Monday, 14 November 2016

জীৱন বাটৰ তিতা মিঠা-Anupam Das Babakon




+++জীৱন বাটৰ তিতা মিঠা+++
@অনুপম দাস@
স্হান:গণেশ ঘাট ,তেজপুৰ
এনেই ম'বাইল লিৰিকি বিদাৰি বেঞ্চত বহি আছো।সমুখত তিনিজন কুমলীয়া ডেকাই কথা পাতি আছে।প্রতিটো বাক্য কাণত পৰিছেহি মোৰ.....
----প্রিন্সে নতুন পালচাৰ 220 এখন ল'লে বে' !
,,,,,জানো..ভাই কিন্তু ইমান টকা ক'ত পাই হাঁ?
-----মাকে দিয়ে আকৌ
,,,,,মাকে ক'ৰ পৰা পাই ?
-----চৰকাৰে কিবা মাটি ল'লে ৰাস্তা বনাবলৈ..তাৰে টকা পালে
,,,,,বাহ!বিচাৰিলে পইছা দি দিয়ে
লাক দেই(অবাইচ)
-----হি হি নিদি পাৰে ? মোৰ চামনত মাকৰ ডিঙিত চেপা মাৰি ধৰিছিল এদিন সি..
,,,,,,হা হা আগতে মাক দেইৰী ফার্ম
আছিল ,এতিয়া এ টি এম হ'ল
মোৰ মনটো খং আৰু ঘৃণাৰে ভৰি পৰিল।কি অধঃপতন নতুন চামৰ।
হঠাতে এটা ল'ৰা থিয় হ'ল।
---মই যাও দে
,,,,ৰ না বে অলপ টাইম
-----নাই নাই যাওঁ দে..মাক টেবলেট খুৱাব লাগে অ'..জানই নহয় চব মোৰ ওপৰতে..
,,,,অঁ।যা যা তই
হঠাতে মোৰ মনটো মুকলি মুকলি লাগি গ'ল ...ভালৰ সংখ্যা এতিয়াও কমা নাই সমাজত
ভালে বেয়াক জিকিব নিদিয়ে কেতিয়াও..
মইও জানো
আপুনিও জানে
LikeShow More Reactions
Comment

No comments:

Post a Comment