অমাৱস্যাৰ আন্ধাৰত বিলীন
এটি জয়াল ৰাতি
জোনাক গলি শেষ হোৱা
এটি মিঠা আবেলি
পদুলিত জ্বলা চাকিগজ
আন্ধাৰতে হেৰাই
আধুনিকতাৰ দীপাৱলীয়ে
ধৰালৈ আন্ধাৰ নমাই
আইয়ে জ্বলোৱা চাকিগজ
আজি নজ্বলে দুনাই
আনন্দৰ দীপাৱলীয়ে আজি
কাৰোবাৰ বুকু কঁপাই
আহাচোন আকৌ এবাৰ
এক হৈ আগুৱাই
পৃথিৱী পোহৰাই তুলো
এগছি চাকি জ্বলাই ।।
==============
পংকু প্ৰিয়ম বাঢ়ৈ।।
No comments:
Post a Comment