Sunday, 20 November 2016

বিয়া নাম - Naba Kalita

-- বিয়া নাম ---- গছৰ ডাল ভাগিব গুটিৰে ভৰত, দেউতাৰ ঘৰ ভাগিব সৰু জী ৰ লগত । মা এ কান্দিব বটাতি লৈ , স্বাধীন ঘৰ এখনি পাব কালিলৈ । দাদায়ে কান্দিছে বিছনাত বহি , ভণ্টি গুচি গ'লে কি হ'ব গতি ' নাকান্দা দাদা ঐ কান্দিব নাপায় , অত টকা ভাঙি এৰি থৈ নাজায়। নবৌ তুমি সজাই পৰাই বান্ধি দিয়া চুলি , দাদা তুমি আজ্ঞা কৰা বিয়া দিমে বুলি । মা তুমি ঘৰত থাকা সভাত বহু গৈ, দেউতা তুমি বাক্য কৰা স্বামী বৰো গৈ । ভণ্টি তুমি ঘৰত থাকা চাবি কাঠি লৈ , ভাইটি তুমি সময় পালে যাবা মোৰ ঘৰলৈ ।

No comments:

Post a Comment