আকৌ এবাৰ কোঁচ-মোচ খাই সোমাই থাকিম যেন!
হাত-ভৰি-মুখ কোঁচাই!
এটি পিণ্ড হৈ থাকিম , হ'ব !!
প্ৰাণবায়ু মোক নালাগে,
লাগে মাথো তোৰ উষ্ণতা ।
তই কঢ়িয়াই লৈ ফুৰিবি মোক,
অসাৱধানতাৰ ভয় নোহোৱাকে ।
ক' , তই আকৌ এবাৰ লৈ ফুৰিবি মোক !
তোৰ গৰ্ভত নাড়ীৰ স'তে বিচ্ছিন্ন নোহোৱাকে !
মই আকৌ এবাৰ সোমাব খোজো সেই প্ৰদেশত,
য'ত সৌৰজগতৰ সূৰ্য্য অবিহনেই
মোৰ সূৰ্য্যই পোহৰ বিলায় !!
No comments:
Post a Comment