Saturday, 26 November 2016

অজানা দিগন্তৰ পাৰ ভগা সময় - Chandan C Kalita

অজানা দিগন্তৰ পাৰ ভগা সময় কিছু ফুলে ভৰা কিছু কাইটে আবৰা জুমি চালে দেখিবা দিগন্তৰ সিপাৰে তোমাৰ ঠিকনা । গুণ গুণ পখিলা খেদা বতৰত সাউদৰ পুতেকৰ নাও বুৰিছিল যৌৱন মোহনাত চিলনিৰ জীয়েকৰ গাধোৱা ঘাটে প্ৰেমৰ পথে হাতবাউলি মাতিছিল অজানা আকাশত । হাতে হাত ধৰি ৰামধেনু গালেমুখে সানি উন্মাদ ধৰণিৰ পৰিধি চুমি যৌৱন নদীৰ নিলাজ মোহনা একাজলী প্ৰেমৰ বৰষাই ওফোন্দাই আনে পৰিধিৰ ঠিকনা নীলিম আকাশে।ও জানে দিগন্তৰ সিপাৰে থকা তোমাৰ হিয়াৰ যাতনা । প্ৰেম কিজানি এনেকুৱা এক যাযাবৰ সকৰুণ যন্ত্ৰণা ।

No comments:

Post a Comment