বালিৰে ধুসৰিত পথিকজনক পাইছিলোঁ
প্ৰাচীন মৰুপ্ৰান্ত পৰিভ্ৰমী উভোটাৰ পথত ।
আপোনমনে কৈছিল তেওঁ মৰুভূমিৰ কথা ,
শিলেৰে কটা মুণ্ডহীন বিশাল দুভৰিৰ কথা ,
বালিৰ বুকুত অৰ্ধাংশ ঢাকি
সিচৰিত হৈ শুই পৰা
খণ্ড বিখণ্ড মুখাবয়বৰ কথা ।
কপালৰ ভ্ৰূকুটি উৰ্ধত কৰা
বয়স্ক ওঠৰ শান্ত অভিব্যক্তিৰে
জীৱহীন শৈলস্তম্ভত আজিও সজীৱ
অতীতৰ কোনোবা আগ্ৰাসী জীৱনৰ বুৰঞ্জী ।
জীৱন্ত আজিও কঠিন শিলৰে কটা
বিদ্ৰুপেৰে প্ৰসাৰিত উচ্ছাভিমানী দুবাহু ,
প্ৰাপ্তিৰ গৰ্বৰে গৰ্বিত বুকু ।
স্তম্ভৰ পদটীকাত জিলিকিছে
যশস্যা খোদিত পৰিচয়
ঃ" মোৰ নাম ওজিমণ্ডিয়াছ । ৰজাৰো ৰজা ।
মোৰ খ্যাতি আৰু কৰ্মলৈ চোৱা ,
সৰ্বশক্তিশালী আৰু অদ্বিতীয় মই । "ঃ
সময়ৰৰ কোৱাল ধুমুহাৰে জৰ্জৰিত স্তম্ভ
অকলশৰীয়া ধংসপ্ৰাপ্ত ভগ্নাৱশেষ এতিয়া ।
দিগন্ত আগুৰা মৰুৰ নিঠৰুৱা উপহাস ,
অৱলুপ্ত ইতিহাস । । ।
( বি . দ্ৰ . সৰুতে দেউতাই কৈছিল সাধুকথাৰ ভাষাৰে । কলেজত পাঠ্যক্ৰমৰ ভিতৰতে পালো P.B. Shelly ৰ বিশ্ববিখ্যাত কবিতা "Ozymandias of Egypt " । এতিয়াও মাজেমাজে পঢ়ো মোৰ মনত দাগ কাটি যোৱা দেউতাৰ প্ৰিয় কবিতাটি । মই যিখিনি বুজিছো তাৰেই ভাবাৰ্থ লিখাৰ প্ৰয়াস কৰিলো । কবিতাটোৰ অনুবাদ কিন্তু নহয় এয়া । তেনে দুঃসাহস নকৰো ।)
No automatic alt text available.
No comments:
Post a Comment