Showing posts with label Chandan C Kalita. Show all posts
Showing posts with label Chandan C Kalita. Show all posts

Wednesday, 11 January 2017

তোমাৰ লগত প্ৰেম কৰাতোও ভুল-Chandan C Kalita

তোমাৰ লগত প্ৰেম কৰাতোও ভুল ।
বৰ জুখি মাখি কথা কোৱা তুমি
আকাৰ ইকাৰ উকাৰ ....
ধেৎ তেনেকৈ প্ৰেম হব পাৰে নেকি
প্ৰেমতো হল বিনদাছ
আনলিমিটেড জিও ছীম
Fill it shut it forget it
মোকতো জানাই
কিমান easy going মই
না কোনো complex
না formerlty
মাটিৰ কলহৰো পানী পিব জানো
আৰু facebook ত kfc ৰ photo o uplode কৰো
প্ৰেম তেনেকুৱাই জানা
একদম বিনদাছ ।
তুমিতো সুমথিৰা খুব ভাল পোৱা
তুমিয়ে কৈছিলা
ভিটামিন চি আৰু কিবাকিবি খনিজেৰে ভৰি আছে সুমথিৰা ।
ধেৎ তেৰি তেনেকৈ হব জানো বেঙ
মই সুমথিৰা ভাল পাও কাৰণ
মই সুমথিৰা ভাল পাও
কোনো যুক্তি নাই কোনো স্বাৰ্থ নাই
মূক্ত বিহংগৰ দৰে দেও দি উৰি ভাল পাও
লক্ষ্যহীন উদ্দেশ্যহীন ।
এয়াহে প্ৰেম , ঝাকাছ ।
যদি পাৰা প্ৰেমৰ track ওলৈ আহা
পূৰ্ণিমাৰ জোনাকত সৌন্দৰ্য্য বিচাৰি চোৱা
পখিলাৰ পাখি লাহিত প্ৰেমৰ সুৱাস বিচাৰি লোৱা ।
বিদ্যা কৈছোঁ মোক তাতেই পাবা ।
প্ৰেমৰ সাগৰত বিনদাছ হৈ ।

Friday, 23 December 2016

অস্তৰাগ - Chandan C Kalita

অস্তৰাগ....... এক ৰৌদ্ৰজ্বল প্ৰভাতৰ পোহৰৰ বিচ্ছুৰিত কণিকাজাকৰ বিমূৰ্ত্ত প্ৰত্যাগমন । এয়াতো মুক্তি নহয়, নিৰ্বান অথবা আত্মাৰ অৱধাৰিত অগাদেৱা খেল । অপূৰ্ণতাৰ অতৃপ্তিহে মাথো ক্ষণভংগুৰতাৰ প্ৰামাণিক সংজ্ঞা । সাচিপাতৰ বুকুত খোদিত হৈ ৰল গণতন্ত্ৰৰ কালিমা নিকা কৰি সময় নেওতাৰে প্ৰগতিৰ মন্ত্ৰ বিচাৰি বিজানুমুক্ত সমাজৰ স্বপ্ন ৰছি ৰছি স্বপ্নদাতা , মন্ত্ৰহোতাৰ অৱৰুদ্ধ গাথা । আশাহত প্ৰাপ্তিৰ মূল্যই বা কত যদি মূক্তিৰে আভূৱা ভৰি সংকুচিত কৰে জীৱনক । ৰামধেনুৰ সাতোৰঙী আভাৰে যদি কাৰাৰুদ্ধ কৰে আলোকক । স্নানাৰত দুৱৰিৰ দলিচাত স্মৃতিৰ মুকুতা লিপি ৰল স্বপ্নময়ী প্ৰতিচ্ছবিৰ সমাহাৰ আলোকৰ মৌন উপহাৰ । হিয়া ভগা ডোখৰ ডোখৰ । ------------------------------চন্দন চি কলিতা

