Saturday, 3 December 2016

স্বাগতম নতুন দিনক - Juli Saikia

।‌।‌স্বাগতম নতুন দিনক ! ।‌।‌

শীতৰ  কুঁৱলী ফালি
ফাগুনৰ আঁহে-আঁহে
অংকুৰিত হৈ উঠে
বসন্তৰ সুন্দৰ সোপান ।‌

আমি গৈ থাকো
পুৰণিক ঠেলি-ঠেলি
নতুনৰ তালে--তালে
সৌ সুদূৰৰ দিগন্তৰ ,
সেন্দুৰীয়া সপোনৰ ফালে ।‌

এটি-দুটি জ্ঞানৰ কণিকা
য'ত পাওঁ সিন্ধুৰ সন্ধান ।‌
সেইয়া যে আমাৰ প্ৰাপ্য় ,
আমি নৱজীৱনৰ অভিলাষী ,
অসীমৰ যাত্ৰী ।‌

সংঘাতৰ শাণিত অস্ত্ৰ
আমাৰ পথৰ পাথেয় হয় ।‌
সুন্দৰৰ আৱাহন
আমাৰ আমোঘ মন্ত্ৰ ।‌

পুৰণিৰ পথাৰত
নতুনৰ মালা গাঁঠি
আমি আগুৱাওঁ ,
আমি যে ......
নতুন মঞ্চৰ যাত্ৰী !!

______________________জুলী শইকীয়া ।‌

No comments:

Post a Comment