Saturday, 12 November 2016

ভালপোৱা - Naba Kalita

......॥ ভালপোৱা ॥....... .... অভিশপ্ত নিশাৰ এটি জাৰজ সপোন নহয় যেন কাৰোৱে আপোন ॥ ..... ভাষাহীন কণ্ঠৰে নিগৰা মোৰ চন্দহীন কবিতা , তাতে নীৰৱে উচুপি উঠে তোমাৰ প্ৰেৰণা ॥ .... বৰ্ণময় শব্দৰ ঢৌৱে ঢৌৱে কেতিয়াবা উচুপনি কেতিয়াবা হাঁহিৰ খলকনি ॥ ... জীৱন কেনভাচত সাতোৰঙী হৃদয়ৰ ছঁবি প্ৰাণত পাহ মেলে হৃদয় মনে বান্ধিলেও নাটে বুজালেও নুবুজে ॥ ..... যিমানে পুৰণ হয় সিমানে দীঘল হয় ঢাপে ঢাপে আগুৱাই অভাৱৰ বিস্তৃত তালিকা ॥

No comments:

Post a Comment