"আশা"
সুমধুৰ জীৱনৰ ছন্দ ঘূৰাই পাইছো মই,
আশাৰ ৰঙীন বীজ জাগিছে
মোৰ ৰক্তকণিকাৰ প্ৰবাহত ।
উটি যাব বিচাৰিছো জীৱন সোতৰ নাৱত বহুদূৰলৈ...!!!
চিঞৰি চিঞৰি ক'বলৈ মন মোৰ
নাই যে নাই, মই হেৰুৱা নাই...!!!
মই আছো জীৱন নাৱতেই,
সূৰ্যাস্তও যেন
মোক নিবপৰা নাই নিজৰ লগতেই !
খামুচি ধৰিছো সকলো একাকাৰ কৰি
মোৰ জীৱন নাও...!!!
মনত জাগিছে অসীম হেপাঁহ,
প্ৰেৰণা লভিছো আজি
কেৱল আৰু কেৱল
নিভৃত হৃদয়ৰ কামনাত
কেৱল জীয়াই থকাৰ...!!!
সূৰ্যাস্ত নোহোৱালৈকে...!!!
-শ্ৰীহৰকুমাৰ নাথ-
No comments:
Post a Comment