তো নাজানা...
মোৰ ৰাতিবোৰ এতিয়া জোনাক ভৰা...
এপল দুপল সপোনৰ অহা যোৱা...
LikeShow More Reactions
Comment

Friday, 25 November 2016

UNTITLED-Madhurjya Gogoi


ৰঙীন যেন লগা আবেলি..
বেলি এই পৰো এই পৰো...
নিশাটো বা কিমান দীঘলীয়া হয়...
জাৰৰ দিনৰ কথা...
যোৱাবেলিচোন ৰাতিয়েই নুপুৱালে...
আন্ধাৰতেই হেৰাল হৃদয়ৰ ঠিকনা...
বৰ হেঁপাহেৰে গঢ়িছো এইবাৰ
বিমূৰ্ত ৰঙা গোলাপৰ মালা...
তুমি আহিলে ভাল হয়...
লগে ভাগে নতুন সূৰ্যোদয়...
সেঁওতাফলিয়া বাটটোত সপোনে কথা কয়...
LikeShow More Reactions
Comment

Wednesday, 23 November 2016

তুমি আহিলা...Madhurjya Gogoi




তুমি আহিলা...
দুবৰীবোৰ নিয়ৰত জিলিকিলে...
তুমি গ'লাগৈ...
ৰাতিয়েও সপোন সামৰিলে...
প্ৰেম এক কক্ষপথ...
পুৱাটোৱে আকৌ আদৰিলে
সৰি পৰা শেৱালী...
LikeShow More Reactions
Comment