ওভতনি
--------------------------------------------
দেৱদাৰুৰ ফেৰেঙনিত লাগি
ৰৈ অাছে জোনটো
পাহৰণিৰ পথাৰ খান্দি
মই অাকৌ চুই চাওঁ
হেৰোৱা সময়ৰ চেচোঁৰ
দেৱদাৰুৰ ফেৰেঙনি হয়
মোৰ কেটেপাখন
জোনটো বাটলুগুটি
ভাঙি চাওঁ নেকি
সোৱঁৰণিৰ খেজুৰ গছত
ওলমি থকা
জীৱনৰ মাটিৰ কলহ?
No comments:
Post a Comment