সঠিক পথৰ সন্ধানত
--------------------------------------
কেতিয়াবা জীৱনৰ চাকনৈয়াত
হাবু-ডুবু খাই
সঠিক পথ বিচাৰি ফুৰোতে
বহুটো মূল্যবান সময়
অপচয় হয় ,
জীৱনৰ
একা বেকা পথেৰে গৈ থাকোতে
বহুতো বাধা বিঘিনি
পাৰ হব লগা হয়
কাৰণ
সকলো পথৰেই থাকে
একোটা উপ পথ
আৰু থাকে
একোটা বিপৰীত পথ ,
জীৱন যাত্ৰাৰ পথৰো থাকে
বহুতো উপপথ
সুখ-দুখ , হাঁহি -কান্দোন
ঘাট-প্ৰতিঘাট --------
জন্মৰ পিছত মৃত্যুৰ
ভালপোৱাৰ পিছত বিচ্ছেদৰ ।
কিন্তু
পথ এৰি আকৌ পথৰেই সন্ধান কৰো
চকুৰ পৰা চকুলৈ
হৃদয়ৰ পৰা হৃদয়লৈ
হেৰুওৱা অতীতৰ পৰা
বুজি নোপোৱা ভৱিষ্যতলৈ ।।
No comments:
Post a Comment