Friday, 25 November 2016

A HEART TOUCHING PROSE BY-Minu Das

'শীতল কোলা 'ত উচ্চাসৰ বন্যা নামিছে। ৰত্নদা আহিব। ইমান দিনৰ মূৰত সপৰিয়ালে ৰত্নদা আহিব !!-----খবৰটো মোক সাদৰী বাইদেৱে phonot দিলে।
" তিলৰ পিঠা কেইখনমান পুৰি থৈছোঁ।সি বৰ ভাল পায় নহয়। " - - - - ফোনটোৰ সিটো মূৰৰ পৰা ভাঁহি আহা কথাষাৰ বাইদেউৰ হৃদয় ভৰি থকা পুত্ৰপ্ৰেমৰ আকুলতাঁই ঢৌৱাই লৈ আহিলে।
ৰত্নদা সাদৰী বাইদেউৰ একমাত্ৰ সন্তান । বৰ্তমান নতুন দিল্লীৰ স্থায়ী বাসিন্দা। এটা বহু জাতিক কোম্পানীৰ GM. সময়ৰ অভাৱত নে আন্তৰিকতাৰ অভাৱত নাজানো পৈতৃক ঘৰখনৰ প্ৰতি তেওঁৰ আকৰ্ষন একেবাৰে শূণ্য। তথাপিও আশাৰ খীন সোঁত এটা বাইদেউৰ হৃদয়ত অহৰহ প্ৰৱাহিত হয়।
"পৰীয়ে অসুবিধা পাব বুলি চুবুৰীৰ মালতীক মতাই ঘৰটোও সাৰি-পুছি থৈছোঁ। মনিৰামকো জালখন লৈ পুৱাই আহিবলৈ কৈ আহিছোঁ, ঘৰৰ পুখুৰীটোৰ মাছকেইটা মৰাব লাগিব। নাতি-নাতিনীহালে মাছ মাৰা দেখাই নাই নহয়।" - - - - ষাঠিৰোৰ্দ্ধৰ সাদৰীবাইদেউৰ আপত্য স্নেহ বিগলিত কথাকেইষাৰে মোক সকাহ দিলে। হওক তেও, দুদিনমানৰ কাৰণে হলেও বাইদেউৰ স্তব্ধ সময়ে গতি পাব। 'শীতল কোলাৰ' অপেক্ষাৰত বন্ধ কোঠাকেইটাৰ বতাহত মলঙি থকা আশাবোৰ পুনৰ সজীৱ হৈ পৰিব।বাইদেউৰ চলিহা পৰা চকুহালে জীৱন জীয়াই ৰখাৰ সমল বিচাৰি পাব।
***
পুৱা কলেজলৈ যোৱাৰ পথত ৰত্নদাক মাত লগাই যাও বুলি বাইদেউৰ ঘৰত সোমালোঁ। নঙলা মুখৰ পৰাই বাইদেউক বাৰান্দাত বহি থকা দেখা গ'ল। একেবাৰে কাষতে পকী মজিয়াত বহি থকা কুকুৰটোক কোলাত থকা পলিথিন এটাৰ পৰা তেওঁ কিবা ওলিয়াই খাবলৈ দিছে। মোৰ খোজৰ শব্দত এক্ষন্তেক ঘূৰি চাই বাইদেৱে আন্তৰিকতাৰে কলে "মুন আহিছ? আহ।"
মই বাৰান্দাৰ আনএটা দিশত থকা চকীখনত ত বহিবলৈ লৈ দুৱাৰমুখত ওলোমাই থোৱা পৰ্দাখনৰ সিটোপাৰৰ মানুহৰ উপস্থিতিৰ উমান ললো। বহুচেষ্টা কৰি একো ধৰিব নোৱাৰি বাইদেউক উদ্দেশ্য কৰি সুধিলোঁ - - 'ৰত্নদাহঁত - - - "
"এহ্ নাহিল, সময় নহ'ল হেনো- - - - - "মোৰ মুখৰ কথাখিনি শেষ নৌ হওঁতেই বাইদেৱে একপ্ৰকাৰ চিঞৰি কৈ উঠিল। ধীৰ মানুহজনীক অস্থিৰ দেখা গ' ল।
তাৰ পাছত কোলাত থকা পলিথিনৰ পেকেটটো কুকুৰটোৰ সন্মুখলৈ প্ৰচণ্ড বিৰক্তিৰে দলিয়াই দিলে। পিঠা কেইখনমান পেকেটটোৰ পৰা ওলাই দূৰলৈ চিটিকি গ'ল।
সাদৰী বাইদেউৰ আবেগবোৰ যেন পেকেটৰ পৰা ওলাই মজিয়াখনত সিঁচৰিত হৈ পৰি থাকিল।মই বাক ৰুদ্ধ হৈ পৰিলোঁ। চৌপাশ মৰিশালিৰ মৌনতাই আগুৰি ধৰিলেহি।
" তই বহ, চাহ আনোগৈ। বৰ পিয়াহ লাগিছে। "----ভাগৰুৱা খোজেৰে বাইদেউ ভিতৰলৈ সোমাই গ'ল।
পুত্ৰৰ স্নেহ তৃষ্ণাত আতুৰ এগৰাকী বৃদ্ধা। মোৰ বুকুখন বিষাই উঠিল। কুকুৰটোৱে অ'ত ত'ত পৰি থকা পিঠাবোৰ এফালৰ পৰা চোবাই গ'ল।**********
( মোৰ জন্মদাত্ৰী মাৰ হাতত দিলোঁ। "মা মই তোমাৰ লগত সদায়ে থাকিম । তোমাৰ আচলৰ উমখিনিৰ যে ভিক্ষাৰী মই।" )
LikeShow More Reactions
Comment

No comments:

Post a Comment