অস্তৰাগ....... এক ৰৌদ্ৰজ্বল প্ৰভাতৰ
পোহৰৰ বিচ্ছুৰিত কণিকাজাকৰ
বিমূৰ্ত্ত প্ৰত্যাগমন ।
এয়াতো মুক্তি নহয়,
নিৰ্বান অথবা
আত্মাৰ অৱধাৰিত অগাদেৱা খেল ।
অপূৰ্ণতাৰ অতৃপ্তিহে মাথো
ক্ষণভংগুৰতাৰ প্ৰামাণিক সংজ্ঞা ।
সাচিপাতৰ বুকুত খোদিত হৈ ৰল
গণতন্ত্ৰৰ কালিমা নিকা কৰি
সময় নেওতাৰে প্ৰগতিৰ মন্ত্ৰ বিচাৰি
বিজানুমুক্ত সমাজৰ স্বপ্ন ৰছি ৰছি
স্বপ্নদাতা , মন্ত্ৰহোতাৰ অৱৰুদ্ধ গাথা ।
আশাহত প্ৰাপ্তিৰ মূল্যই বা কত
যদি মূক্তিৰে আভূৱা ভৰি
সংকুচিত কৰে জীৱনক ।
ৰামধেনুৰ সাতোৰঙী আভাৰে যদি
কাৰাৰুদ্ধ কৰে আলোকক ।
স্নানাৰত দুৱৰিৰ দলিচাত
স্মৃতিৰ মুকুতা লিপি ৰল
স্বপ্নময়ী প্ৰতিচ্ছবিৰ সমাহাৰ
আলোকৰ মৌন উপহাৰ ।
হিয়া ভগা
ডোখৰ ডোখৰ ।
------------------------------চন্দন চি কলিতা
No comments:
Post a Comment