Wednesday, 21 December 2016

নিয়ৰৰ টোপালবোৰে নিতে জগাই মোক - Chandan C Kalita

নিয়ৰৰ টোপালবোৰে নিতে জগাই মোক চকুপানী প্ৰিয় ঋতু মোৰ ঘাহনি সুবোৱা মুকুতাবোৰ দুগালৰ অমিয়া সুৰ । জোনাকে বাহি কৰা সুৰুজে সুৱাগ তোলা সপোনৰ পোহাৰী মেল এটি দুটি বুটলি জীৱন বাখৰ সিচি জয় পৰাজয়ৰ খেল । শীতে আনিব বসন্ত চকুলোৰে মোৰ ওঠ ধোৱাব মৌন ভাষাত সৰবতা বব তপ্ত শিখা হৈ চকুপানী ওলাব । চকুপানী প্ৰিয় ঋতু মোৰ । । । ।

Wednesday, 30 November 2016

কাপোৰসাজ নসলাবি আঘোণী - Chandan C Kalita

কাপোৰসাজ নসলাবি আঘোণী বৰকৈ শুৱাইছে তোক থৌকি বাথৌ ঢৌ খেলিছে ঘামে ধোৱা উদং বুকু মোৰ । সেউজীয়া ৰহণেৰে সুধাসিন্ধু বোৱাই ও হেপাহে নপলালনে তোৰ বুকুত যে গাঠি ললি আউসীৰ নিশাৰ জোনাকী পৰুৱাবোৰ । ঘূৰ্ণ্যমাণ জলৰাশি জানো নৈৰ বুকুতে থাকে প্ৰাপ্তিৰ স্পৰ্শানুভূতিৰে জানো সুগন্ধি বতাহ বলে । শুনা নাই কোনোকালে , দেখিছো মাথোঁ জন্ম জন্মান্তৰে হোৱা দুয়োৰো প্ৰেমৰ কল্লোল ধ্বনিৰে । ধৰণি বিদিৰ্ণ কৰি তীক্ষ্ণ তীখাৰে মইতো জন্মদাতা পিতৃ তোৰ । একোলা কোলা ধৰি চেনেহ চুমা ঢালি পিতৃৰ গৰ্বৰে ওফোন্দা বুকু মোৰ । পথাৰ উদং কৰি লখিমী হবৰ হল বুকু শুদা কৰি মোৰ । যাঃ আজলী লাজো নালাগেনে তোৰ । আগ চাউল ছটিয়াই তামোল গুটি পানেৰে বোৱাৰী আদৰাদি আদৰিম তোক গোবৰেৰে মছি নিমজকৈ ৰাখিছো চোতাল শুৱোৱা ভৰালটো মোৰ সোনগুটি চপাও বুলি আছলেৰে তোৰ । প্ৰেমৰ দোলেৰে আটি বান্ধি দোলাৰে কঢ়িয়াম তোক আকৰী , কজলা চুলিৰ মাজত লুকুৱাই ৰাখিবি জোনাকৰ লিহিৰিপতিয়া হাত এইকনো নাইনে তোৰ সজাত । কাপোৰসাজ নসলাবি তই বৰকৈ শুৱাইছে তোক সৌন্দৰ্য সফুঁৰাৰ বিশাল সমূদ্ৰৰ খনিকৰ সাজিছ মোক । । । ।

Saturday, 26 November 2016

অজানা দিগন্তৰ পাৰ ভগা সময় - Chandan C Kalita

অজানা দিগন্তৰ পাৰ ভগা সময় কিছু ফুলে ভৰা কিছু কাইটে আবৰা জুমি চালে দেখিবা দিগন্তৰ সিপাৰে তোমাৰ ঠিকনা । গুণ গুণ পখিলা খেদা বতৰত সাউদৰ পুতেকৰ নাও বুৰিছিল যৌৱন মোহনাত চিলনিৰ জীয়েকৰ গাধোৱা ঘাটে প্ৰেমৰ পথে হাতবাউলি মাতিছিল অজানা আকাশত । হাতে হাত ধৰি ৰামধেনু গালেমুখে সানি উন্মাদ ধৰণিৰ পৰিধি চুমি যৌৱন নদীৰ নিলাজ মোহনা একাজলী প্ৰেমৰ বৰষাই ওফোন্দাই আনে পৰিধিৰ ঠিকনা নীলিম আকাশে।ও জানে দিগন্তৰ সিপাৰে থকা তোমাৰ হিয়াৰ যাতনা । প্ৰেম কিজানি এনেকুৱা এক যাযাবৰ সকৰুণ যন্ত্ৰণা ।

