তুমি ধুনীয়া ছোৱালী
"""""""""""""""""""""""
তুমি ধুনীয়া ছোৱালী
ক'ত তোমাৰ ঘৰ
তোমাক দেখা পাওঁ কেতিয়াবা কেতিয়াবা
জালুকবাৰীৰ পদপথত
কেতিয়াবা কেতিয়াবা ব্ৰহ্মপুত্ৰৰ বালিচন্দাৰ মাজত
আকৌ কেতিয়াবা মায়াময় জোনাকৰ কোলাত
"""""""""""""""""""""""
তুমি ধুনীয়া ছোৱালী
ক'ত তোমাৰ ঘৰ
তোমাক দেখা পাওঁ কেতিয়াবা কেতিয়াবা
জালুকবাৰীৰ পদপথত
কেতিয়াবা কেতিয়াবা ব্ৰহ্মপুত্ৰৰ বালিচন্দাৰ মাজত
আকৌ কেতিয়াবা মায়াময় জোনাকৰ কোলাত
তুমি ধুনীয়া ছোৱালী
নাম কি তোমাৰ
তোমাক দেখা পাও কেতিয়াবা কেতিয়াবা
আহিনৰ সেউজী পথাৰত
কেতিয়াবা জুৰ জুৰ মলয়াৰ মাজত
আকৌ কেতিয়াবা নূপুৰ বজোৱা বৰষুণৰ মাজত
নাম কি তোমাৰ
তোমাক দেখা পাও কেতিয়াবা কেতিয়াবা
আহিনৰ সেউজী পথাৰত
কেতিয়াবা জুৰ জুৰ মলয়াৰ মাজত
আকৌ কেতিয়াবা নূপুৰ বজোৱা বৰষুণৰ মাজত
তুমি ধুনীয়া ছোৱালী
কি সাজেৰে সাজোনমতী তুমি
তোমাক দেখা পাওঁ কেতিয়াবা কেতিয়াবা
ঝুমুৰ ঝুমুৰ নাছনীৰ সাজত
কেতিয়াবা ঢোল পেপা গগনাৰ মাজত
আকৌ কেতিয়াবা কাষত কলশী লোৱা ৰাধাৰ সাজত
কি সাজেৰে সাজোনমতী তুমি
তোমাক দেখা পাওঁ কেতিয়াবা কেতিয়াবা
ঝুমুৰ ঝুমুৰ নাছনীৰ সাজত
কেতিয়াবা ঢোল পেপা গগনাৰ মাজত
আকৌ কেতিয়াবা কাষত কলশী লোৱা ৰাধাৰ সাজত
হেৰ ধুনীয়া ছোৱালী
তুমি সদায় ধুনীয়া হৈয়েই থাকা
মোৰ উমাল বুকুৰ সেউজ পথাৰত
তুমি মাটিৰ মানুহ হৈ
হীৰাৰ দৰে জিলিকি উঠা
তুমি জোনাকী কাৰেঙত নিতৌ
জোনাকৰ গান গোৱা
তুমি সদায় ধুনীয়া হৈয়েই থাকা
মোৰ উমাল বুকুৰ সেউজ পথাৰত
তুমি মাটিৰ মানুহ হৈ
হীৰাৰ দৰে জিলিকি উঠা
তুমি জোনাকী কাৰেঙত নিতৌ
জোনাকৰ গান গোৱা
মই তোমাৰ প্ৰেমত ক্ৰমান্বয়ে মজগুল হৈ গৈ থাকিম
তোমাৰ প্ৰেমত ক্ৰমান্বয়ে
প্ৰতিদিন প্ৰতিপল
প্ৰতিদিন প্ৰতিপল......
"""""""""""""""""""""""""""""""""""""""""""""""""""""""""
তোমাৰ প্ৰেমত ক্ৰমান্বয়ে
প্ৰতিদিন প্ৰতিপল
প্ৰতিদিন প্ৰতিপল......
"""""""""""""""""""""""""""""""""""""""""""""""""""""""""
.
.
.
.