"শৰতৰ ৰাতি"
''''''''''''''''''''''''''''''''''''''''''''''''
টুপে টুপে সৰিছে
ৰাতিৰ নিয়ৰৰ টোপাল ,
বতাহত বিয়পি পৰিছে
শেৱালিৰ সুবাস ।
মন মুগ্ধ হৈ পৰে
নিশাৰ পৃথিৱীত ।
শেষ নহয় যেন জোনাকৰ
সৈতে মনৰ ভাষা .,
নীৰৱ নীৰৱ চাৰিওদিশ
নীৰৱে পাতিছো কথা ।
কিন্তু নিশাবোৰ যেন
নিশা হৈ নাথাকে ,,
তালৈ নামি আহে
সূৰুযৰ কিৰণ ।
মুগ্ধ মনে সাৰ পায়
উঠে জোনাকক হেৰুৱাই ,
নসৰে আৰু টুপে টুপে নিয়ৰ
জানো কেনিনো লুকাই যায় !
শৰৎ ৰাতিৰ শেৱালিও মাথো
নিৰ্জীৱ হৈ পৰি ৰয় ।
No comments:
Post a Comment