-----====----
পোহৰ মাথো পোহৰ ,
এন্ধাৰে
চেগ বুজি ঢাৰি পাতি লৈছে ,
বৈধতাৰ পাহাৰত
বনজুই লাগিছে ,
অধৰত
ওলমি থকা সপোনটোৱে
খিৰিকীৰ পৰ্দাখন
ঠেলি দিছিল ,
কিন্তু
ক'তা
তুমি দেখো একোৱেই নকলা
মাথো
সেমেকা নয়নেৰে দুগাল তিয়াই
উপহাৰ দিলা
মৌনতা , নিসংগতা , আৰু নিৰ্জনতা ।।
No comments:
Post a Comment