কাপোৰসাজ নসলাবি আঘোণী
বৰকৈ শুৱাইছে তোক
থৌকি বাথৌ ঢৌ খেলিছে
ঘামে ধোৱা উদং বুকু মোৰ ।
সেউজীয়া ৰহণেৰে সুধাসিন্ধু বোৱাই ও
হেপাহে নপলালনে তোৰ
বুকুত যে গাঠি ললি
আউসীৰ নিশাৰ জোনাকী পৰুৱাবোৰ ।
ঘূৰ্ণ্যমাণ জলৰাশি জানো নৈৰ বুকুতে থাকে
প্ৰাপ্তিৰ স্পৰ্শানুভূতিৰে জানো সুগন্ধি বতাহ বলে ।
শুনা নাই কোনোকালে ,
দেখিছো মাথোঁ জন্ম জন্মান্তৰে হোৱা দুয়োৰো প্ৰেমৰ কল্লোল ধ্বনিৰে ।
ধৰণি বিদিৰ্ণ কৰি তীক্ষ্ণ তীখাৰে
মইতো জন্মদাতা পিতৃ তোৰ ।
একোলা কোলা ধৰি
চেনেহ চুমা ঢালি
পিতৃৰ গৰ্বৰে ওফোন্দা বুকু মোৰ ।
পথাৰ উদং কৰি লখিমী হবৰ হল
বুকু শুদা কৰি মোৰ ।
যাঃ আজলী
লাজো নালাগেনে তোৰ ।
আগ চাউল ছটিয়াই তামোল গুটি পানেৰে
বোৱাৰী আদৰাদি আদৰিম তোক
গোবৰেৰে মছি নিমজকৈ ৰাখিছো
চোতাল শুৱোৱা ভৰালটো মোৰ
সোনগুটি চপাও বুলি আছলেৰে তোৰ ।
প্ৰেমৰ দোলেৰে আটি বান্ধি
দোলাৰে কঢ়িয়াম তোক
আকৰী , কজলা চুলিৰ মাজত লুকুৱাই ৰাখিবি
জোনাকৰ লিহিৰিপতিয়া হাত
এইকনো নাইনে তোৰ সজাত ।
কাপোৰসাজ নসলাবি তই
বৰকৈ শুৱাইছে তোক
সৌন্দৰ্য সফুঁৰাৰ বিশাল সমূদ্ৰৰ
খনিকৰ সাজিছ মোক । । । ।
No comments:
Post a Comment