Friday, 18 November 2016

UNTITLED -Chandan C Kalita

বালিৰে ধুসৰিত পথিকজনক পাইছিলোঁ প্ৰাচীন মৰুপ্ৰান্ত পৰিভ্ৰমী উভোটাৰ পথত । আপোনমনে কৈছিল তেওঁ মৰুভূমিৰ কথা , শিলেৰে কটা মুণ্ডহীন বিশাল দুভৰিৰ কথা , বালিৰ বুকুত অৰ্ধাংশ ঢাকি সিচৰিত হৈ শুই পৰা খণ্ড বিখণ্ড মুখাবয়বৰ কথা । কপালৰ ভ্ৰূকুটি উৰ্ধত কৰা বয়স্ক ওঠৰ শান্ত অভিব্যক্তিৰে জীৱহীন শৈলস্তম্ভত আজিও সজীৱ অতীতৰ কোনোবা আগ্ৰাসী জীৱনৰ বুৰঞ্জী । জীৱন্ত আজিও কঠিন শিলৰে কটা বিদ্ৰুপেৰে প্ৰসাৰিত উচ্ছাভিমানী দুবাহু , প্ৰাপ্তিৰ গৰ্বৰে গৰ্বিত বুকু । স্তম্ভৰ পদটীকাত জিলিকিছে যশস্যা খোদিত পৰিচয় ঃ" মোৰ নাম ওজিমণ্ডিয়াছ । ৰজাৰো ৰজা । মোৰ খ্যাতি আৰু কৰ্মলৈ চোৱা , সৰ্বশক্তিশালী আৰু অদ্বিতীয় মই । "ঃ সময়ৰৰ কোৱাল ধুমুহাৰে জৰ্জৰিত স্তম্ভ অকলশৰীয়া ধংসপ্ৰাপ্ত ভগ্নাৱশেষ এতিয়া । দিগন্ত আগুৰা মৰুৰ নিঠৰুৱা উপহাস , অৱলুপ্ত ইতিহাস । । । ( বি . দ্ৰ . সৰুতে দেউতাই কৈছিল সাধুকথাৰ ভাষাৰে । কলেজত পাঠ্যক্ৰমৰ ভিতৰতে পালো P.B. Shelly ৰ বিশ্ববিখ্যাত কবিতা "Ozymandias of Egypt " । এতিয়াও মাজেমাজে পঢ়ো মোৰ মনত দাগ কাটি যোৱা দেউতাৰ প্ৰিয় কবিতাটি । মই যিখিনি বুজিছো তাৰেই ভাবাৰ্থ লিখাৰ প্ৰয়াস কৰিলো । কবিতাটোৰ অনুবাদ কিন্তু নহয় এয়া । তেনে দুঃসাহস নকৰো ।) No automatic alt text available.

Tuesday, 8 November 2016

UNTITLED--Chandan C Kalita

A MUST READ FROM CHANDAN C KALITA

এজাক পখীৰ কোলাহলে
আজুৰি খামুচি ভাঙিলে
সপোনৰ সেউজী ঘৰ ।
এমা ডিমা
থুনুক থানাক
দেও দি উৰি ফুৰা
বিমৰ্ষ যাযাবৰ ।
ইকৰাণী জোপোহাৰে সজা
গাৱঁলীয়া পজাঘৰ তাৰ
গগণভেদা কোলাহল
পাতালৰ নিনাদ ।
ভয়াৰ্ত আইৰ আশীৰ্বাদ
কম্পিত সহায়ৰ হাত
উচুপনিৰ আৰত লুকাই পৰা
উৎসাহ , চেনেহৰ বাৰিষা ঢল ।
এজাক পখীৰ কোলাহলত
বকুল বাগৰিল
আঘোণী ধানত
দেহা বিন্ধালে
অঘৈয়া হুলত ।
LikeShow More Reactions
Comment