বৃত্তৰ পৰিধি ভাঙি
-------------------------
পঢা় মেজৰ খিৰিকীৰে দেখা
মাধুৰিজোপাৰ তলতে
সৌৱা মোৰ শৈশৱ
ডালত ওলমি থকা
পকা মাধুৰিটো চিঙিব নোৱাৰি
ঠেহত মুখ ওফন্দাই আছে।
গৰখীয়াৰ নিজান দুপৰীয়াত
চাই থাক চিঙি আনিম তোক
ঐ অভিমানী মাধুৰি,
ৰহ! মই অলপ ডাঙৰ হৈ লওঁ
লেটেকু পনিয়ল ৰৈ থাকিবি
মোৰ বাহুৰ শকতিলৈ
ফৰ্মুটীয়াই পাৰি খাম তহতঁৰ
মিঠা অহংকাৰ।
সময় বাগৰিল.....!
বাটচৰাৰ পৰা নঙলা মুখলৈ নোযোৱা
ভৰিৰ তলত সৰ্পিল পথৰ কুণ্ডলী ।
মাধুৰি লেটেকু পনিয়লজোপা তাতেই আছে
একেই আছে সিহতঁৰ ঠিকনা,
মই নাই
মোৰ ঠিকনা হেৰুৱালো
আচলতে এটা পথৰ পৰা
আৰু এটা পথৰ যাত্ৰাত বন্দী হ'লো
ওখতকৈও ওখ হ'লো
আকাশ চুবলৈ বাহু মেলিলো।
সময় বাগৰিল.....!
বিচনাৰ কাষতে থকা খিৰিকীৰে চালো
হেঙুলী সূৰুযত জিলিকিছে
এটা পকা মাধুৰিৰ হাহিঁ ।
বাহুৰ সমস্ত শকতিৰে ফৰ্মুটীয়ালো
মাধুৰিলৈ বুলি
মই ঠিকনা হেৰুওৱা নাই
ৰৈ থাক লেটেকু পনিয়ল
শৈশৱ মোৰ বুকুতে।।।
................................... ভাস্ক
-------------------------
পঢা় মেজৰ খিৰিকীৰে দেখা
মাধুৰিজোপাৰ তলতে
সৌৱা মোৰ শৈশৱ
ডালত ওলমি থকা
পকা মাধুৰিটো চিঙিব নোৱাৰি
ঠেহত মুখ ওফন্দাই আছে।
গৰখীয়াৰ নিজান দুপৰীয়াত
চাই থাক চিঙি আনিম তোক
ঐ অভিমানী মাধুৰি,
ৰহ! মই অলপ ডাঙৰ হৈ লওঁ
লেটেকু পনিয়ল ৰৈ থাকিবি
মোৰ বাহুৰ শকতিলৈ
ফৰ্মুটীয়াই পাৰি খাম তহতঁৰ
মিঠা অহংকাৰ।
সময় বাগৰিল.....!
বাটচৰাৰ পৰা নঙলা মুখলৈ নোযোৱা
ভৰিৰ তলত সৰ্পিল পথৰ কুণ্ডলী ।
মাধুৰি লেটেকু পনিয়লজোপা তাতেই আছে
একেই আছে সিহতঁৰ ঠিকনা,
মই নাই
মোৰ ঠিকনা হেৰুৱালো
আচলতে এটা পথৰ পৰা
আৰু এটা পথৰ যাত্ৰাত বন্দী হ'লো
ওখতকৈও ওখ হ'লো
আকাশ চুবলৈ বাহু মেলিলো।
সময় বাগৰিল.....!
বিচনাৰ কাষতে থকা খিৰিকীৰে চালো
হেঙুলী সূৰুযত জিলিকিছে
এটা পকা মাধুৰিৰ হাহিঁ ।
বাহুৰ সমস্ত শকতিৰে ফৰ্মুটীয়ালো
মাধুৰিলৈ বুলি
মই ঠিকনা হেৰুওৱা নাই
ৰৈ থাক লেটেকু পনিয়ল
শৈশৱ মোৰ বুকুতে।।।
................................... ভাস্ক

No comments:
Post a Comment