(যোৱাকালিৰ সংখ্যাৰ পিছত ....)
মাকে মাতিছিল তাইক দুৱাৰৰ ওচৰৰ পৰা । তাই শুনিছিল , কাণৰ ওচৰৰ পৰা । বিদ্যুৎপ্ৰবণ বেগেৰে গৈ তাই দাইনিং টেবুলত ব্যস্ত হ’লগৈ । মাক তেতিয়া কিটছেনত ব্যস্ত । মৌচুমীৰ বৰ্তন-ব্যৱহাৰিত শব্দত মাকে বুজি উঠিছিল , তাই যে এতিয়া খাদ্য গ্ৰহণত ব্যস্ত । মাকে মুখৰ ভিতৰতে ভোৰভোৰাই আছিল , -- “এই জঞ্জাল মাৰি মাৰিয়েই মোৰ দেহটো শেষ কৰি দিলো । তথাপি অকন শান্তি নাপাও । আহৰি নাপাও ।”
মৌচুমীয়ে কাঁহৰ বাতিটো থেকেচা মাৰি থৈ কৈ উঠিল , -- “ কি যে বকি থাক , এই খাবৰ সময়ত”
মাকে কিছু উচ্ছস্বৰে কৈ উঠিল, ---- “হ’ব , মই যি কৈ থাকো কৈ থাকিম । তই খাই থাক । দিনৰ দিনটোতো ময়েই কৰি আছো , তহঁতক খুৱাবলৈ”
মৌচুমীয়ে ভাত গৰাহ মুখলৈ নিব ওলায় কৈ উঠিল , --- “তোমাকনো কোনে কৰিব দিছে । তোমাৰ কিবা হৈছে , শুই থাকা । মই কৰিম নহয়”
মাকে উচাৎ মাৰি দাইনিং হললৈ আহি ক’লে , --- “হ’ব হ’ব । মনে মনে খাই থাক । দেখিয়ে আছো অতদিনে কিদাল কৰি দিয় । দিনটোত ৰাতিপুৱাৰ চাহকাপৰ বাদে কুটা এডালো নালাৰ । চুবুৰীয়া এজন আহিলেও ওলায় নাহ । ৰূমটোৰ ভিতৰতে পৃথিৱী পাতি লৈছ । বিছনাখন আৰু ……….
মৌচুমীৰ কাণত মাকৰ কথাবোৰ পিছলৈ অশ্ৰব্য হৈ পৰিল । আধাখোৱা ভাতৰ কাঁহীখন বেগেতে থেলিয়াই , “ধেই নাখাও যা । খাবা তোমালোকেই” বুলি হাত-মুখ ধুই বা-মাৰলীৰ দৰে ওলায় আহিল ।
( .....আগলৈ...)

No comments:
Post a Comment