Wednesday, 9 November 2016

মই আপুনি আৰু এটা ইন্টাৰভিউ---- Bhaskar Deka

মই আপুনি আৰু এটা ইন্টাৰভিউ 
.............................................. 
মে' আই কাম ইন? 
বুলি সোধাৰ আগতেই
আপুনি, ক'ব পাৰে  'গেট্ আউট'
অথবা 
অতি ব্যস্ততাৰে
'কওকচোন মই আপোনাৰ বাবে কি কৰিব পাৰোঁ? '
ক'লা আইনাৰ ফাকেৰে 
মই, নেদেখো আপোনাৰ ব্যস্ততাৰ জোখ
আপুনি, কিন্তু ঠিকেই দেখে
মোৰ  ক্লান্ত 
অথবা সতেজ হাহি 
আশাহত আশাৰ চাৱনি
চিঙি যোৱা চেণ্ডেল
ফাটি যোৱা জোতা ।
মই হব পাৰো আপোনাৰ কাৰনে
ডিস্টাৰবিং ফেক্টৰ
কিম্বা 
আপোনাৰেই অতিতৰ ফালি যোৱা কেলেণ্ডাৰ।
আপোনাৰ বাবে প্ৰত্যাশিত
অথবা অপ্ৰত্যাশিত
নাজানো কেনেদৰে লয় আপুনি মোৰ আগমনক
মই কিন্তু আপোনাক মোৰ বায়োডাটা ঠিকেই দি যাম
কৈ যাম অৰ্নগল
নোৰোৱাকৈ 
মোৰ পাস্ট এক্সপেৰিয়েণ্স
মোৰ কোৱলিফিকেচন
মোৰ ডিগ্ৰী
মোৰ হবি
ইত্যাদি.... 
কিন্ত আপোনাক মোৰ কোৱা নহব 
কেনেদৰে মাটি বন্ধকত ৰাখি
মোৰ পিতাই মোক পঢ়ুৱাইছিল 
নিজৰ বেমাৰৰ কথা নাভাবি 
আয়ে হোস্টেলৰ ফিজ পঠিয়াইছিল
না! মই আপোনাক ক'ব নোৱাৰিম।
ইমানৰ পিচত আপুনি আশ্চস্ত হ'লে
মোক সুধিব 
মোৰ মিনিমাম এক্সপেক্টেচন! 
বুকুত
এবুকু
আশা
লৈ.... 
মই ক'ম 'ইমান'
আপুনি ক'ব 'ইমান'টো  দিব নোৱাৰিম
আৰু অপ্ৰিয় হ'লেও সত্য
মই, নিজকে মেলি দিম
আপোনাৰ আগত পণ্যৰ দৰে।
এয়াইটো জীৱন...... 
মগজু 
ভোক
সপোনৰ
বেচা কিনা।।।
     .   .   .   .   .    .   .   .।।।।   ভাস্কৰ।।।।




No comments:

Post a Comment