উৰুখা পঁজাৰ মূধচত তেতিয়াও
ধুমুহাক লঙ্ঘিব পৰাৰ আখৰা চলে,
তমালৰ আটিল বান্ধোনত চলে
এটি সপোন নিশ্চিন্ত হোৱাৰ কচৰৎ.।
আকাশৰ বুকুৰ নীলা খিনিত
আশাই খমলা বান্ধে,
সেউজীয়া বৰষুণত শৰীৰ তিতিব
আঙুলি এৰা আস্থাই পুনৰ সাজিব
বিশ্বাসৰ সুদৃঢ় প্ৰাচীৰ।
সেউজীয়া বুকুত জী ঊঠিব
একুকি শুভ্ৰ খৰিকাজাই।

No comments:
Post a Comment