Wednesday, 16 November 2016

মই তোৰ পদুলিত ফুলিম ওৰে ৰাতি এপাহ শেৱালি হৈ - Moukuhi Saikia

মই তোৰ পদুলিত ফুলিম ওৰে ৰাতি এপাহ শেৱালি হৈ °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° ককাইটি অ' উঠচোন উঠ সেইয়া শুনিছনে নৈখনে এতিয়াও ৰৈ ৰৈ উচুপি আছে আউসী নিশাৰ কবৰ খন্দা জোনকী জাক দেখিলেই নৈ খনে ৰাউচি জুৰিবলৈ ধৰে গধূলি হ'লেই জোনটো কিয় নামে ককাইটি নৈ খনৰ বুকুলে? শুনিছনে,,, কালি বোলে নৈ পৰীয়া চিৰাল ফটা দিয়া পকা চপৰাত পুৰণি আপং গিলি দুপৰীয়া এটাই লুটি খাই মৰি আছিল মাছৰোকা এটাই চোঁ‌ মাৰি আহি হাড়ৰ মজ্জাৰ পৰা মুগা বৰণীয়া ঘূণপোক এটা ধৰি নি গিলি থৈছিল ঘূণে ধৰা বুকুৱেদি খলখলাই বৈ গৈছিল কেঁ‌ছা তেজৰ সূঁ‌তি এটি। ককাইটি অ' উঠ চোন পুৱাৰ বতাহ ছাটি ব'বলৈ ল'লেই জোনটোও পশ্চিম আকাশত লুকালগৈ চাগে---- এতিয়া কি ঋতু ককাইটি শৰৎ নে হেমন্ত বতাহ জাকত সেইয়া শেৱালি ফুল নে হালধীয়া ঋতুৰ সুগন্ধ? শুনিছো,যোৱা ৰাতি উজনি ফালৰ পৰা উটি অহা জাঁ‌জী এটি নৈ-ৰ দৰিয়ঁ‌লিত লাগি ধৰিছিল হেনো জোনৰ পোহৰত চিকমিকাই উঠিছিল জাঁ‌জীৰ মাজডোখৰ তৰা বুলি উবুৰি খাই পৰিছিল উটনুৱা চগাৰ জাক এটি কোনে জানে কাৰ হাতৰ পৰশত ঠন ধৰি উঠিছিল শেৱালি। দৰিয়ঁ‌লিত জীপ লোৱা জাঁ‌জী যোৱা বাটেই উটি গ'ল কাৰ বুকুৰ শেৱালি কাৰ বুকুত বা জাহ গ'ল? তেতিয়াৰ পৰাই নৈ খনে কান্দিবলৈ লৈছিল---- ককাইটি অ' জোন মৰি জোনাক হোৱা ৰাতি এটাত মইও ফুলিম তোৰ বুকুত এপাহ শেৱালি হৈ ৰাতি ফুলা শেৱালি জাকৰ এপাহ থ'বি তোৰ বুকুৰ কোণত এপাহ দিবি ভগা নৈ খনৰ বুকুত বুকুৰ শেৱালি পাহ হৈ মই সংগোপনে ফুলিম তোৰ পদুলিত--- ওৰে ৰাতি,উজাগৰে-----।

No comments:

Post a Comment